বুৰঞ্জীবোধ/লেফ্টেনেণ্ট গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট
৩। পাঠ।
⸺৹⸺
লেফ্টেনেণ্ট গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট।
অনৰেবল মিঃ জে, বি, ফুলাৰ চীফ্ কমিচনাৰ হৈ থাকোতেই পূৰ্ব্ববঙ্গৰ কেইটামান কমিচনাৰী বিভাগ আৰু কেইখনমান জিলা অসমৰ লগত চামিল কৰি, “পূৰ্ব্ববঙ্গ আৰু অসম” নামে এখন নতুন প্ৰদেশ গঠন কৰা হয়। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰৰ- পৰা অসমৰ চীফ্ কমিচনাৰৰ পদ উঠাই দি, নতুন প্ৰদেশৰ নিমিত্তে লেফ্টেনেণ্ট গৱৰ্ণৰৰ পদ সৃষ্টি কৰা হয়। মিঃ ফুলাৰ চাহাবেই সেই নতুন প্ৰদেশৰ প্ৰথম লেফটেনেণ্ট গৱৰ্ণৰ। তাৰ পাচত তেওঁ কে, চি, এ, আই, খিতাপ পায়; আৰু তেতিয়াৰ পৰা তেওঁক চাৰ বেম্ফিল্ড ফুলাৰ নামে জনা যায়। কিন্তু, এই পদত তেওঁ এবছৰমান থাকিয়েই ইস্তফা দি যাব লগাত পৰে।
চাৰ বেম্ফিল্ড ফুলাৰৰ পাচত, অনৰেবল মিঃ এল, হেয়াৰ (পাচত চাৰ লেঞ্চলেট্ হেয়াৰ) ১৯০৬ খ্ৰীষ্টাব্দৰ ১৯ আগষ্টৰপৰা পূৰ্ববঙ্গ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্ণৰ হয়। তেওঁৰ আমোল বঙ্গদেশৰ “স্বদেশী আন্দোলন” আৰু ৰাজদ্ৰোহী এ দলৰ উৎপাতত এই দেশতো শান্তি নোহোৱা হৈছিল। তেওঁৰ দিনতে ৰঙ্গিয়াৰপৰা টংলালৈকে ৰেলওৱে লাইন বঢ়োৱা হয়, আৰু গুৱাহাটীৰ পাণ্ডুঘাটৰ ওচৰৰ আমিনগাওঁ ষ্টেচনৰপৰা বাজে বাজে কলিকতালৈ চমু ৰেল-বাট যুগুত হৈ উঠে। [ ১০৩ ] চাৰ লেঞ্চলট্ হেয়াৰ চাহাব পেঞ্চনত যোৱাত, ১৯১১ খ্ৰীষ্টাব্দৰ ২৩ আগষ্টত চাৰ চাৰ্লচ্ ষ্টুৱাৰ্ট বেলী "পূৰ্ববঙ্গ আৰু অসম"ৰ লেফটেনেণ্ট গৱৰ্ণৰ হৈ আহে। ইয়াৰ আগেয়েও ১৯০৮ খ্ৰীষ্টাব্দত তেওঁ তিনি মাহৰ নিমিত্তে এই পদত অস্থায়ী ভাৱে আছিলহি, আৰু সেই ছেগতে এই পুথিৰ লেখকক সাহিত্যিক পেঞ্চন দি অসমীয়া সাহিত্যৰ গৌৰৱ বঢ়ায়। পাচৰ বাৰত তেও নিগাজীকৈ লেফটেনেণ্ট গৱৰ্ণৰ হৈ অহা চাৰি মাহমান হওঁতেই, ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত দিল্লীত সম্ৰাট পঞ্চম জৰ্জ্জৰ
অভিষেক দৰবাৰ হয়। ভাৰতবৰ্ষত বৃটিচ্-ৰাজৰ অভিষেক এয়ে প্ৰথম। সেই প্ৰসঙ্গত, সম্ৰাটৰ আজ্ঞা অনুসৰি কলিকতাৰপৰা ৰাজধানী দিল্লীলৈ তুলি নিয়া হয়; পূৰ্ব্ববঙ্গক আকৌ বঙ্গদেশৰ [ ১০৪ ] লগ লগাই তাত এজন গৱৰ্ণৰ দিয়া হয়; অসমক আকৌ সুকীয়া কৰি চীফ্ কমিচনাৰৰ শাসনৰ তলত থোৱা হয়; বিহাৰ আৰু উৰিয়া নামে এখন নতুন প্ৰদেশ গঠন কৰি তাত নতুনকৈ এজন লেফটেনেণ্ট গৱৰ্ণৰ পতা হয়।
মুঠ্ কথা।—“পূৰ্ববঙ্গ আৰু অসম” প্ৰদেশ ছবছৰ মাথোন টিকিছিল। ইয়াৰ ভিতৰত তিনি জন লেফটেনেণ্ট গৱৰ্ণৰ হয়; তাৰে এজনেহে পূৰাকৈ পাঁচ বছৰ বিষয়-বাব ভোগ কৰিবলৈ পায়। শেহৰ জন চাৰ চাৰ্লচ্ ষ্টুৱাৰ্ট বেইলী চাহাব মুঠেই পাঁচ মাহ মান হে এই নতুন প্ৰদেশৰ শাসনকৰ্ত্তা আছিল। তাৰ ভিতৰতে তেওঁ ভালেমান দেশহিতকৰ অনুষ্ঠানত হাত দিছিল, আৰু দেশী সাহিত্যৰ উন্নতিবিধায়ক কাৰ্য্য কৰিছিল। তাৰ ফলস্বৰূপ অসমীয়া সাহিত্যৰ হিতাৰ্থে এই পুথিৰ লেখক এটি বিশেষ সাহিত্যিক পেঞ্চন (“Special Literary Pension”) দিয়াটোও এটা লেখৰ কথা।