সকলোএ একোটা দিশ দেখুৱাই দিয়ে; কোনেও হাতেৰে
আঙুলিয়াই পৰ্যন্ত দেখুৱায় বিশ্ৰামৰ ঠাই আৰু ভৱন।
পান্থই অনেক কষ্ট কৰে; ঘামি-জামি লালকাল হয়; কাঁইট
কাননৰ আছোৰত গা ছিৰা-ছিৰ হয়; আলিৰ শিলৰ খোছনি
খাই ভৰি ফালি-ছিৰি যায়; দেখুৱাই দিয়া ঠাইত
উপস্থিত হৈ পান্থই দেখে তাতো বিশ্ৰাম নাই। আৰু
হতাশ্বাস হৈ আন ফালে গতি কৰে। কেতিয়াবা এনে নিদাৰুণ
দুৰাশাই মনত দুৰ্বাৰ বল দিয়ে, আৰু কেতিয়াবা বা দুৰ্ঘোৰ
দুৰ্বলতা আনি জীৱনী শক্তিকে অসাৰ কৰি তোলে।
যিমান দিনৰ কথা মনত পৰে, স্মৃতি-চিন্তাই যিমান অতীত কথা ঢুকি পায়, তাৰ চমু বুৰঞ্জী এই। পান্থৰ বিৰাম নাই, বিশ্ৰাম নাই।
(২)
কোনো অতীত যুগত, একোবাৰ মনত পৰে, একো জন সাধু-সন্ন্যাসীএ বিশ্ৰামৰ বাট দেখুৱাই দিছিল; আৰু সেই বাটেৰে গৈ এই সীমাহীন ঘূৰণৰপৰা বিৰাম পাবৰ আশা হৈছিল। এনেতে বাটত আৰু পণ্ডিত লোকক লগ পায়; সিবিলাকে নানা তৰ্ক-যুক্তিৰে দেখুৱাই দিয়ে যে সাধু-সন্ন্যাসীবিলাক পাগল, তেওঁলোকে দেশৰ হাৱা চিনি নাপায়, বাটৰ একো ভু-ভতং নাজানে। পান্থই তেওঁলোকৰ মতে চলিলে কেৱল নৈৰাশ্য দুখ দৈন্য হাহাকাৰৰ মাজলৈহে যাব পাৰিব; শান্তি নাপায়, বিশ্ৰাম নাপায়।