পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইদৰে আগেয়েও তেওঁ কেতিয়াবা আহে। পিচে, সেইদিনানো মই তেওঁক নেদেখাই-দেখাৰ দৰে দেখি চ'ক্‌ খাই উঠিছিলো কিয়? সেই-দিনাৰ নিচিনাকৈ আগেয়েও কিমান বাৰ দেখাদেখি হয়; আৰু দুই চাইটা-কথাৰে আকৌ এৰা-এৰি হওঁহঁক; কিন্তু, সেইদিনাৰ দেখাদেখি আৰু কথা কেইআষাৰত নো কি মোহিনী শক্তি আছিল? আগেয়েও এৰা-এৰিত চকুৰ আঁৰ নোহোৱালৈকে দুইকো দুয়ো সেইদৰেই চাওঁ, কিন্তু সেইদিনাৰ চাৱনিত নো কি সুৱগা মিহলি আছিল? এইবোৰ প্ৰশ্নৰ মই উত্তৰ কাটিব নোৱাৰো। ভাবোঁ, কিন্তু তাৰ অন্ত নাপাওঁ। সেইদিনাৰ সেই মুহূৰ্ত্তৰ কথা মোৰ মনত নতুন হৈয়ে আছে, কিন্তু তাৰ মহিমা মই বুজিব পৰা নাই!

সেইদিনাৰে পৰা তিনিদিনৰ পাচত চাৰুচন্দ্ৰ গোহাঞিদেৱৰ দেউতাক বৰগোহাঞি ডাঙৰীয়া সেই নৰিয়াতে ঢুকাল। বৰগোহাঞি ডাঙৰীয়া এজন বৰ লাগতিয়াল আৰু ৰজাৰ বিশ্বাসী মন্ত্ৰী আছিল। তেওঁ স্বৰ্গী হোৱাত স্বৰ্গদেৱৰ সোঁহাত ছিগাৰ দৰে হ'ল। গতিকে, ডাঙৰীয়াৰ অকাল-বিয়োগত স্বৰ্গদেৱে বৰ সন্তাপ পালে। চাৰু গোহাঞিদেৱ মোৰে নিচিনা সৰুতে মাউৰা; তেওঁ এতিয়া ঘাট্‌মাউৰা হ'ল! সেই কাৰণে, ৰজা আৰু ডাঙৰীয়া বিষয়া সকলোৱে গোহাঞিদেৱক বৰ মৰম কৰিবলৈ ধৰিলে। আৰু, সকলোৱে ভাবি-চিন্তি চাই, তেওঁক তেওঁৰ পিতৃ-বন্ধু মোৰ দেউতাৰ তদাৰকত থবলৈকে সিদ্ধান্ত স্থিৰ কৰিলে। গোহাঞিদেৱে দেউতাকৰ আসন লব পৰা বয়স নোপোৱালৈকে তেওঁক আমাৰ ঘৰত ৰখাটোকে স্বৰ্গদেৱেও স্থিৰ কৰিলে।

স্থিৰ হ'ল ভাল হ'ল, মোৰ হ'ল কি? মোৰ সেই কথা লৈ উলহ-মালহ কিয়? সেই কথাই মোৰ মনত উগুল-থুগুল লগায় কিয়? গোহাঞিদেৱ আহিব, লগত লিগিৰা-লিগিৰীও আনিব; তেওঁক আল-পৈচান ধৰিবলৈ মোৰ ইমান ভাবনা কিহৰ?