পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


একাদশ আধ্যা

বিষাদিনী

এই সংসাৰত তিতাৰে হে মানুহৰ মুখ ভৰিছে৷ মিঠাৰ চেলেক এটা মাথোঁন৷ কিন্তু, সেয়ে এনে সোৱাদ যে, তাক জীৱন্তে পাহৰিব নোৱাৰি৷ সংসাৰত তিতাৰ ভাগ বেচি কাৰণেই, মিঠাৰ অনুভৱ অতি আপুৰুগীয়া৷ এতেকে দৰাচলতে যাৰ দুখ-বেজাৰ বেচি, তাক হে বেচি সুভগীয়া বুলিব লগীয়া৷

সি যি হওক, এই দুখুনীৰ দুখৰ ওৰ নপৰিল৷ ইয়াৰ আগেয়ে হোৱা উন্মাদিনী অৱস্থাই সুখ-দুখ আৰু সম্পদ-আপদ চপাই আনি মোক এতিয়া বিষাদিনী কৰিলে৷ সেই উন্মাদিনীৰ দশাতে মই আকৌ এবাৰ মোৰ প্ৰাণেশ্বৰ গোহাঞিদেসৰ চৰণ পৰশন কৰিবলৈ পালোঁ৷ হৈ যোৱা দুৰ্ঘটনা আৰু দুখৰ কাহিনী তেওঁৰ আগত নিজমুখে নিবেদিবলৈ পালোঁ৷ কিন্তু, সেই অৱস্থাই মোৰ আকৌ কাল হ’ল৷ এই উন্মাদিনী অৱস্থাত গোহাঞিদেৱৰ সম্বন্ধে যি যি কৈছিলোঁ, সেই আটাইবোৰ তিলে তাল হৈ ৰজাৰ কাণত পৰিলগৈ৷ তাতোকৈ, গোহাঞিদেৱৰ শুশ্ৰুষাই যে মোক সেই অৱস্থাত সবাতকৈ বেচি গুণ দিলে, এই কথাই ৰজাৰ ঈৰ্ষা-জুইত যেন ঘিঁউহে ঢালি দিলে৷ তাতে, এতিয়া আৰু আমাৰ বুঢ়া ৰজা নাই৷ এতিয়া মোৰ আজন্ম শত্ৰু তিৰোতা-সেৰুৱা ৰজাৰ ৰাণী ৰাজ্যৰ গৰাকিণী৷ সেই ভাবী সতিনীয়ে কৰোঁ বুলিলে মোৰ অনিষ্টৰ পাৰ নোহোৱা কৰিব পাৰে৷ গতিকে, মোৰ নিৰ্দোষী দেউতা আৰু গোহাঞিদেৱৰ ওপৰত ৰাজঅত্যাচাৰ দিনক-দিনে বাঢ়িবলৈ ধৰিলে৷ দেউতাক