পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মানুহে জানিছে৷ ময়ে মোৰ গোহাঞিদেৱৰ বিপদৰ কাৰণ হলোঁ৷ যাৰ নিমিত্তে মোৰ জীৱনত দুখ-বেজাৰৰ সীমা নাথাকিল, সেই ময়ে তেওঁৰ কাল হলোঁ! মৰোঁগৈ বুলিয়েই ৰাতি অকলৈ ওলাই গৈয়ো মৰিব নাজানিলোঁ! আন্ধাৰ ৰাতি ঢেৰেকনি-ধুমুহায়ো এই জীৱন অন্ত কৰিব নোৱাৰিলে৷ আন কি সৰ্পৰ বিষম দংশনতো এই লেলেতীয়া প্ৰাণ নাশ নহল৷ নহয়, এই জীৱনৰ আৰু কোনো মতে অন্ত নহয়৷ ইয়াৰ আৰু কিমান লেলাত ভুঞ্জিবলৈ বাকী ৰৈছে, বুজিব পৰা নাই৷ এই ভগা হিয়াত দুখৰ আৰু কিমান খুন্দা সহিবলৈ আছে কব নোৱাৰি৷ হাঁয়, বাউলী উন্মাদিনী অৱস্থাতে কেইদিনমানলৈ সুভাগিনী হৈছিলোঁ৷ সেই অৱস্থাতে দুখ-বেজাৰৰ অলপ পাৰ পাইছিলোঁ৷ এই জীৱনৰ শেহছোৱা সেই দৰেই যোৱা হলেও ভাগ্য বুলি ভাবিছিলোঁ৷ ঈশ্বৰে মোৰ তাৰপৰাও বঞ্চিত কৰিলে; মোক সুস্থিৰ কৰি এতিয়া বিষাদিনী কৰিলে; উন্মাদিনী আৰু বিষাদিনীৰ সুখ-দুখৰ হীন-ডেঢ়ি মোক ইমান ঘনাই অনুভৱ কৰালে৷ অকল এটা জীৱনতে বিধাতাই অত যন্ত্ৰণাৰ লেখ কিয় লিখিলে! ধৰিবলৈ গ’লে, উন্মাদিনী অৱস্থাতকৈ এতিয়া বিষাদিনীৰ অৱস্থাই মোক মনস্তাপৰ অথাই পানীলৈ উটাই নিবলৈ ধৰিছে৷ আগেয়ে মোৰ বিপদ খণ্ডনৰ নিমিত্তে ভাবোঁতা আছিল, এতিয়া বিপদ খণ্ডাবলৈ মই ভাবিব লগাত পৰিলোঁ৷

অন্তৰত মোক একুৰা জুয়েই পুৰি-ডেই মাৰিব লাগিছে, তাৰ উপৰি দুৰ্ম্মতি ৰজাৰ নিঠুৰ ব্যৱহাৰ! ৰাই তেওঁৰ দুৰ্ব্বল মনৰ দৰেই আটাইকে ভাবিছে৷ তেওঁৰ মনেৰে আনৰ পৱিত্ৰ মন কলুষিত কৰিবলৈকো ৰাজক্ষমতাই আজ্ঞা দিব পাৰে! মোৰ প্ৰাণেশ্বৰ গোহাঞিদেৱক বন্দী কৰি থৈ তেওঁ মোৰ প্ৰাণৰ অধীশ্বৰ হবলৈ হাত মেলে! তেওঁ নাজানে মোৰ প্ৰাণৰ ওচৰত মোৰ কিমান অধিকাৰ৷ তেওঁৰ বুজিবৰ শক্তি নাই যে, সেই প্ৰাণ মই কাৰ নিমিত্তে ইমান যতনেৰে দেহাত ধৰি আছোঁ৷ তেওঁৰ বুজিবলৈ এতিয়াও বাকী যে, গোটেই পৃথিৱীৰ ক্ষমতা এফলীয়া হৈ লগিলেও মোৰ প্ৰেমদুৰ্গ ৰক্ষণত