পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৫০

এনাজগৰত ঘনাই বেজাৰ-অপমান দিবলৈ কুঁৱৰীয়ে ছেগ বিচৰা হ'ল। আৰু, চল চাই, আগৰ বিহ-বিয়াৰ কথা আকৌ তুলিবলৈকো ৰজাই বাকী নেৰিলে। কিন্তু, এইবাৰ দেউতাৰ তেনে কথাত সমূলি মত নাই বুলি বুজিব পাৰি, পাচলৈ তেওঁক সেই বিষয়ে ৰজাই একো নোকোৱা হ'ল। তা ৰপাচত, দুৰ্ব্বল-চিতীয়া তিৰোতা-সেৰুৱা ৰজাই গোহাঞিদেৱৰ ওপৰত চকু দিলে। তেওঁৰ ওপৰত ৰজাই নিজেই অভিযোগ আনিলে। গোহাঞিদেৱৰ মন্ত্ৰণা মতেই মই পলাই যাওঁ আৰু সেই বাবেই ৰজাৰ মোৰ লগত পাতিব খোজা বিয়াও ভঙা গ'ল, এই কথা তৰি, তেওঁ গোহাঞিদেৱক অপৰাধী কৰি বিচাৰ-চ'ৰাত থিৰ কৰালে। ডাঙৰীয়া-বিষয়াসকলৰ ভিতৰত দেউতাক গোচৰৰ সম্পৰ্কীয় লোক বুলি বাদ দিয়েই ললে। তাৰ পাচত, আনবিলাক ডাঙৰীয়া-বিষয়াও সকলোটি উপস্থিত হবলৈ নৌ পাওঁতেই গোহাঞিদেৱক বন্দীশাললৈ নিবলৈ কুঁৱৰী-টোলৰপৰা আজ্ঞা আহিল। সেই অন্যায়-অবিচাৰৰ আজ্ঞা শুনি সভাসদ সকলোৱে মূৰে-কপালে হাত দি দুখ প্ৰকাশ কৰিবলৈ ধৰিলে। চাৰিওফালে এই কথা বিয়পি পৰিল। মই শুনা মাত্ৰকে বিবুদ্ধি হলোঁ। মই আকৌ উন্মাদিনী হৈ বিচাৰ-চ'ৰালৈ লৰ ধৰিলোঁ। কিন্তু, মই গৈ চ'ৰাত যাক বিচাৰিলোঁ, তেওঁক আৰু দেখা নাপালোঁ।

এইবাৰ মই বিষাদিনী। মোৰ মনস্তাপ চতুৰ্গুণে বাঢ়িবলৈ ধৰিলে। মোৰ পৰাই গোহাঞিদেৱৰ ইমান দুখ-দুৰ্গতি। মোৰ নিমিত্তেই তেওঁৰ আজি এনে আপদ! যি গোহাঞিদেৱৰ মঙ্গলৰ অৰ্থে দেশ গোটেইখনে কামনা কৰে, যাৰ সুখ-সন্তোষ মান-গৌৰৱ বঢ়াবলৈ বুঢ়াজনা স্বৰ্গদেৱৰ যত্নৰ ত্ৰুটি নহৈছিল, যি আজিত বাজে কাইলৈ ঘাইমন্ত্ৰীৰ বাব পালেহেঁতেন, আজি সেই গোহাঞিদেৱ বিনা অপৰাধত বন্দীশালত! এইবিলাক সকলো এই অভাগিনীৰপৰাই ঘটিছে। এই কথা, অকল ময়েই নহয়, ওচৰ-চুবুৰীয়াই নহয়, গোটেই ৰাজ্যৰ