পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চদশ অধ্যায়


পৰ্ব্বতৰ ওপৰত

 এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ দুমাহ সময় অতীত হৈ গল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জঙ্কিয়ে পানেইৰে সৈতে কথা-বতৰা পাতিবলৈ সুবিধা পালে। পানেয়ে জঙ্কিক কলে—"জঙ্কি মোক ভেবেলিচুকৰ পৰা চিলি মিৰিয়ে ধৰি নিয়ে। সেই চিলি মিৰিৰ দেশত চাৰি মাহ থাকোঁ। তাৰ পিছত মই যি ঘৰত আছিলোঁ সেই মানুহ ঘৰক ইহঁতে কাটি-মাৰি আমাক বন্দী কৰি আনিছে। তইনো এইখিনি কেনেকৈ পালিহি?" এই কথাত জঙ্কিয়ে কলে—"পানেই, মোকো তোক বিচাৰি ফুৰোঁতে এই গাছি মিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব নোৱাৰোঁনে?"

 পানেয়ে কলে—"এই গাছি মিৰিহঁতে সদায় আমাৰ ওপৰত চকু ৰাখে। পলোৱা বৰ টান। যাহক তই চল চাই এনিশা আহিবি। হাতত সাৰে ভৰিত সাৰে বেৰত টিকিলি মাৰিবি। মই ওলাই আহিম, দুয়ো পলাম।"

 এই দুমাহৰ ভিতৰত জঙ্কিয়ে পানেই সৈতে মুঠেই এইকেইষাৰ কথাহে কবলৈ পালে; কিন্তু দুয়ো পলাবলৈ চল চোৱাৰ কম নকৰিলে। দুয়োৰে একে অৱস্থা, দুইকো দুঘৰ পৰ্ব্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই দুমাহৰ ভিতৰত পানেই যি মিৰি ঘৰত আছিল সেই মিৰি ঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানেইক তাৰ