পৃষ্ঠা:Bilati Pitha.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পহু-বৰণীয়া পোৱালীটো এদিন বাটেদি কেনিবা যাওঁতে দেখিলে এটা মানুহে বহুত বেত লৈ গৈছে। সি মানুহটোৰ কাষ চাপি গৈ কলে, “ককাই, মোক একাপমান বেত দিব পাৰিবনে?” তাক পেংলাই কৰা বুলি ভাবি খঙেৰে মানুহটোৱে কলে, ‘বেতেৰে কি কৰিবি?’ পোৱালীটোয়ে ক’লে- “আমি এটা ঘৰ সাজিব খুজিছো, --বে-এ- এ!” মানুহটোৰ এইবাৰ হাঁহিত পেটু-নাড়ী ছিগিল! ছাগলী পোৱালীয়ে আকৌ ঘৰ সাজে! তথাপি সি মৰমতে পহুবৰণীয়াৰ পিঠিত একাপ বেত দিলে। পোৱালীটোৱে বেত কাপ লৈ ইকেইটা পোৱালীৰ ওচৰ পালেগৈ। এতিয়া অলপ যত্নতে সিহঁতৰ ভিতৰত আটাইখিনি বস্তু যোগাৰ হল।

 এতিয়া সিহঁতে আকৌ কেইবাদিনো আলচ কৰিলে— ঘৰটোনো কোনখিনিত সাজিব। ঠাই ঠিক হল এটি সৰু টিলাৰ ওপৰত। পাৰৰ টঙিৰ দৰে দুমহলীয়া ধুনীয়া সৰু ঘৰটি সজা হলত তিনিও তাত সুখেৰে থাকিবলৈ ললে। ওচৰৰ ঘাঁহনিত দিনটো পেট ভৰাই চৰি গধূলি ঘৰলৈ আহি শোৱে। এইদৰেই সিহঁতৰ ৰঙেৰে দিন যাবলৈ ধৰিলে।

 পিছে, “আলচা কথা নহয় সিধি। বাটত আছে কণা বিধি। সিহঁতৰ দিন সদায় এইদৰে যাবলৈ নাপালে। সিহঁতৰ ঘৰ সজা টিলাটো আছিল এখন হাবিৰ ওচৰত। সেই হাবিত এটি লুভীয়া ঢেকীয়াপটীয়া বনৰজা পোৱালী আছিল। কোমল মঙহৰ এই ছাগলী পোৱালীকেইটিক দেখি তাৰ কেতিয়াবাৰ পৰাই জিভাৰ পৰা লোভৰ পানী পৰিছিল। এতিয়া কিদৰেনো সি ছাগলী পোৱালী তিনটিক দিহা লগাব, তাৰ বাবে নানা ধৰণৰ বুদ্ধি সাজিবলৈ ধৰিলে। কিন্তু সকলো পানীৰ ঔটেঙা। সাজে আৰু ভাগি যায়।

 এদিন গধূলি বনৰজা পোৱালীটি আহি সিহঁতৰ ঘৰৰ তলৰ মহলাত উপস্থিত হ’ল। “অ’ পোৱালী, পোৱালী! পোৱালী ঘৰত আছনে?” বেৰৰ জলঙাই জুমি চাই পোৱালী কেইটাৰ চুলিৰ আগে জীৱ গ'ল! সিহঁতে ভয়তে চেপেটা মাৰিলে। “অ’ পোৱালী, পোৱালী, ওলাই আহচোন।” “কেলেই?’’ — ভিতৰৰ পৰা কঁপা মাতেৰে সিহঁতে সুধিলে। “ওচৰচুবুৰীয়া, মাত লগাবলৈ আহিছোঁ।” ‘দিনত নাহা কেলেই?” “আহৰি নাপাওঁ।” সিহঁতে ভালকৈ দুৱাৰ দাং মাৰি সোমাই থাকিল। কোনেও নমতা দেখি বনৰজাই আকৌ কলে—