সমললৈ যাওক

পৃষ্ঠা:Bilati Pitha.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
 


“পোৱালী, ওলাই আহচোন, কথা এটা কওঁ। নহলে তহঁতৰ ঘৰটো ফুৱাই ফুৱাই উৰাই দিম, সঁচাকৈয়ে কৈছোঁ৷’’ সিহঁত তেতিয়াও তলকা মাৰি থাকিল।

 বনৰজা পোৱালীয়ে সঁচাকৈয়ে ঘৰটো ফুৱাবলৈ ধৰিলে। ইমান গাৰ বলেৰে ফুৱালে যে সিহঁতৰ ঘৰটো ঘট্ ঘট্ কৰে লৰিবলৈ ধৰিলে। বগা পোৱালীটোৱে বেৰৰ ওপৰেদি বাঘটোক জুমি চাই আছিল। আৰু এইবাৰ জোকাৰত সি থলপ কৰে সৰি মাটিত পৰিল। বনৰজাটিয়ে লাহেকৈ কামোৰ মাৰি পোৱালীটো ধৰি লৈ আকৌ হাবিত সোমাল।

 কেইদিন মানৰ পিছত এদিন গধূলি বাঘটো আকৌ আহিল— “পোৱালী, পোৱালী, অ' পোৱালী! পোৱালী আছনে?” আকৌ সেই আগৰ দৰে মাতিলে। পখৰা আৰু পহুবৰণীয়াৰ গাৰ কঁপনি উঠিল “-কে-লে-ই?” “বৰ ডাঙৰ কথা এটা আছে, নামি আহচোন।” “এতিয়া ওলাই যাব নোৱাৰো, দিনত আহিবি।” “দিনত আজৰি নাই।” “তেনে কি কব লগা আছে তাৰ পৰাই কোৱা।” আন উপায় নেদেখি বাঘে ক'লে-- “কাইলৈ গধূলি সাত বজাত সৌ মুকলি পথাৰতে এখন ডাঙৰ সভা বহিব, তালৈকে মই তোক মোৰ লগত লৈ যাম; তই ওলাই থাকিবি।”

 পোৱালীহঁতে কথাটো তৎক্ষণাত বুজি পালে। তথাপি “বাৰু’’ বুলি শলাগি থলে৷

 পিছদিনা দিনতে পখৰা আৰু পহুবৰণীয়া দুয়ো ঘৰ এৰি মনে মনে অইন ঠাইলৈ গুচি গল। বাঘটো ছাগলি পোৱালীকেইটা নোযোৱা দেখি সি সিহঁতৰ ঘৰলৈকে আহিল আৰু ‘পোৱালী, পোৱালী, অ পোৱালী, পোৱালী ঘৰত আছনে?” বুলি বহুত পৰ মাতিলে। তথাপি তাৰ কোনো মাত নুশুনিলে, আৰু ভিতৰত থকাৰো কোনো গম নাপালে। তেতিয়া সি ভাবিলে পোৱালীহঁত কিজানি তাতোকৈ আগেয়ে কৰবালৈ পলাই গল। যিহওক সিহঁত ঘূৰি আহিলে জাপ মাৰি ধৰিবলৈ বুলি সি বহুত পৰলৈকে জোপ লৈ আছিল। ছাগলী পোৱালীকেইটাও আছিল অতি টেঙৰ। সিহঁতেও বাঘটো নাযায় মানে ঘৰলৈ উলটি নাহিল। বাঘটোৰ ৰৈ ৰৈ আমনি লাগিল আৰু সি লাহে লাহে এখোজ দুখোজকৈ পিছলৈ ঘূৰি ঘূৰি চাই যাবলৈ ধৰিলে। ইফালে ছাগলী পোৱালী কেইটায়াে বাঘটো গৈছে বুলি ভাবি লাহেকৈ দুৱাৰখন মেলি সোমাব খুজিছে, এনেতেই বাঘটো ঘূৰি লৰ মাৰি