পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গছৰ তলত বহি লোৱা মাত্ৰকে ভাগৰে হে'চা মাৰি ধৰিলে। পৰ্ব্বত এটা মূৰত লোৱাৰ সমান গা গধুৰ লাগি পৰিল। তদুপৰি ভৰিৰ ৰমৰমনি, ভমভমনি, খোচ্‌ খাই ঘা লগা অঙ্গৰ চেক্‌-চেকনি, ভকভকনিত জ্বৰে-বিষে একেঠাই হৈ উঠাৰ নিচিনা লাগিল। মই যেন সেই ফালেই পৰি যাম! পৰি যেন আৰু নুঠিম! একেবাৰে নুঠা হব পাৰিলেই যেন মই পৰিত্ৰাণ পাওঁ! এইভাৱে গা-মন অৱশ হৈ আহিল। এৰি যোৱা ভাবনাৰ সোঁত আকৌ বৈ আহিল। ভাবিলোঁ, আজি মই কত? আজি মই কোন্‌? ― আজি মই মুকলি পথাৰত, অকলশৰীয়া গছৰ তলত! আজি মই বাটৰ মাগনী? উপজিবৰেপৰা মই এনে মুকলি পথাৰৰ মাজত পৰা নাই। দশোদিশ চাই পঠিয়ালে এনে লাগে, যেন ঈশ্বৰে আজি মোক আকাশৰ তলত নিচেই অকলশৰীয়া কৰি এটা মায়া-চৰুৰ ঢাকনিৰে ঢাকি থৈছে। যিমানলৈকে দেখিছোঁ কেইওপিনে যেন আকাশ মাটিত লাগিছে। এই বহল ৰাজ্যৰ ভিতৰত শুদা ৰাজপাত খাবলৈ যেন মোক ঈশ্বৰে অকলৈ ৰাজ-ৰাজেশ্বৰী পাতিছে। আলাসত উটি-ফুৰা চৰাই-চিৰ্‌কতিবোৰৰ আৱ-ভাৱ চাই সৃষ্টি-লীলা বুজিবলৈ যেন ইয়াত অকলে আসন পাইছোঁ। ওপৰত বনাই-ফুৰা চিলনীবোৰলৈ একেৰাহে চাই থাকিলে এনে লাগে, যেন সিহঁত উলাহত উটি ফুৰিছে। মাজে মাজে চিঁ-ইঁ-ইঁ, সুৰেৰে কাতৰভাৱে মাতিলে আকৌ এনে লাগে, যেন সেই দুৰ্ভগীয়া চৰাইকিটি জিৰণিৰ থলহীন হৈ, অমাই-কমাই ফুৰিছে! সিহঁতৰ এনে ভাব-গতি দেখি খন্তেকলৈ মোৰ ভাগৰ-বেজাৰ পাতল লাগি যায়। কিয়নো, মই তেওঁ জিৰাবলৈকে এফেৰি থল পাইছোঁ, সিহঁতৰ সিও নাই। এনেবোৰ ভাবে মোক সেই মুহূৰ্ত্তৰ নিমিত্তে ক'ৰবালৈ উৰুৱাই নিয়াদি নিলে। গছৰ গাত আঁউজি বহি থাকোঁতেই মোৰ চকু মুদ্‌ খাই আহিল।