“মায়ে যদি কৈ থৈছে, হবই লাগে। তোৰ মাৰা সাবিত্ৰী দেৱী⸺জ্ঞানৰ অধিষ্ঠাত্ৰী। তেওঁৰ কথা অথলে যায়। বাৰু দাদা, তুমিতো এইবোৰ সৃষ্টি কৰিলা; ৰাজাও তো এজন লাগিব; তুমি নো কাক ৰাজা পাতিবা বুলি ভাবিছা?”
ব্ৰহ্মাই কলে, “সেই কথা মই ভাবাই নাই। এতিয়া তোমাৰ লগত দিহা-পৰামৰ্শ কৰি এজনক পাতিলেই হব।”
“কাক নো পাতিবা! তুমি দেখোন প্ৰত্যেককে একোটা বিশেষ শক্তি দিয়া। কোন ডাঙৰ কোন সৰু কেনেকৈ ঠিক কৰিবা। মই কওঁ ইয়াকে, মাইছানাৰ মানৱকে, ৰাজা পাঁতোচোন।”
ব্ৰহ্মাদেৱৰ জীয়েকৰ আনন্দৰ সীমা নাই। “হয়, খুড়া হয়। পাতা। ই খুড়া ভাল ৰাজা হব।”
ব্ৰহ্মাদেৱৰ হাঁহি উঠিল, “তোমাৰো কথা বিষ্ণু। তুমিয়েহে লৰা-ছোৱালীৰ লগত এইবোৰ ধেমালি কৰিব পাৰা।”
“ধেমালি নহয়, দাদা, বৌদেৱে কোৱা কথা ৰাখিবই লাগিল। চাওঁ, আই, লৈ আহ তোৰ মানৱক।”
ব্ৰহ্মাৰ জীয়েকে মূৰ্তিটি বিষ্ণুৰ ওচৰলৈ নিলে। বিষ্ণুয়ে আতি সন্তৰ্পণে মানৱৰ মুখত অমৃতৰ কণা এটি সুমাই দিছে।
ব্ৰহ্মা আচৰিত হৈ কৈ উঠিল, “কি কৰিলা বিষ্ণু। ই যে অমৃত!