পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট।

 চাৰ লেঞ্চলট্‌ হেয়াৰ চাহাব পেঞ্চনত যোৱাত, ১৯১১ খ্ৰীষ্টাব্দৰ ২৩ আগষ্টত চাৰ চাৰ্লচ্‌ ষ্টুৱাৰ্ট বেলী "পূৰ্ববঙ্গ আৰু অসম"ৰ লেফটেনেণ্ট গৱৰ্ণৰ হৈ আহে। ইয়াৰ আগেয়েও ১৯০৮ খ্ৰীষ্টাব্দত তেওঁ তিনি মাহৰ নিমিত্তে এই পদত অস্থায়ী ভাৱে আছিলহি, আৰু সেই ছেগতে এই পুথিৰ লেখকক সাহিত্যিক পেঞ্চন দি অসমীয়া সাহিত্যৰ গৌৰৱ বঢ়ায়। পাচৰ বাৰত তেও নিগাজীকৈ লেফটেনেণ্ট গৱৰ্ণৰ হৈ অহা চাৰি মাহমান হওঁতেই, ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত দিল্লীত সম্ৰাট পঞ্চম জৰ্জ্জৰ

সম্ৰাট পঞ্চম জৰ্জ্জ।

অভিষেক দৰবাৰ হয়। ভাৰতবৰ্ষত বৃটিচ্‌-ৰাজৰ অভিষেক এয়ে প্ৰথম। সেই প্ৰসঙ্গত, সম্ৰাটৰ আজ্ঞা অনুসৰি কলিকতাৰপৰা ৰাজধানী দিল্লীলৈ তুলি নিয়া হয়; পূৰ্ব্ববঙ্গক আকৌ বঙ্গদেশৰ