পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগা পাণ-তামোলবোৰ লৰালৰিকৈ বকৰাণিত পেলাই দি বটাটো চিন মাৰি ধুই পেলালোঁ। তাৰ পাচত, কটা-আঙুলিত চূণ-পাণ বান্ধি, বাহিৰলৈ ওলাই আহি দেখোঁ যে, গোহাঞিদেৱক পিচে পিচে লৈ দেউতা বাট-চ'ৰা পাইছেহি! মই লৰ মাৰি আকৌ ভিতৰ সোমালোঁগৈ। কটা আঙুলিৰ বিষ ততালিকে গম নোপোৱা হলোঁ।