পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


জোপাটোকে কিবা এটা বহি থকাৰ দৰে দেখি যাওঁ। একোবাৰ ধৰিলেহি ধৰিলেহি যেন লাগি যায়; মই থিতাতে মাটিত চেপেটা লাগোঁ। এইদৰে আধামৰা হৈ যাওঁতে যাওঁতে চাপৰিতো এৰাই গলোঁ। আৰু ঢেৰেকনি, ধুমুহা, বৰষুণে অলপ শাম কাটিবলৈ ধৰিলে। ইয়াৰ অলপ পাচতে বতৰ আকৌ মুকলি হ’ল। আকাশত তৰাবিলাক আকৌ জিলিকি উঠিল। আন্ধাৰ ৰাতি বুলিও, বাট-পথ আৰু দাঁতি-কাষৰৰ উৱাদিহ ধৰিব পৰা হলোঁ। দেখিলোঁ, আগত এখন সৰু পথাৰ। আৰু অলপ গলেই পথাৰৰ মাজত এজুপি অকলশৰীয়া গছ পায়গৈ। গছজুপি পাতে-চোতে গপ্‌গপীয়া। তলখন জিৰণিৰ থল যেন লাগিল। লৰালৰিকৈ গৈ গছৰ তলত থিয় হলোঁ। আৰু এখন এখনকৈ গাৰ তিতা কাপোৰকেখন চেপি, আকৌ আগৰ দৰে ভালকৈ পিন্ধি ললোঁ। এনেতে, লাহে লাহে পোহৰৰ আভাস পোৱা গ’ল। পূব-ফালে ক্ৰমাৎ সেন্দুৰীয়া হৈ আহিল। ধীৰে ধীৰে আন্ধাৰৰ ক'লা বৰণে পোহৰৰ মুকলি বৰণ ধৰি আহিল। চাওঁতে চাওঁতে ৰাতিৰ আন্ধাৰ পুৱাৰ পোহৰত লয় পালে। ময়ো লাহেকৈ গছৰ তলত গুটি সৰি পৰাদি পৰি বহি পৰিলোঁ।