পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাহিৰ ওলাই চোতালত ভৰি দিলোঁহি, এনেতে গছৰ ডালত ফেঁচাই কু-ৰু-ৰু কৰি উৰুলি দিলে। মই মনতে শলাগিলোঁ "ভাল কথা, মোৰ বিয়া হৈছে উৰুলি দিয়া।" তাৰ পৰা মই লাহে লাহে গৈ গোহাঞিদেৱৰ শোৱনীঘৰৰ কাষ চাপিলোঁগৈ। এবাৰ বেৰ-জলঙাইদি জুমি চালোঁ। দেখিলো, চাকিটি ধিমিক্-ধামাককৈ জ্বলি আছে। গোহাঞিদেৱে সাজ নসলোৱাকৈ বিছনাত পৰি দীঘল দি আছে; টোপনি নে সাৰেৰে নিটাল মাৰি আছে তত্‌ ধৰিব নোৱাৰিলো। মোৰ হাতৰ মুঠিতে চিঠিখন, কিন্তু বেৰ সৰকাবলৈ সাহ যোৱা নাই। কি কৰিম, ইফালে ভিতৰত কোনোবা সাৰ পাই উঠে যেন লাগিছে। গোহাঞিদেৱে গম্‌ পালেও সৰ্ব্বনাশ ঘটে! একো স্থিৰ কৰিব নোৱাৰি উচপিচাই আছোঁ। এনেতে, কোনোবা লগুৱা এটাই টোপনিতে বলকি উঠিল। সি 'কোন্‌ কোন্' বোলা যেন মোৰ কাণত বাজিলহি। -মই ঘামি উঠিলো। মোৰ গাত তত্ নোহোৱা হ'ল। ভাবিবৰ আৰু সময় নহল। কণামুনাকৈ চিঠিখন বেৰ সৰকাই দি, ভিৰাই লৰ ধৰিলোঁ। আঁতৰিবৰ সময়ত গোহাঞিদেৱক থিয় হোৱা যেন দেখি আহিলোঁ। মই উলটি চোৱা নাই, ভঁৰালঘৰৰ আঁৰ লৈ প্ৰাণকাতৰে লৰ ধৰিছোঁ। পিচলৈ মই মন কৰা নাই, -গাৰ চেলেংখনৰ একাঁচল মাটিত চুঁচৰি শুকান গছপাতত লাগি জৰজৰাই গৈছে। মোৰ ভাব হ'ল, লগুৱাটোৱে নে গোহাঞিদেৱেই মোক পিচে পিচে খেদি আহিছে। উলটি চোৱা নাই, প্ৰাণকাতৰে লৰিছোঁ। কিন্তু, কোন ফালে কলৈ গৈছোঁ কব নোৱাৰোঁ। তথাপি লৰিছোঁ, উলটি চোৱা নাই। পাচলৈ, উশাহ নোপোৱা হলোঁ। বুকুত বতাহে খুন্দা মাৰি ধৰিলে। আৰু এখোজমানো আগ বাঢ়িবলৈ শক্তি নোহোৱা হ'ল। বহি পৰিলোঁ। বহুত আহিলোঁ যেন লাগিল। কিন্তু, অলপ পৰ উশাহ লৈ চাওঁ, দেখোন তেতিয়াও মই আমাৰ টোলৰ দাঁতিতে! জিৰাবৰ সময় নাই। আকৌ ................ টানিমানি আকৌ লৰ ধৰিলোঁ। এইবাৰ দক্ষিণ