পৃষ্ঠা:অনিমা গুহ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঙালী লেখিকাৰ পিছে পিছে আহি তেওঁলোকৰ চিৰিৰ তলত দুদিনমানৰ বাবে থাকিবলৈ হিপ্পীজনে অনুমতি বিচাৰিছিল। তাত দুটামান বাটৰ ভতুৱা কুকুৰ থাকে বুলি কোৱাত হিপ্পীয়ে কৈছিল সিহঁতৰ লগতে থাকিব। লেখিকাৰ এই পগলা যেন ল'ৰাটোৰ অদ্ভুত ধৰণৰ প্ৰস্তাৱটো ভাল নালাগিল। নিজৰ ঘৰতো ঠাই নাই যে থাকিবলৈ দিব। অৱশেষত দুদিনমানৰ বাবে থাকিবলৈ আত্মীয় এজনৰ ঘৰত ব্যৱস্থা কৰি দিলে। পিছে হিপ্পীৰ যোৱাৰ কোনো লক্ষণতো নেদেখিলেই, বৰঞ্চ ৰাতি ৰাতি তেওঁলোকৰ লগত খোৱা টেবুলত বহিবলৈ আৰম্ভ কৰিলে। আপদটোক বহু কষ্ট কৰি খেদাৰ কিছুদিনৰ পাছত আকৌ উভতি অহাত গৃহস্থই ভূত দেখা যেন পাইছিল। এইবাৰ সি কেৱল থাকিবলৈ খোজাই নহয়, তেওঁলোকৰ ছোৱালীজনীক বিয়া কৰোৱাৰ প্ৰস্তাৱো দিলে। ইমান আস্পর্ধা বাটৰ ভিকহুটোৰ! দীঘলীয়া ইতিহাস চমুকৈ কওঁ, সি জাৰ্মানীৰ চহকীয়ে নহয় এটা আঢ্যৱন্ত পৰিয়ালৰো ল'ৰা। তাৰ প্ৰেমত পৰিছিল ছোৱালীজনীও। অৱশেষত বিয়াও হ’ল। বিয়ালৈ দৰাৰ পৰিয়ালৰ অনেকে আহিছিল। কইনাই শহুৰৰ ঘৰৰ পৰা মাক-দেউতাকলৈ লিখিলে যে দৰা ঘৰক যিমান চহকী বুলি ভাবিছিল তাতোকৈ কেইবাগুণে বেছি চহকী!

 হিপ্পীক ইয়াতে এৰি কেপকডলৈ উভতি যাওঁ। তাৰে এটা আলিবাটত থিয় হৈ কেনেডি পৰিয়ালৰ বিশাল সাম্ৰাজ্যৰ এটা অংশ চাই আমি সমুদ্র সৈকতলৈ গৈছিলো। ইয়াত নিৰ্জন তটভূমিৰ অভাৱ নাই। সমুদ্ৰৰ ঢৌবোৰৰ দৰেই বলিয়া বতাহে সাগৰৰ পাৰবোৰত ধুমুহাৰ সৃষ্টি কৰে। আমাৰ দৰে মানুহক উৰুৱাই নিব পৰা তাৰ দুৰন্ত শক্তি। তাৰ লগত এই জাকে কঢ়িয়াই আনিছিল বৰফৰ শীতলতা। এনে লাগিছিল যেন কলিজা গোট মাৰিব এতিয়াই। আচৰিত হৈ দেখিছিলো এনে পৰিবেশত এজন মানুহে ভুৰৰ দৰে বস্তু এছটাত উঠি ঢৌৰ সৈতে উঠা-নমা কৰি আছে। কি যে অদম্য মনোবল আৰু দুৰ্দান্ত সাহস।

 তিমি মাছ নেদেখাৰ দুখ পাতলাবলৈ জয়ে আমাক কেপকডৰ বিখ্যাত লৱষ্টাৰ খুবাবলৈ ৰেস্তোৰাঁ এখনলৈ নিছিল। দীঘল দীঘল হাতোৰাসদৃশ ঠেং থকা ডাঙৰ মিছা মাছেই লৱষ্টাৰ। দুগৰাকী পৰিচাৰিকাই লৱষ্টাৰ খাওঁতে কাপোৰ-কানি নষ্ট নহ’বলৈ প্রত্যেকৰ ডিঙিত একো একোখন প্লাচটিকৰ কাপোৰ আৰি দিলে। তাৰ পাছত সমুখলৈ আনিলে একো একোখন বিৰাট আকাৰৰ প্লেট, যিবোৰৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ আছিল একো একোটা নোদোকা লৱষ্টাৰ। দুয়োখন হাত ব্যৱহাৰ নকৰিলে লৱষ্টাৰ খাব নোৱাৰি। ভদ্র সমাজত মুখখন সামান্য মেলি নিঃশব্দে খোৱাৰ ৰীতি লৱষ্টাৰ

বাকীছোৱা জীৱন /১৭১