পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
বুৰঞ্জীবোধ।

লগ লগাই তাত এজন গৱৰ্ণৰ দিয়া হয়; অসমক আকৌ সুকীয়া কৰি চীফ্‌ কমিচনাৰৰ শাসনৰ তলত থোৱা হয়; বিহাৰ আৰু উৰিয়া নামে এখন নতুন প্ৰদেশ গঠন কৰি তাত নতুনকৈ এজন লেফটেনেণ্ট গৱৰ্ণৰ পতা হয়।

 মুঠ্‌ কথা।—“পূৰ্ববঙ্গ আৰু অসম” প্ৰদেশ ছবছৰ মাথোন টিকিছিল। ইয়াৰ ভিতৰত তিনি জন লেফটেনেণ্ট গৱৰ্ণৰ হয়; তাৰে এজনেহে পূৰাকৈ পাঁচ বছৰ বিষয়-বাব ভোগ কৰিবলৈ পায়। শেহৰ জন চাৰ চাৰ্লচ্‌ ষ্টুৱাৰ্ট বেইলী চাহাব মুঠেই পাঁচ মাহ মান হে এই নতুন প্ৰদেশৰ শাসনকৰ্ত্তা আছিল। তাৰ ভিতৰতে তেওঁ ভালেমান দেশহিতকৰ অনুষ্ঠানত হাত দিছিল, আৰু দেশী সাহিত্যৰ উন্নতিবিধায়ক কাৰ্য্য কৰিছিল। তাৰ ফলস্বৰূপ অসমীয়া সাহিত্যৰ হিতাৰ্থে এই পুথিৰ লেখক এটি বিশেষ সাহিত্যিক পেঞ্চন (“Special Literary Pension”) দিয়াটোও এটা লেখৰ কথা।


৪। পাঠ।
কাউন্সিলৰে সৈতে চীফ কমিচনাৰৰ গৱৰ্ণমেট।

 পূৰ্ব্ববঙ্গৰপৰা বিলগ হৈ অসম আকৌ আগৰ দৰে সুকীয়া প্ৰদেশ হল। অসমত আকৌ চীফ কমিচনাৰৰ শাসন চলিল। কিন্তু, এইবাৰ চীফ্‌ কমিচনাৰৰ লগত এখন লেজিচ্‌লেটীভ