পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মতে চলিবিহঁক; মই চ'ৰাৰপৰা আহোতে ল'ৰাক লগতে লৈ আহিম।" এই কেইআষাৰ আদেশ দি দেউতা ওলাই গ'ল।

দেউতা ওলাই গ'ল। মই একেচাবে উঠি ভিতৰ সোমালো। কিয় সোমালো ক'ব নোৱাৰো; পোনেই চাকুলী বাইৰ ওচৰত থিয় দিলোগৈ। চাকুলীয়ে আথেবেথে সুধিলে, "কি আইদেউ" মোৰ উত্তৰ নাই! মই অলপ লাজ পাই তাৰপৰা আঁতৰি লাহে-লাহে লিগিৰাহঁতৰ ওচৰ চাপিলোগৈ। সিহঁতেও লৰালৰিকৈ কি কৰিব লাগিব বুলি সুধিলে। মই সিহঁতলৈকো একো উত্তৰ নাপাই, লাহে-লাহে তাৰপৰাও আঁতৰিব লগাত পৰিলো। কিন্তু উলটি গৈ কলো যে, দেউতাই দিহা দি যোৱাৰ দৰে সিঁহতে কামলৈ সোনকাল কৰিব লাগে। লিগিৰাহঁত তেতিয়াই দিহাদিহি কামলৈ ওলাল। মই সিহঁতক এৰি চাংমাইৰ ওচৰ পালোগৈ। বুঢ়া চাংমায়ে খাই উঠি মুখত মুহুদি লৈছিল। মোক দেখি সি লৰালৰিকৈ সুধিলেহি, "আইদেউ! আজি মোৰ বন্ধা-বঢ়া বা কেনে হৈছিল?" মই উত্তৰ দিলো, "ভাল হৈছিল। আজিৰপৰা তাতোকৈ ভাল হব লাগিব দেই। আজি আমাৰ ঘৰত থাকিবলৈ আলহী আহিব বুজ পাইছানে?" চাংমায়ে ক'লে, "হৈছে, আইদেউ! ডাঙৰীয়া দেউতাই মোক সকলো বুজাই কৈছে।" মই 'বাৰু' বুলি ভিতৰ সোমালোহি।

ভিতৰ নিজঞ্জাল। বুলনিঘৰ নিজম পৰিছে। মোৰ মন-প্ৰাণ উৰুলীকৃত হৈ কলৈ উৰিছে মই ক'ব নোৱাৰো। কি কৰিম, কি মেলিম একো উৱাদিহ্‌ পোৱা নাই। এইদৰে অলপ পৰ থাকি বটাটোকে আগত লৈ বহিলো। তামোল কাটিবলৈ ধৰিলো। এটা তামোল কাটি তিনিখন থুৰিয়াই লৈ, এখন খালো। আকৌ এটা চাই লৈ ফঁহিয়াবলৈ ধৰিছো, এনেতে তামোল এৰি এবাৰ আঙুলিতে ৰেপ্‌ দিলো! পাণ, তামোল, বটা তেজেৰে ৰাঙলী হল। ভাগ্যে থুৰিয়া তামোল তিনিখনিত তেজ নালাগিল। সেই তামোল কেখনি ইহাতে লাহেকৈ তুলি নি কৰণিত থ'লোগৈ। আৰু, চাকুলী বায়ে দেখে বুলি, তেজ