সি কোনোবা সত্য যুগৰ কথা! তেতিয়া গৰু-ছাগলী নালাগে গছ-গছনিয়েও কথা কব পাৰিছিল। কোন কালতে এঠাইত তিনটি ছাগলী পোৱালী আছিল। তিনিওটি ঘাটমাউৰা, মাক-বাপেক কেও নাই। পোৱালীকেইটি এনে ধুনীয়া আৰু এনে ৰঙিয়াল। তাৰে এটা বগা, এটি পখৰা আৰু এটি পহু বৰণীয়া। সিহঁত তিনটাৰ ভিতৰত বৰ মিল, ইটিক নেদেখিলে সিটিয়ে এখন্তেকো থাকিব নোৱাৰে।
লোকৰ পিৰালিয়ে চাঙতলে পৰি থাকি বেয়া লাগি সিহঁতৰ মন গল নিজা এটি ঘৰ সাজি লবলৈ। তিনিও নানা কথা পাতিলে, নানা উপায় আলচিলে, ক’তনো কেনেকৈ ঘৰ সাজিব, ক'ত বয়-বস্তু পাব! কেইবাদিনো নানা কথা পাতিলে, নানা কথা পাঙিলে— নিজৰ বাৰীখন আছেনে তাৰ পৰা বেত-বাঁহ আনিব? নিজৰ নাওখন আছেনে চাপৰিলৈ গৈ খেৰ কাটি আনিব? নাইবা ধনৰ থুনুপাকটিয়েই ভৰি আছেনে ধনেৰে বস্তু কিনি মানুহ ধৰি কাম কৰাব?
পিছে ঘৰ সাজিবলৈ বা সংসাৰত কোনো কাম কৰিবলৈ বাৰীও নাথাকক, নাৱো নাথাকক, ধনো নাথাকক, বুধি থাকিলেই সকলো হয়। ছাগলী পোৱালীকেইটি আছিল বৰ বুধিয়ক। এদিন বগা পোৱালীটো আলিলৈ যাওঁতে এটা মানুহে গৰু-গাড়ীৰে এগাড়ী শৰণ খেৰ নিয়া দেখিলে। সি গাড়ীখনৰ আগলৈ গৈ মাত লগালে— “ককাই, মোক কেইডালমান খেৰ দিব পাৰিবানে?” “তোমাক আকৌ খেৰ কি কৰিবলৈ?” মানুহটোৱে আচৰিত হৈ সুধিলে। ঘৰ সাজিবলৈ, —বে-এ-এ’ বুলি সি লেন লগাই কলে। মানুহটোৰ হাঁহি উঠিল, দুমুঠি খেৰ সি পেলাই দিলে। খেৰখিনি কান্ধতকৈ লৈ বগা পোৱালীটো ঘৰলৈ লৰ দিলে।
পখৰা পোৱালীটিয়েও এদিন বাটত এটা মানুহক দুটামান বজাল বাহঁ নিয়া দেখি কলে- ‘ককাই, মোক বাহঁ এটা দিব পাৰানে?’ “তোমাক আকৌ বাঁহ কেলেই?”—আচৰিত হৈ সি সুধিলে। “ঘৰ সাজিবলৈ, —হোঁ-ওঁ-ওঁ”! মানুহটোৱে হাঁহি সামৰিব নোৱাৰিলে। সি বাহঁ এটা ছাগলী পোৱালীটোৰ কান্ধত তুলি দিলে। পখৰায়ো তাকে লৈ ঘৰ ওলালহি।