পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় আধ্যা

দুপতীয়া পুলি

মোৰ আৰু সেই দিন নাই। সেই পুখুৰী-পাৰত বহি চিন্তাৰ লগৰী হোৱা দিন মোৰ পাৰ হ'ল। আগৰ চিন্তা আছে, কিন্তু আগৰ সুখ নাই। লগৰ চিন্তা লগতে ফুৰিছে, কিন্তু আগৰ দৰে লগ ধৰা ঠাইৰ ঠিকনা নাই। চিন্তাৰ লগ আগতকৈ বাঢ়িছে, কিন্তু সেইদৰে লগ লোৱা সময়ৰ ঠিক নোহোৱাত পৰিছে। শোওঁতে, খাওঁতে, উঠোতে, বহোঁতে মনত সদায় কি এটা চিন্তাৰ সোঁত আছেই। আৰু, সেই সোঁতত উটি কেতিয়া কি ভাবে কলৈ যাওঁ ক'ব নোৱাৰো। কৰো কি, কওঁ কি, কেতিয়াবা তাকো তৰ্কিব নোৱাৰোঁ। আচলতে ভাবো কি, চিন্তা কিহৰ তাৰ উৱাদিহ নাই। এনেভাৱে ভালেমান দিন গল। এনেকুৱা এদিনে-এবছৰ ভালেমান পাৰ হ'ল। আগলৈ এদিন-এযুগ আৰু কতনা আছে চাগৈ!

চাৰু গোহাঞিদেৱক মই সেইদিনা যে প্ৰথম দেখিছিলো, এনে নহয়। মোৰ মনত পৰাৰেপৰা তেওঁ মোৰ লগৰীয়া। দুয়ো হাতত ধৰাধৰিকৈ উঠা। দুয়ো সৰুতে কিমান উমলিছিলো! দুইৰো একালত কিমান হঁহা-কন্দা গল! দুয়ো দুইৰো অময়া প্ৰেমত কিমানকৈ মোহ গৈছিলো! আৰু দুইৰো মনৰ মিল দেখি চাকুলী বাইহঁতে আমাক দৰা-কন্যা বোলা মনত এতিয়া মনত পৰে। এতিয়া আগৰ দৰে অহা-যোৱা ঘন নহয় বুলিও, গোহাঞিদেৱ আমাৰ ঘৰলৈ দিনটোত এবাৰ নহাকৈ নাথাকে। আগৰ নিচিনাকৈ ধেমালিৰ মেল পতা নহয় বুলিও, দুইৰো ভিতৰত এতিয়াও মতা-বোলা চলে। দুইৰো ভিতৰত এতিয়াও দেখা-দেখি মিলা-প্ৰীতি ৰৈছে। তথাপি, সিদিনা তেওঁক ন-চিনাকি যেন লাগি গ'ল কিয়? সেইদিনা মই পুখুৰী-পাৰত বহি থাকোতে গোহাঞিদেৱ ঘৰলৈ যাবলৈ পোনাই আহিছিল।