পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চিল্‌মিল্‌কৈ টোপনি এঘুমটি আহিছিল; আকৌ চ'ক্‌ খাই উঠিলোঁ। সাৰ পোৱা মাত্ৰকে শোকে খুন্দি আনিলে। সেই টোপনিফেৰিতে মই দেউতা আৰু গোহাঞিদেৱক সপোনত দেখিছিলোঁ। দুয়ো মোক বিচাৰি বাউল হৈ ফুৰিছে। দেহিঐ, মনত পৰিলে হিয়া ফাটি যায় যেন লাগে। মোৰ দেউতাই নো মোক নেদেখাকৈ কেনেকৈ আছে! পুৱা মোক বিচাৰি নাপাই জানো শোকত বিহ্বল হৈ পৰিছে। কেইওপিনে মোক চিঁয়ৰি খলক লগাইছে জানো। আৰু গোহাঞিদেৱ! মোৰ প্ৰাণেশ্বৰ গোহাঞিদেৱো জানো বিহ্বল হৈ পৰিছে। কিন্তু এটা কথা। গোহাঞিদেৱে যদি মোৰ চিঠিখন পাইছে, তেন্তে তেওঁ মনে মনে সকলো বুজি পাইছে। কিন্তু, আৰু এটা কথা। জানোবা মোৰ চিঠি পায়েই, তেওঁ মোক বিচাৰি আহিছে। তেনে হলে, কি জানিবা তেওঁ মোক ইয়াত পায়হিয়েই! এই কথা মনত খেলোৱা মাত্ৰকে আকৌ গিৰিপ্‌কৰে উঠিলোঁ। আৰু এছোৱা কোবা-কুবিকৈ গৈ নিলগত এখন গাওঁ দেখিলোঁ। গাঁৱৰ ওচৰ চাপোঁ মানে ভোকে-পিয়াহে মোক জুমুৰি দি ধৰে। পিচে, অতি কষ্টে চুচৰি যোৱাদি গৈ এঘৰৰ পদূলিমুখত থিয় হলোঁগৈ। দেখিলোঁ, আদহীয়া তিৰোতা এজনীয়ে শাকনিত খুতুৰা শাক তুলিছে। মই তাইৰ ওচৰ চাপি কাতৰভাৱে কলোঁগৈ, "আই, মোৰ বৰ পিয়াহ লাগিছে। এটুপি পানী খুৱাব পাৰাঁ নে?" মানুহজনীক জানিবা জোকাই কিল্‌ হে খালোঁ। তাই মোক পেঙলাই কৰি কলে, "বাৰু, মোৰ বোপাই নুখুৱাম নো কিয়? আমাৰ কিবা বন কৰি আহিছে?" এই বুলি তাই আকৌ শাক তুলিবলৈ লাগিল। মই তাৰপৰা বেজাৰ মনেৰে আঁতৰি গৈ আৰু এঘৰৰ এজনীক আতুৰভাৱে এটুপি পানী খুজিলোঁ। ইজনীয়ে মুঠেই চুই হে নিকিলালে। তাই মুখখন ভেঙুৰা-ভেঙুৰিকৈ দেখুৱাই কেইআষাৰমান অবাইচ্‌ মাত মাতি মোৰ ওচৰেদি ভোঁ-ভোঁৱাই গুচি গ'ল। মোক শোকে-ভোকে-পিয়াহে খুন্দা মাৰি