পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজায়ো তেওঁক অপৰাধী কৰিবৰ আশঙ্কা থাকে। গোহাঞিদেৱে মনৰ বেজাৰত বিপদলৈ পিঠি দিছে হয়, কিন্তু ৰজাই তেওঁক বিচৰাই ধৰাই আনি ইয়াৰ প্ৰতিশোধ ল'ব। ৰাজকোঁৱৰৰ বিয়াত বিঘিনি জন্মোৱাটো সামান্য অপৰাধৰ কথা নহব। তেতিয়া হলে, এই দুখুনীৰ দুয়ো কূল হেৰাব। গোহাঞিদেৱৰ প্ৰাণলৈকো আশঙ্কা; আৰু ময়ো জীৱন্তে অনাথিনী হম। এতেকে, বিয়াৰ বিঘিনি ঘটোৱাত কেতিয়াও গোহাঞিদেৱক কাৰণ হবলৈ নিদিওঁ। কিন্তু, কি উপায়েৰে এই অসাধ্য সাধন কৰোঁ! বিয়াৰ বিঘিনি সম্পূৰ্ণে ময়ে নহলে, আৰু অইন উপায় নেদেখোঁ। বিয়া মই ভঙ্গাটো নহলে, ইয়াৰ বিষময় ফল গোহাঞিদেৱ আৰু দেউতাৰ গাত ফলিয়াব। এতেকে, ভাবি পাইছোঁ, ঘৰৰপৰা মই বাজ হোৱাটোৱেই আটাইতকৈ ভাল উপায়।

এই কথা অতি গুপুত। কিন্তু, মোৰ যোৱাৰ উদ্দেশ্য ভালকৈ ভাঙ্গি কৈ নগলে, গোহাঞিদেৱে পাচতো গোলমাল লগাব পাৰে। তেওঁ যদি আগৰ কথামতে দুদিনৰ মূৰত, মই যোৱাৰ পাচতো যায়, তেতিয়া হলেও সকলোৱে ভাবিব যে, এইবোৰ দুইৰো কেতিয়াবাৰেপৰা আলচ। পিচে, কি উপায়ে তেওঁক এই কথা জনাওঁ? মুখেৰে কবলৈ গলেও, গোহাঞিদেৱ আগ হ'ব। তেওঁ মোক কেতিয়াও যাবলৈ নিদিয়ে। এতেকে, চিঠিৰে জনোৱাটোৱেই সবাতকৈ ভাল উপায়। যাবৰ সময়ত বেৰ সৰকাই চিঠিখন তেওঁৰ শোৱা কোঠাত পেলাই থৈ যাম।ইয়াকে স্থিৰ কৰি লৰালৰিকৈ চিঠি লিখিবলৈ বহিলোঁ। অলপ সময়ৰ ভিতৰতে চিঠিত ভালেমান কথা লিখিলোঁ। চিঠি বৰ দীঘল হ'ল। তথাপি দুবাৰ ঘূৰাই ঘূৰাই পঢ়িলোঁ। পঢ়ি আঁচলৰ আগত বান্ধি থলোঁ।

ভাত-পানী খোৱা হ'ল। দেউতাক মুহুদিৰ তামোল কাটি দিলো। বৰ হেঁপাহেৰে আৰু দুখনি কাটি থুৰিয়াই দেউতাৰ তামোল খোৱা বটাত লাহেকৈ থলোঁগৈ। দেউতা শুইছিল গৈ। মোক বটাৰ কাষলৈ