বুৰঞ্জীবোধ/চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেণ্ট

ৱিকিউৎসৰ পৰা

[ ৯৭ ]

২। পাঠ।
চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেন্ট।

 ১৮৭৪ খ্ৰীষ্টাব্দত অসম প্ৰদেশ বঙ্গদেশৰপৰা বেলেগ হয়। তেতিয়াৰেপৰা অসমত এখন চীফ্‌ কমিচনাৰৰ সুকীয়া গৱৰ্ণমেট চলে। কৰ্ণেল কিটিং অসমৰ পোন্‌-প্ৰথন চীফ্‌ কমিচনাৰ। সেই একে সময়তে কাছাৰ আৰু ছিলট জিলাকো খাচ্‌ অসমৰ লগত [ ৯৮ ] চামিল কৰা হয়। আৰু, তেতিয়াৰপৰাই অসম উপত্যকা আৰু চুৰমা উপত্যকা নামে অসম প্ৰদেশ দুভাগ হয়। পাচত, দুই বিভাগত দুজন কমিচনাৰ ৰখাৰ নিয়ম চলিছে। লক্ষীমপুৰ, শিৱসাগৰ, নগাওঁ, দৰং, কামৰূপ আৰু গুৱালপাৰা এই ছখন জিলাৰে সৈতে অসম উপত্যকা; কাছাৰ আৰু ছিলট এই দুখন জিলাৰে সৈতে চুৰমা উপত্যকা পতা হয়। ইয়াত বাজেও নগাপৰ্ব্বত, গাৰোপৰ্ব্বত আৰু খাচী-জয়ন্তীয়া পৰ্ব্বত এই তিনিখন জিলাৰে সৈতে এটা পৰ্ব্বতীয়া বিভাগ পতা হয়। পৰ্ব্বতীয়া বিভাগত কমিচনাৰ নাছিল; এই বিভাগ পোনহতীয়াকৈ চীফ্‌ কমিচনাৰৰ তলত আছিল। কৰ্ণেল কিটিং যোৱাৰ পাচত, ১৮৭৮ খ্ৰীষ্টাব্দত চাৰ এচ, চি, বেইলী চাহাব অসমৰ চীফ কমিচনাৰ হয়হি। কিন্তু, তেওঁৰ শাসনকাল পূৰা হবলৈ নৌ পাওঁতেই তেওঁ অসমৰপৰা যাব লগা হয়। ১৮৮১ খ্ৰীষ্টাব্দত মিষ্টাৰ ইলিয়ট (পাচত চাৰ চাৰ্লচ্‌ ইলিয়ট) অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁ এজন বৰ মৰমিয়াল আৰু শিক্ষানুৰাগী পুৰুষ আছিল। তেওঁৰ আমোলতে অসমীয়া ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হলেই মাহে ২০৲ টকাকৈ বৃত্তি লৈ কলিকতাৰ কলেজত পঢ়িবলৈ যাব পৰা হয়। ইলিয়ট চাহাবৰ পাচত, ১৮৮৭ খ্ৰীষ্টাব্দত মিঃ ডি, ফিট্‌জ্‌, পেট্ৰিক চাহাব চীফ্‌ কমিচনাৰ হৈ আহে। কিন্তু, দুবছৰ নৌ হওঁতেই তেওঁ অসমৰপৰা পাবলৈ বদলি হৈ যায়।

 মিঃ ফিট্‌জ্‌ পেট্ৰিকৰ পাচত, ১৮৮৯ খ্ৰীষ্টাব্দত অনৰেবল মিঃ জে, ডি, কুইণ্টন চাহাব অসমৰ চীফ্‌ কমিচনাৰ হয়হি। তেওঁৰ [ ৯৯ ] শাসনৰ প্ৰথম বছৰতে ১৮৯০ খ্ৰীষ্টাব্দত মণিপুৰত এটা বৰ ডাঙ্গৰ বিদ্ৰোহ উপস্থিত হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই তেওঁক আৰু তেওঁৰ লগৰীয়া আৰু চাৰিজন ইউৰোপীয়ান ৰাজকৰ্মচাৰীক মণিপুৰীবিলাকে ছলকৈ বধ কৰে। এই বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে।

 মিঃ কুইণ্টন মণিপুৰত কটা যোৱাৰ পাচত, ১৮৯১ খ্ৰীষ্টাব্দত মিঃ ডবলিউ, ই, ওয়াৰ্ড চাহাব (পাচত চাৰ উইলিয়াম ওৱাৰ্ড) অসমৰ চীফ্‌ কমিচনাৰ হৈ আহে। তেওঁ ইয়াৰ আগেয়েও ইয়ালৈ দুবাৰ অস্থায়ী ভাৱে চীফ কমিচনাৰ হৈ আহিছিল। তাৰো আগেয়ে তেওঁ অসম উপত্যকাত পাঁচ বছৰ জজ আৰু কমিচনাৰৰ পদত নিগাজীকৈ আছিল। তেওঁৰ দিনত অসমৰ মাটিৰ নতুন শ্ৰেণীবিভাগ কৰি ৰাজহৰ নিৰিখ দুগুণকৈ বঢ়োৱাৰ প্ৰস্তাৱ উঠে। সেই কথাত প্ৰজাবিলাকে বৰকৈ আপত্তি কৰাত, ভাৰত-গৱৰ্ণমেন্টে তাতকৈ কম নিৰিখত ৰাজহ নিৰ্ধাৰিত কৰি দিয়ে।

 ১৮৯৬ খ্ৰীষ্টাব্দত চাৰ উইলিয়াম ওয়াৰ্ড চাহাবে পেন্‌চন লৈ যোৱাত, অনৰেবল মিঃ এইচ, জে, কটন চাহাব (পাচত চাৰ হেন্‌ৰী কটন) অসমৰ চীফ্‌ কমিচনাৰ হৈ আহে। তেওঁৰ দিনত ১৮৯৭ খ্ৰীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙ্গৰ ভূঁইকঁপ আহিছিল। সেই ভূঁইকঁপত অসমৰ ৰাজধানী শ্বিলং আৰু ভৈয়ামৰ ভালেমান নগৰ আৰু গাওঁ-ভূঁই উছন যোৱাৰ নিচিনা হৈছিল। তেওঁৰ দিনতে, ১৮৯৮ খ্ৰীষ্টাব্দত লুচাই পাহাৰৰ উত্তৰ আৰু দক্ষিণ ভাগ একেলগ কৰি অসমৰ লগত চামিল কৰা হয়। তেওঁৰ আমোলতে, [ ১০০ ] ১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্জ্জন চাহাবে অসম পৰিভ্ৰমণ কৰি যায়হি। আৰু তেওঁৰ শাসনৰ কালতে, ১৯০০ খ্ৰীষ্টাব্দত বিলাতত মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়া স্বৰ্গী হয়। মিঃ কটনৰ যত্নতে গুৱাহাটীত দ্বিতীয় শ্ৰেণীৰ কলেজ এটি দ্বিতীয়বাৰ প্ৰতিষ্ঠিত হয়। সেই সময়তে ডিব্ৰুগড়ত “বেৰী হোৱাইট মেডিকেল স্কুল” নামে ডাক্তৰী

মহাৰাজ ভাৰতেশ্বৰ সপ্তম এডোৱাৰ্ড।

এটিও বিদ্যালয় স্থাপিত হয়। গুৱাহাটীৰ কলেজটিৰ নাম কটন চাহাবৰ নামেই "কটন কলেজ” হৈছে।

 চাৰ হেন্‌ৰী কটনৰ পাচত, ১৯০২ খ্ৰীষ্টাব্দত অনৰেবল মিঃ ফুলাৰ চাহাব (পাচত চাৰ বেম্‌ফিল্ড ফুলাৰ) অসমৰ চীফ্‌ কমিচনাৰ হয়হি। এই জনা বৰ উদাৰচিতীয়া আৰু প্ৰজাবন্ধু [ ১০১ ] শাসনকৰ্তা আছিল। ফুলাৰ চাহাব বাহাদুৰে তেওঁৰ শাসনকালত প্ৰজাহিতকৰ কাৰ্য ভালেমান কৰিলে। তাৰ ভিতৰত গাওঁবুঢ়াক বঁটা দিয়াৰ নিয়ম, মৌজাদাৰী প্ৰথা আকৌ প্ৰচলন, শিক্ষা-বিভাগৰ সংস্কাৰ, অসমীয়া সাহিত্য কলিকতা বিশ্ববিদ্যালয়ত পাঠ্য কৰা, কটন কলেজটি প্ৰথম শ্ৰেণীলৈ তোলা, মাটিৰ কুৰি বছৰীয়া বন্দবস্তী, আহোম ছাত্ৰক বিনামাচুলে স্কুল-কলেজত পঢ়িবলৈ সুবিধা দিয়া, চৰ্কাৰী চাকৰীত অসমীয়াক আগ-বাছনি দিয়া এই বিলাকেই ঘাই।

 মুঠ্‌-কথা।—কৰ্ণেল কিটিং অসমৰ প্ৰথম চীফ কমিচনাৰ। চাৰ বেম্‌ফিল্ড ফুলাৰ এই ছোৱা শাসনৰ শেহৰ চীফ্‌ কমিচনাৰ। ১৮৯৭ খ্ৰীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙ্গৰ ভূঁইকঁপৰ উৎপাত হৈছিল। ১৮৯০ চনত মণিপুৰত এটা বিষম বিদ্ৰোহ হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই চীফ্‌ কমিচনাৰ মিঃ কুইন্টন কটা যায়। ১৮৯৯ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্জ্জন অসম-ভ্ৰমণলৈ আহিছিল। ১৯০০ খ্ৰীষ্টাব্দত ভাৰত বৰ্ষৰ সম্ৰাজ্ঞী ইংলণ্ডৰ পটেশ্বৰী মহাৰাণী ভিক্টোৰীয়া স্বৰ্গী হয়। মহাৰাণী ভিক্টোৰীয়াই ৬০ তিনি কুৰি বছৰ ৰাজপাট খাইছিল। তেওঁক উনৈচ্‌ আৰু কুৰি এই দুটা শতিকাৰ মহাৰাণী বুলিব পাৰি। মহাৰাণী ভিক্টোৰীয়াৰ সমান প্ৰখ্যাতী আৰু পূজনীয়া পটেশ্বৰী পৃথিবীত আজিলৈকে কেৱে হব পৰা নাই। হোজা অশিক্ষিত গাৱঁলীয়া ভাৰতীয় প্ৰজাই আজিকোপতি বৃটিচ্‌ শাসনকাল মহাৰাণী ভিক্টোৰীয়াৰ দিন বুলি বিশ্বাস কৰে। টানৰ সময়ত সেইবিলাক প্ৰজাই আজিও “মহাৰাণীৰ দোহাই" দিয়ে।