পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মানুহৰ সৃষ্টি।

(১)

 ব্ৰহ্মা সৃষ্টি কাৰ্যত মত্ত। কত সহস্ৰ প্ৰকাৰৰ জীৱ স্ৰজন কৰিলে তাৰ ইয়ত্তাই নাই।

 গছ-বৃক্ষ-প্ৰকাণ্ড প্ৰকাণ্ড একো ডাল; তাৰ পাত, ফল, ফুল, ছাল সকলো সুৰক্ষিত, গাত খোপ খোপ কাঁটা তাৰ আত্ম ৰক্ষাৰ অস্ত্ৰ।

 জীৱ-জন্তু⸺কাৰো আকৃতি পৰ্বতৰ শৃঙ্গৰ দৰে বিশাল আৰু মজবুত; কাৰো ছাল লোহাৰ পাতত কৰিও ডাঠ আৰু ঘন; কাৰো দাঁত-নখ সুতীক্ষ্ণ অস্ত্ৰত কৰিও চোকা আৰু তিহ্‌তিহীয়া; কাৰো লোমাবলী পছমৰ অত্যুৎকৃষ্ট বস্ত্ৰত কৰিও কোমল আৰু নৰম।

 পোক-পৰুৱা⸺কাৰো মুখত সুতীব্ৰ বিষ , কাৰো মুখত