সমললৈ যাওক

বিলাতী পিঠা/তৃতীয় ভাগ

ৱিকিউৎসৰ পৰা
[ ১৩ ]
চাহপানী খোৱা বাঘ

 সি কোনোবা সত্য যুগৰ কথা! তেতিয়া গৰু-ছাগলী নালাগে গছ-গছনিয়েও কথা কব পাৰিছিল। কোন কালতে এঠাইত তিনটি ছাগলী পোৱালী আছিল। তিনিওটি ঘাটমাউৰা, মাক-বাপেক কেও নাই। পোৱালীকেইটি এনে ধুনীয়া আৰু এনে ৰঙিয়াল। তাৰে এটা বগা, এটি পখৰা আৰু এটি পহু বৰণীয়া। সিহঁত তিনটাৰ ভিতৰত বৰ মিল, ইটিক নেদেখিলে সিটিয়ে এখন্তেকো থাকিব নোৱাৰে।

 লোকৰ পিৰালিয়ে চাঙতলে পৰি থাকি বেয়া লাগি সিহঁতৰ মন গল নিজা এটি ঘৰ সাজি লবলৈ। তিনিও নানা কথা পাতিলে, নানা উপায় আলচিলে, ক’তনো কেনেকৈ ঘৰ সাজিব, ক'ত বয়-বস্তু পাব! কেইবাদিনো নানা কথা পাতিলে, নানা কথা পাঙিলে— নিজৰ বাৰীখন আছেনে তাৰ পৰা বেত-বাঁহ আনিব? নিজৰ নাওখন আছেনে চাপৰিলৈ গৈ খেৰ কাটি আনিব? নাইবা ধনৰ থুনুপাকটিয়েই ভৰি আছেনে ধনেৰে বস্তু কিনি মানুহ ধৰি কাম কৰাব?

 পিছে ঘৰ সাজিবলৈ বা সংসাৰত কোনো কাম কৰিবলৈ বাৰীও নাথাকক, নাৱো নাথাকক, ধনো নাথাকক, বুধি থাকিলেই সকলো হয়। ছাগলী পোৱালীকেইটি আছিল বৰ বুধিয়ক। এদিন বগা পোৱালীটো আলিলৈ যাওঁতে এটা মানুহে গৰু-গাড়ীৰে এগাড়ী শৰণ খেৰ নিয়া দেখিলে। সি গাড়ীখনৰ আগলৈ গৈ মাত লগালে— “ককাই, মোক কেইডালমান খেৰ দিব পাৰিবানে?” “তোমাক আকৌ খেৰ কি কৰিবলৈ?” মানুহটোৱে আচৰিত হৈ সুধিলে। ঘৰ সাজিবলৈ, —বে-এ-এ’ বুলি সি লেন লগাই কলে। মানুহটোৰ হাঁহি উঠিল, দুমুঠি খেৰ সি পেলাই দিলে। খেৰখিনি কান্ধতকৈ লৈ বগা পোৱালীটো ঘৰলৈ লৰ দিলে।

 পখৰা পোৱালীটিয়েও এদিন বাটত এটা মানুহক দুটামান বজাল বাহঁ নিয়া দেখি কলে- ‘ককাই, মোক বাহঁ এটা দিব পাৰানে?’ “তোমাক আকৌ বাঁহ কেলেই?”—আচৰিত হৈ সি সুধিলে। “ঘৰ সাজিবলৈ, —হোঁ-ওঁ-ওঁ”! মানুহটোৱে হাঁহি সামৰিব নোৱাৰিলে। সি বাহঁ এটা ছাগলী পোৱালীটোৰ কান্ধত তুলি দিলে। পখৰায়ো তাকে লৈ ঘৰ ওলালহি। [ ১৪ ]  পহু-বৰণীয়া পোৱালীটো এদিন বাটেদি কেনিবা যাওঁতে দেখিলে এটা মানুহে বহুত বেত লৈ গৈছে। সি মানুহটোৰ কাষ চাপি গৈ কলে, “ককাই, মোক একাপমান বেত দিব পাৰিবনে?” তাক পেংলাই কৰা বুলি ভাবি খঙেৰে মানুহটোৱে কলে, ‘বেতেৰে কি কৰিবি?’ পোৱালীটোয়ে ক’লে- “আমি এটা ঘৰ সাজিব খুজিছো, --বে-এ- এ!” মানুহটোৰ এইবাৰ হাঁহিত পেটু-নাড়ী ছিগিল! ছাগলী পোৱালীয়ে আকৌ ঘৰ সাজে! তথাপি সি মৰমতে পহুবৰণীয়াৰ পিঠিত একাপ বেত দিলে। পোৱালীটোৱে বেত কাপ লৈ ইকেইটা পোৱালীৰ ওচৰ পালেগৈ। এতিয়া অলপ যত্নতে সিহঁতৰ ভিতৰত আটাইখিনি বস্তু যোগাৰ হল।

 এতিয়া সিহঁতে আকৌ কেইবাদিনো আলচ কৰিলে— ঘৰটোনো কোনখিনিত সাজিব। ঠাই ঠিক হল এটি সৰু টিলাৰ ওপৰত। পাৰৰ টঙিৰ দৰে দুমহলীয়া ধুনীয়া সৰু ঘৰটি সজা হলত তিনিও তাত সুখেৰে থাকিবলৈ ললে। ওচৰৰ ঘাঁহনিত দিনটো পেট ভৰাই চৰি গধূলি ঘৰলৈ আহি শোৱে। এইদৰেই সিহঁতৰ ৰঙেৰে দিন যাবলৈ ধৰিলে।

 পিছে, “আলচা কথা নহয় সিধি। বাটত আছে কণা বিধি। সিহঁতৰ দিন সদায় এইদৰে যাবলৈ নাপালে। সিহঁতৰ ঘৰ সজা টিলাটো আছিল এখন হাবিৰ ওচৰত। সেই হাবিত এটি লুভীয়া ঢেকীয়াপটীয়া বনৰজা পোৱালী আছিল। কোমল মঙহৰ এই ছাগলী পোৱালীকেইটিক দেখি তাৰ কেতিয়াবাৰ পৰাই জিভাৰ পৰা লোভৰ পানী পৰিছিল। এতিয়া কিদৰেনো সি ছাগলী পোৱালী তিনটিক দিহা লগাব, তাৰ বাবে নানা ধৰণৰ বুদ্ধি সাজিবলৈ ধৰিলে। কিন্তু সকলো পানীৰ ঔটেঙা। সাজে আৰু ভাগি যায়।

 এদিন গধূলি বনৰজা পোৱালীটি আহি সিহঁতৰ ঘৰৰ তলৰ মহলাত উপস্থিত হ’ল। “অ’ পোৱালী, পোৱালী! পোৱালী ঘৰত আছনে?” বেৰৰ জলঙাই জুমি চাই পোৱালী কেইটাৰ চুলিৰ আগে জীৱ গ'ল! সিহঁতে ভয়তে চেপেটা মাৰিলে। “অ’ পোৱালী, পোৱালী, ওলাই আহচোন।” “কেলেই?’’ — ভিতৰৰ পৰা কঁপা মাতেৰে সিহঁতে সুধিলে। “ওচৰচুবুৰীয়া, মাত লগাবলৈ আহিছোঁ।” ‘দিনত নাহা কেলেই?” “আহৰি নাপাওঁ।” সিহঁতে ভালকৈ দুৱাৰ দাং মাৰি সোমাই থাকিল। কোনেও নমতা দেখি বনৰজাই আকৌ কলে— [ ১৫ ] “পোৱালী, ওলাই আহচোন, কথা এটা কওঁ। নহলে তহঁতৰ ঘৰটো ফুৱাই ফুৱাই উৰাই দিম, সঁচাকৈয়ে কৈছোঁ৷’’ সিহঁত তেতিয়াও তলকা মাৰি থাকিল।

 বনৰজা পোৱালীয়ে সঁচাকৈয়ে ঘৰটো ফুৱাবলৈ ধৰিলে। ইমান গাৰ বলেৰে ফুৱালে যে সিহঁতৰ ঘৰটো ঘট্ ঘট্ কৰে লৰিবলৈ ধৰিলে। বগা পোৱালীটোৱে বেৰৰ ওপৰেদি বাঘটোক জুমি চাই আছিল। আৰু এইবাৰ জোকাৰত সি থলপ কৰে সৰি মাটিত পৰিল। বনৰজাটিয়ে লাহেকৈ কামোৰ মাৰি পোৱালীটো ধৰি লৈ আকৌ হাবিত সোমাল।

 কেইদিন মানৰ পিছত এদিন গধূলি বাঘটো আকৌ আহিল— “পোৱালী, পোৱালী, অ' পোৱালী! পোৱালী আছনে?” আকৌ সেই আগৰ দৰে মাতিলে। পখৰা আৰু পহুবৰণীয়াৰ গাৰ কঁপনি উঠিল “-কে-লে-ই?” “বৰ ডাঙৰ কথা এটা আছে, নামি আহচোন।” “এতিয়া ওলাই যাব নোৱাৰো, দিনত আহিবি।” “দিনত আজৰি নাই।” “তেনে কি কব লগা আছে তাৰ পৰাই কোৱা।” আন উপায় নেদেখি বাঘে ক'লে-- “কাইলৈ গধূলি সাত বজাত সৌ মুকলি পথাৰতে এখন ডাঙৰ সভা বহিব, তালৈকে মই তোক মোৰ লগত লৈ যাম; তই ওলাই থাকিবি।”

 পোৱালীহঁতে কথাটো তৎক্ষণাত বুজি পালে। তথাপি “বাৰু’’ বুলি শলাগি থলে৷

 পিছদিনা দিনতে পখৰা আৰু পহুবৰণীয়া দুয়ো ঘৰ এৰি মনে মনে অইন ঠাইলৈ গুচি গল। বাঘটো ছাগলি পোৱালীকেইটা নোযোৱা দেখি সি সিহঁতৰ ঘৰলৈকে আহিল আৰু ‘পোৱালী, পোৱালী, অ পোৱালী, পোৱালী ঘৰত আছনে?” বুলি বহুত পৰ মাতিলে। তথাপি তাৰ কোনো মাত নুশুনিলে, আৰু ভিতৰত থকাৰো কোনো গম নাপালে। তেতিয়া সি ভাবিলে পোৱালীহঁত কিজানি তাতোকৈ আগেয়ে কৰবালৈ পলাই গল। যিহওক সিহঁত ঘূৰি আহিলে জাপ মাৰি ধৰিবলৈ বুলি সি বহুত পৰলৈকে জোপ লৈ আছিল। ছাগলী পোৱালীকেইটাও আছিল অতি টেঙৰ। সিহঁতেও বাঘটো নাযায় মানে ঘৰলৈ উলটি নাহিল। বাঘটোৰ ৰৈ ৰৈ আমনি লাগিল আৰু সি লাহে লাহে এখোজ দুখোজকৈ পিছলৈ ঘূৰি ঘূৰি চাই যাবলৈ ধৰিলে। ইফালে ছাগলী পোৱালী কেইটায়াে বাঘটো গৈছে বুলি ভাবি লাহেকৈ

দুৱাৰখন মেলি সোমাব খুজিছে, এনেতেই বাঘটো ঘূৰি লৰ মাৰি [ ১৬ ]

 পহুবৰণীয়া পোৱালীটো সোমাবলৈ নৌ পাওঁতেই বনৰজাই তাৰ ডিঙিটোত কামোৰ মাৰি ধৰি হাবিলৈ টানি নিলে৷ [ ১৭ ] আহিল। পখৰা পোৱালীটো কথমপি ভিতৰ সোমাল, কিন্তু পহুবৰণীয়া পোৱালীটো সোমাবলৈ নৌ পাওঁতেই বনৰজাই তাৰ ডিঙিটোতে কামোৰ মাৰি ধৰি হাবিলৈ টানি নিলে।

 এতিয়া বাকী ৰল তিনটাৰ ভিতৰত পখৰা পোৱালীটো৷ বনৰজাৰ চকুত টোপনি নাই, তাক কেনেকৈ গতি লগায়। সি নানা বিধ বুধি পাঙিলে, কিন্তু “আলচা কথা নহয় সিধি, বাটত আছে কণা বিধি।” লগৰ দুটাক খোৱা দেখি পখৰা বৰ টেঙৰ হল। গতিকে বনৰজাই যি বুধিকে সাজক পখৰাই ততালিকে তাক ধৰা পেলায়।

 এদিন পখৰাই ভোকত তৎ নাপাই তাৰ দুমহলা ঘৰৰ পৰা জখলাৰে নামি চৰিবলৈ গ'ল। সি জখলাটো তুলি থবলৈ পাহৰি গল। সি ঘূৰি আহি দেখে বনৰজাটো তাৰ ঘৰত সোমাই আছে। পখৰা ভয়ত বিবুদ্ধি নহল। সি লৰমাৰি গৈ জখলা মাটিত পেলাই দিলে আৰু বনৰজাক কলে— “ককাই, তুমি কেতিয়া আহিলা? বাৰু, তুমি আমাৰ ঘৰতে অলপ শোৱা; মই তোমালৈ চাহপানী এটোপাকে তপতাওঁ।” এই বুলি পখৰাই বৰ ডাঙৰ টৌ এটাতে এটৌ পানী দিলে আৰু ওচৰৰ খৰি-খেৰ দমাই লৈ একুৰা প্ৰকাণ্ড জুই ধৰিলে। জুই দপ দপকৰে জুলি ওপৰ চাল পালেগৈ আৰু পানী টো বক্‌বক্‌কৈ উতলিবলৈ ধৰিলে।

 পখৰাৰ বঙলাৰ ওপৰ মহলাত বনৰজাই ছট্‌ফট্ ধৰফৰ কৰি খঙত গুজৰিবলৈ ধৰিলে। শেষত ওপৰ মহলাত জুই লাগি বনৰজা থলপ কৰে চাঙৰ পৰা সৰি পানী টোৰ ভিতৰত পৰি এটৌ হলহি আৰু পখৰাই লৰালৰিকৈ সাফৰখন মাৰি ধৰিলে। উতলা পানীত চাহপাত সিজাৰ দৰে চাহপানী খাবলগা বনৰজা নিজেই ভালকৈ সিজিলে; আৰু পখৰাই সেই দিনাই ঠাই এৰি আন ঠাইত ঘৰ ললেগৈ। ০০

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।