পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৪ ]

সাক্ষাৎ হলাহল; কাৰো গঠন তাৰ আবাস ভূমিৰ লগত অভিন্ন; অৱস্থা বুজি কাৰো গাৰবৰণৰ পৰিবৰ্তন।

 পশু-পক্ষী⸺কোনো দৌৰত সপটু; কোনো আত্ম-ৰক্ষাত ধীৰ-খিৰ; কোনো উড়নত বায়ুৰ তুল্য; কোনো চিকাৰত, ঘ্ৰাণত, দৃষ্টিত, সৃষ্টিৰ মাজত অতুলনীয়।

 ব্ৰহ্মাদেৱে স্বৰ্গীয় বুদ্ধিৰ পৰাকাষ্ঠা দেখুৱাই নিজৰ ওপৰতে ভৰ দি চলিব পাৰা কৰি অসংখ্য অসংখ্য জীৱ সৃষ্টি কৰি তেওঁৰ কাৰখানা ভৰাই থলে। বিষ্ণুদেৱ আহিলে, আৰু তেওঁ ভাল বুলিলে সেইবিলাকক সংসাৰত মেলি দিব লাগে।

(২)

 ব্ৰহ্মাদেৱৰ আছিল এজনী জীয়েক—কথা ফুটিছে, চাৰিও ফালে দাউৰি-হাউৰি ফুৰে, আৰু আদৰৰ অত্যাচাৰ কৰি ব্ৰহ্মাদেৱক আৰু তেওঁৰ গৃহিনী সাবিত্ৰী দেবীক অস্থিৰ কৰি তোলে। কোনো দিন অমৃত খাব নাপাই কান্দন, কোনো দিনা অমৃত খাব পাই হাৱা-ৰাৱা; কোনো দিন তাৰা ফুলৰোৰ ফুটে দেখি গাউৰি, আৰু কোনো দিন নূফুটে দেখি হাহাকাৰ।

 ব্ৰহ্মাৰ জীয়েকৰো পিতৃ-দেৱতাক অনুকৰণ কৰি কিবা এটা সৃষ্টি কৰিবলৈ মন গল; সৰু লৰা-ছোৱালীৱে যি দৰে জেৰৰ বৰ-কইনা সাজে।