পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৩ ]


 এইসকল পণ্ডিত লোকৰ অকাট্য যুক্তিৰ কথা শুনি পান্থ আগৰ বাটৰপৰ ফিৰি আহে; আন বাট লয়। কোনোটোৰে অৰ্থৰ বিলাস-ভবন পায়, কোনোটোৰে যশস্যাৰ কীৰ্তি-মন্দিৰ সোমায়, কোনোটোৰে ভোগৰ সুখলায়ত প্ৰবেশ কৰে; কিন্তু পান্থই ইমান সুদূৰ অতীতৰ পৰা বিচাৰি ফুৰা বিশ্ৰামৰ চিন কতো নেদেখে।

 যিমান দিনৰ কথা মনত পৰে, স্মৃতি-চিন্তাই যিমান অতীত কথা ঢুকি পায়, তাৰ চমু বুৰঞ্জী এই। পান্থৰ বিৰাম নাই, বিশ্ৰাম নাই।

(৩)

 মৰুভূমিত মৰীচিকা-লুব্ধ হৰিণাৰ দৰে পান্থই দিশ-বিদিশ হৰুৱাই হাহাকাৰ কৰি ফুৰিছে—বিশ্ৰাম কত, বিৰাম কত, এই দুখময় পথৰ অন্ত কত! যদি কোনোবা আছা কোৱা, বিৰাম কত, বিশ্ৰাম কত! যদি কোনোবাই জানা কোৱা, এই দুখময় পথৰ অন্ত কত!

 এনেতে জোনাকৰ দৰে শুভ্ৰ স্নিগ্ধ মূৰ্তি এজনাৰ আবিৰ্ভাৱ হল। মূৰ্তিয়ে কলে-“ভয় নাই, ভয় নাই, বিৰাম আছে, বিশ্ৰাম আছে। চোৱা, তুমি যতে আছা তাতে। ইয়াতে থাকা, এয়ে তোমাৰ বিশ্ৰাম-ভৱন, ইয়াতে জিৰণিৰ অনন্ত শান্তি পাবা, পথৰ অশেষ ক্লেশৰ অন্ত হব।