পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সপ্তম আধ্যা

অতিথিৰ থিতি

জীৱনত সেইদিনা মই ৰাতিপুউৱা দেখিলোঁ। দিনৰ পাচত সন্ধিয়া লগা বহুত দেখিছোঁ। পোহৰ কেনেকৈ আন্ধাৰত লুকায়গৈ, ভালেমানদিন মন কৰি কৰি আহিছোঁ। কিন্তু, ৰাতিৰ পাচত ৰাতিপুউৱা সেইদিনা হে মই প্ৰথম দেখিলোঁ। পোহৰৰ আগত আন্ধাৰ কেনেকৈ ক্ৰমাৎ শেঁতা পৰি লয় পায়, সেইদিনাহে মোৰ চকুত ভালকৈ পৰিল। তাৰ লগতে মোৰ মনত আৰু এটা কথা বৰকৈ লাগিল। সংসাৰৰ সুখ-দুখৰ এটা স্বাভাৱিক ৰূপ সেইদিনা মোৰ মনত বেচকৈ লাগিল। দিনৰ পাচত যেনেকৈ ৰাতি হয়, পোহৰ যি ভাৱে আন্ধাৰত মাৰ যায়, মানুহৰো সুখৰ পাচত দুখ হয়, শোকৰ পীড়নত সন্তোষ লয় পায়। ইয়াৰ আৰ্হি মানুহে নিতৌ দেখে। ময়ো দেখিছিলোঁ। আকৌ, ৰাতিৰ পাচত যি নিয়মে দিন আহে, আন্ধাৰ যি ভাৱে পোহৰত মাৰ যায়, মানুহৰো সেইদৰে দুখৰ পাচত সুখ হয়, শোকৰ পীড়ন সন্তোষৰ অনুভৱে শাঁত লগায়। ইয়াৰ আৰ্হি কিন্তু মানুহে সততে দেখা নাপায়। মোৰ নিচিনাকৈ কাচিত-কেতিয়াবা যি চকুৰে ৰাতিপুউৱা দেখিছে, সি হে এই আৰ্হিৰ ধাৰণা কৰিব পাৰিছে। সেইদিনা গছৰ তলত ততালিকে মোৰ মনত এনে এটা ভাব আহিল, দেহি ঐ, সংসাৰত মোৰ দুখৰ নিশা এই নিচিনাকৈ পুৱাব নে! এই ভাব উঠা মাত্ৰে নানা চিন্তাই মন অস্থিৰ কৰি তুলিলে, শোকৰ চেপাত দুধাৰি চকু-লো দুগালে বৈ পৰিল।