বাকীছোৱা জীৱন/হিংসাত উন্মত্ত পৃথিৱী
হিংসাত উন্মত্ত পৃথিৱী
নব্বৈৰ দশকৰ আগভাগৰ এটা গধূলি সক্ৰিয় গণশিল্পী জাগীৰোড কলেজৰ তৰুণ প্ৰবক্তা সুভাষ সাহা আমাৰ ঘৰলৈ আহিছিল গৃহস্থৰ সৈতে কিবা আলোচনা কৰিবলৈ। কলকাতাৰ পৰা আমি গুচি অহা বেছি দিন হোৱা নাছিল। সিদিনা চাহ-পানী খাই এওঁৰ ঘৰুৱা লাইব্ৰেৰীটোৰ পৰা কিছু কিতাপ আৰু ফাইল উলিয়াই মজিয়াতে পাটী এখন পাৰি বহিছিল সুভাষ। মই আহি বহিছিলো ভিতৰৰ কোঠাত। এনেতে কলিজাক স্তব্ধ কৰা এটা শব্দ শুনিলো। সেই শব্দৰ খুন্দাত আমাৰ ঘৰৰ দুৱাৰ-খিৰিকীবোৰ ঝন্ঝনাই কঁপি উঠিল৷ যোৱা শতিকাৰ নব্বৈৰ দশকত অ’ত ত’ত প্ৰায়ে বোমা বিস্ফোৰণ ঘটি আছিল। সিদিনা শব্দটোৰ প্ৰাবল্য ইমানে উচ্চ ক্ষমতাসম্পন্ন আছিল যে মোৰ ধাৰণা হ’ল আমাৰ ছাদতে বোমাটো ফাটিল। ওচৰ-চুবুৰীয়া সকলোৱে বাহিৰলৈ ওলাই আহি ভয়তে কঁপিবলৈ ধৰিলে। কেইজনমানে ভাবিলে আমাৰ চৌহদতে বিস্ফোৰণটো ঘটিছে। সেই সময়ত নানা ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল। হঠাতে ভয় লাগিল আমাৰ গৃহস্থৰ ক্ষতি কৰিবলৈ কোনোবা দুৰ্বৃত্ত অহা নাইতো? সম্বিৎ ঘূৰি অহাৰ পাছত সুভাষক ক’লো বেগেতে ঘৰলৈ উভতি যাবলৈ। তেতিয়াৰ দিনত কেবল টিভি নাছিল যদিও জীৱনটো হাতত লৈ বাটেৰে লৰা-ঢপৰা কৰা মানুহৰ মুখে প্ৰায়ে লগে লগেই জানিলো শক্তিশালী বিস্ফোৰণটো ঘটিছে পল্টনবজাৰত। মানুহৰ কেঁচা তেজ, পোৰা মাংসৰ গোন্ধে এক নাৰকীয় দৃশ্যৰ সৃষ্টি কৰিছে। অলপ পাছতে গম পালো প্ৰায় একেটা সময়তে দিছপুৰতো একে কাণ্ড ঘটিছে। পিছদিনা সুভাষে কৈছিল বশিষ্ঠৰফালে তেওঁৰ ঘৰ গৈ পাওঁতে ভালেখিনি ৰাতি হৈছিল সিদিনা। লাহে-ধীৰে গম পালো এই পৈশাচিক নৰমেধ যজ্ঞৰ আঁৰত কাৰ হাত আছিল। বৰ্তমানে তেওঁলোকে কি কৰি আছে ই সকলোৰে জ্ঞাত। ৰাজনীতিত মই তেনেই কেঁচা। গতিকে কিছুমান বিষয়ে মোক আদিম যুগৰ মানুহৰ দৰে অবাক কৰে। নব্বৈৰ দশকত উল্লিখিত বিস্ফোৰণটোৱে আছিল আটাইতকৈ ধ্বংসাত্মক। অমানৱিক এই ঘটনাটোৰ [ ১৫৭ ] আঁৰত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোক এতিয়া সমাজৰ আগশাৰীৰ ব্যক্তি।
সিবাৰেই আছিল বোমা বিস্ফোৰণ আৰু তাৰ ফলাফলৰ সৈতে মোৰ প্ৰথম পোনপটীয়া চিনাকি। সিবাৰেই যদি শেষ হ'লহেঁতেন! পিছে পৃথিৱী ইমান সোনকালে সন্ত্ৰাসমুক্ত নহয়। বিশ্বৰ বীভৎসতম সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখিছো ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে নিউয়ৰ্কত, যিদিনা অল কায়দাৰ উৰাজাহাজৰূপী উৰন্ত বোমাৰ আঘাতত আমেৰিকাৰ গৌৰৱ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক গাঁথনিটো চকুৰ পচাৰতে ভাগি পৰিছিল। নিউয়ৰ্কৰ স্কাইলাইন উদং কৰি ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ গগণচুম্বী টাৱাৰ দুটা, যি দুটাৰ প্ৰতিটোৰ উচ্চতা আছিল এক চতুৰ্থাংশ মাইল লো আৰু কংক্ৰিটৰ ধ্বংসস্তূপত পৰিণত হৈছিল। টাৱাৰ দুটাত বিভিন্ন মহলাগামী তেইশটা এক্সপ্ৰেছ আৰু তেসত্তৰটা সাধাৰণ লিফ্টৰ ওপৰলৈ যোৱাবোৰ ধ্বংস হোৱাৰ পাছতো তলৰবোৰ ভালেমান সময় চালু হৈ নথকা হ’লে মৃত্যুৰ সংখ্যা ২,৮০১ তকৈ বেছি হ'লহেঁতেন। নিজৰ জীৱনৰ মায়া ত্যাগ কৰি উদ্ধাৰকাৰ্যত ব্ৰতী কৰ্তব্যপৰায়ণ ব্যক্তিসকলৰো বহুতৰে সিদিনা মৃত্যু হৈছিল। অগ্নিনিৰ্বাপক বিভাগৰ অনেকৰে জুইৰ প্ৰচণ্ড উত্তাপত মৃত্যুতো হৈছিলেই, অৰ্ধমৃত অৱস্থাতো কিছুমানে উভতিছিল ঘৰলৈ।
মুহূৰ্তৰ ভিতৰতে ফোনবোৰ বিকল হোৱা বাবে সেই অঞ্চলত চাকৰি কৰা আমাৰ ল’ৰা-বোৱাৰীৰ চিনাকি মানুহৰ খবৰ কৰিব পৰা সম্ভৱ নহ'ল। ইতিমধ্যে আন কিছুমান খা–খবৰ পাই মাৰ্কিন নাগৰিকসকলৰ প্ৰতি শ্ৰদ্ধা উপজিছিল। যাত্ৰী অনা-নিয়া কৰিবলৈ যি কেইখন বাছ চলিছিল তাত উঠিবলৈ কোনেও হেঁতা-ওপৰা কৰা নাই। লাইনত থিয় হৈ আছিল ধৈৰ্য ধৰি। মেয়ৰ, গৱৰ্ণৰ আৰু অন্যান্য নেতাসকল আছিল শান্ত, সমাহিত, ধৈৰ্যশীল। বিশেষকৈ মেয়ৰ জিউলিয়ানিয়ে যিদৰে নেতৃত্ব দিছিল তাৰ তুলনা নাই। প্ৰতিহিংসাৰ ফলস্বৰূপে লংকাকাণ্ড ঘটিব পাৰিলেহেঁতেন, যিদৰে হৈছিল ইন্দিৰা গান্ধী হত্যাৰ সময়ত। কিন্তু হোৱা নাই।
আমাৰ এজনী ভাগিনী জুলি বৰদলৈৰ অফিচটো কোনোবা এটা টাৱাৰৰ ত্ৰিশ মহলাত। তাই আহি পোৱাৰ অলপ আগতে ঘটনা ঘটি যোৱা বাবে সিদিনা ৰক্ষা পাইছিল। পিছে মৃতসকলৰ মাজত আছিল এজন চিনাকি ডেকা, মণিপুৰৰ জুপিটাৰ ইয়ামবেম। তেওঁ নৰ্থ টাৱাৰৰ এশ সাত মহলাত থকা The Windows of the World নামৰ ৰেস্তোৰাঁখনৰ মেনেজাৰ আছিল। বাৰ্ড কলেজৰ অধ্যাপক সঞ্জীৱ বৰুৱাই আমাক এবাৰ জুপিটাৰৰ ঘৰলৈ লৈ গৈছিল। দুপৰীয়াৰ আহাৰ সাজ খাই মাৰ্কিন গাভৰু নেনচিৰ সৈতে ইম্ফলত অনুষ্ঠিত জুপিটাৰৰ বিয়াৰ ফটোবোৰ দেখিছিলো।[ ১৫৮ ] পাছত শুনিছো নিউয়ৰ্ক ৰাজ্যৰ পাৰ্ক নাইবা আলিবাট এটাৰ নামকৰণ কৰা হৈছে জুপিটাৰৰ নামেৰে।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকে কেতিয়াও নিৰাপত্তাহীনতাত ভোগা নাছিল। পৃথিৱীৰ অধিকাংশ দেশ পূব গোলাৰ্ধত। আমেৰিকাৰ পূব আৰু পশ্চিম দুয়োটা সীমা বিধৌত, যথাক্ৰমে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উত্তাল জলৰাশিৰে। উত্তৰ আৰু দক্ষিণ সীমাত দুখন বন্ধু ৰাষ্ট্ৰ। এনে সুৰক্ষিত আৱেষ্টনীত পশ্চিম গোলাৰ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধ-বিগ্ৰহ, সন্ত্ৰাস ইত্যাদিৰ পৰা বহু নিলগত থাকি দিন কটাইছিল। উপসাগৰীয় আৰু ভিয়েটনাম আদি যিবোৰ যুদ্ধত আমেৰিকা লিপ্ত আছিল সেইবোৰ ঠাই মূল ভূখণ্ডৰ পৰা বহু দূৰৈত হোৱা হেতুকে সাধাৰণ নাগৰিকৰ ক্ষয়-ক্ষতি পোনপটীয়াকৈ হোৱা নাছিল। আনকি জাপানৰ সামৰিক শাসনে অতৰ্কিতে মাৰ্কিন নৌবাহিনীৰ ওপৰত ১৯৪১ চনৰ ৭ ডিচেম্বৰ তাৰিখে য'ত আক্ৰমণ হানিছিল সেইখন ঠাই পাৰ্ল হাৰ্বাৰো মূল ভূ-খণ্ডৰ পৰা হেজাৰ হেজাৰ মাইল আঁতৰত সমুদ্ৰৰ মাজত অৱস্থিত হাৱাই দ্বীপপুঞ্জত। যুদ্ধ-বিগ্ৰহ, ইতিহাসৰ উত্থান-পতন অনাদি কালৰে পৰা সংঘটিত হৈ আছে পূব গোলাৰ্ধত। আমেৰিকাৰ সাধাৰণ অসামৰিক ৰাইজে এই প্ৰথম খুন্দা খালে। হঠাতে সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণে তেওঁলোকক মানসিকভাৱে দুৰ্বল কৰিছিল। পিছে জাপানীসকলৰ দৰে আমেৰিকানসকলেও দুগুণ উছাহেৰে আকৌ নিজৰ ভৰিৰ ওপৰত থিয় দিছে। এটমবোমাত বিধ্বস্ত হিৰোশ্বিমা, নাগাছাকিৰ ধ্বংসৰ স্তূপৰ পৰা জাপানে ফিনিক্স পখীৰ দৰে উৰি আহি গঠন কৰিছে এক শক্তিশালী জাপান। প্ৰকৃতিও দেখিছো জাপানৰ প্ৰতি নিৰ্দয়। সম্প্ৰতি ছুনামী আৰু ভূমিকম্পৰ বিধ্বংসী প্ৰক্ৰিয়াৰ পাছতো কিন্তু কৰ্মপ্ৰিয় জাতিটোৰ মনোৱল অক্ষুণ্ণ হৈ আছে।
যোৱা শতিকাৰ নব্বৈৰ দশকৰ প্ৰথমফালে পল্টনবজাৰত সংঘটিত বোমা বিস্ফোৰণৰ অভিজ্ঞতাৰ পাছত অসমত লানি নিছিগাকৈ দেখি আছো হত্যাকাণ্ড— কিছুমান গুপুতে, কিছুমান প্ৰকাশ্যে। তাৰ আগতে ১৯৮৩ চনত সংঘটিত কুখ্যাত নেলী হত্যাকাণ্ডৰ সময়ত আমি আছিলো কলকাতাত। শুনাৰ পাছত শৰীৰ-মন জঠৰ হৈ গৈছিল। বিদেশী বহিষ্কৰণ আন্দোলনৰ সময়ত সঁচাই-মিছাই নানাধৰণৰ কাহিনী কাণত পৰিছিলহি। বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো আছিল গভীৰ। এই কথা উপলব্ধি কৰাৰ পাছতো আন্দোলনকাৰীসকলে বিদেশী বিতাড়ন কৰিবলৈ যি পথ লৈছিল তাক মুষ্টিমেয় কেইজনমানৰ মনঃপুত হোৱা নাছিল। এওঁলোকৰ মাজত এগৰাকী আছিল চিন্তাশীল, [ ১৫৯ ] দূৰদৰ্শী আৰু সাহসী সাহিত্যিক নিৰুপমা বৰগোহাঞি। গড্ডালিকা প্ৰৱাহত উটি নগৈ তেওঁ নিজৰ বিশ্বাসত অলৰ-অচৰ হৈ আছিল। তেওঁ দৃঢ়ভাৱে উপলব্ধি কৰিছিল যে আবেগৰ ঢৌত উটি-ভাহি অধিকাংশই একেটা পথৰে আগবাঢ়িলেও ই হিতে বিপৰীতহে হ'ব। তেওঁৰ ভাষাত 'সাপতো নমৰিবই, লাঠিডালহে ভাগি যাব'। স্পষ্টবাদিতাৰ বাবে তেওঁ চাকৰিটো হেৰুৱাই গভীৰ অৰ্থসংকটত পৰিছিল। নিৰুপমাক মই কলেজ জীৱনৰ পৰাই জানো। তেওঁ অসমৰ সাহিত্য আকাশৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ। এই কথা স্বীকাৰ কৰিও মই কিন্তু তেওঁৰ সৎ সাহসিকতাকহে অধিক সন্মান কৰো। ছাত্ৰী জীৱনৰে পৰা তেওঁ অত্যন্ত নিৰ্ভীক। তেওঁৰ কথা শতকৰা এশভাগেই সঁচা বুলি পৰৱৰ্তী কালত প্ৰমাণিত হৈছে। সাপতো আজিলৈকে নমৰিল, লাঠিডাল ডোখৰ ডোখৰ হ'ল। সুদীৰ্ঘ ছবছৰীয়া এটা গণ আন্দোলন আৰু আন্দোলনৰ ফলত নিহত কেইবাশ ব্যক্তিৰ মৃত্যুৰ পাছত ১৯৮৫ চনত সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি। আজি ইমান বছৰ পাছতো সেই চুক্তিখন তেনেকৈয়ে থাকিল। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ প্ৰক্ৰিয়া এটা যেন প্ৰহসনত পৰিণত হৈছে। আনহাতে ডিটেনশ্যন কেন্দ্ৰবোৰত বছৰৰ পাছত বছৰ ধৰি পোহপাল দি চৰকাৰে খৰচ কৰি আছে অসমৰ ৰাজকোষৰ কোটি কোটি টকা। বয়সত কনিষ্ঠ হ'লেও কবি-সাহিত্যিক তোষপ্ৰভা কলিতা আজি মোৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী। তেওঁৰ লগত মোৰ চিনাকি আমি গুৱাহাটীলৈ অহাৰ পাছত। তেৱোঁ আছিল আন্দোলনবিৰোধী, ফলত সামাজিকভাৱে তেওঁৰ পৰিয়ালটোও অস্পৃশ্য হৈ থাকিবলগীয়া হৈছিল।
আন্দোলনটোৰ কংগ্ৰেছৰ বাহিৰে ঘাইকৈ বিৰোধিতা কৰিছিল কমিউনিষ্টসকলে। যিসকল অকমিউনিষ্টে আন্দোলনৰ বিৰোধিতা কৰিছিল তেওঁলোককো মানুহে কমিউনিষ্ট নাম দিছিল। আন্দোলনৰ ভৰপকৰ সময়তে ধুবুৰীত কোনোবাই উলিয়ালে কলকাতাত উলিওৱা অসমবিৰোধী সমদল এটাৰ আনন্দবজাৰ পত্ৰিকাত প্ৰকাশ পোৱা ছবি এখনত মোক দেখা গৈছে। মই হেনো অসমবিৰোধী কমিউনিষ্ট দলত বাঙালী মানুহৰ সৈতে যোগ দিছো! মোৰ ভনীহঁতে বাতৰিটো শুনি চিন্তিত হৈ মোলৈ ফোন কৰিলে। মই ফোনতে হাঃ হাঃ কৰি হাঁহিছিলো। বিৰাট মহানগৰীত কোনে ক’ত সমদল উলিয়ায় তাৰ খবৰে নাজানো, আৰু মোক আৱিষ্কাৰ কৰিলে হেজাৰ মানুহৰ ছবিৰ মাজত। কি ধাৰণাৰ বশৱৰ্তী হৈ যে মোক মোৰ নিজৰ ঠাইৰে মানুহে সমদলটোৰ ফটোত বিচাৰি পালে এই ৰহস্য মই এবাৰ ঘৰলৈ আহোতে তেওঁলোকক সুধিও উদ্ঘাটন কৰিব নোৱাৰিলো।[ ১৬০ ] মৰ্ত্যভূমিত এডোখৰ স্বৰ্গ : ২০০০ চনৰ ডিচেম্বৰত হোজাইৰ জাকাৰিয়া যুৱ সংঘই পতা এখন আলোচনাচক্ৰত যোগ দিবলৈ গৈ স্থানীয় এছ অ’ এছ গাঁওখনৰ অতিথিশালাত দুৰাতি আছিলো। যুগ যুগ ধৰি বানপানী, ভূমিকম্প, যুদ্ধ-বিগ্ৰহ, দুৰ্ভিক্ষ, মহামাৰী, হিংসাত্মক সংঘৰ্ষ আদি বিপৰ্যয়ৰ সন্মুখীন হৈছে পৃথিৱীৰ অজস্ৰ মানুহ। এনেবোৰ মহাবিপদত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল। এওঁলোকৰ মাজত ভাগ্যৱানসকলে অনাথ আশ্ৰম নাইবা শিশুভৱনত স্থান পায়। সৰহভাগে বাটে-পথে ঘূৰি ভিক্ষাৰী হয় নাইবা সমাজবিৰোধী কামত লিপ্ত হয় নাইবা মৃত্যুমুখত পৰে। অনাথ আশ্ৰম আৰু শিশু ভৱনতকৈও এক উন্নত পৰ্যায়ৰ সেৱা আগবঢ়াইছে ডাঃ হেৰমান গ্মিনাৰে (১৯১৯-১৯৮৬) ‘এছ অ’ এছ ভিলেজ' নামৰ প্ৰকল্পৰ মাধ্যমেৰে।
দ্বিতীয় বিশ্বযুদ্ধৰ (১৯৩৯-১৯৪৫) প্ৰলয়ংকৰী দিনবোৰৰ পাছত ডেকা চিকিৎসক ডাঃ গ্মিনাৰে অষ্ট্ৰিয়া ৰাজ্যৰ ভিয়েনা চহৰৰ বাটে-পথে শ শ অনাথ আৰু পৰিত্যক্ত শিশুক দেখি আবেগিক হৈ পৰে। এদিন বাটৰ কাষত ডাষ্টবিন এটাত পৰিত্যক্ত শিশু এটিৰ কান্দোন শুনি ডাঃ গ্মিনাৰৰ ধাৰণা হ’ল শিশুটিয়ে যেন ‘Save my soul' বুলি তেওঁক মিনতি জনাইছে। তাক তুলি আনি তেওঁ অনাথ আশ্ৰম নহয় বিকল্প মাতৃ হিচাপে এগৰাকী নাৰ্ছক শিশুটিৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিলে। শিশু এটি স্বাভাৱিকভাৱে ডাঙৰ হ’বলৈ প্ৰয়োজন ঘৰুৱা পৰিবেশৰ। যুদ্ধত ক্ষতিগ্ৰস্ত কেইবাটি শিশুক ডাঃ গ্মিনাৰে বন্ধু-বান্ধৱৰ সহযোগিতাত ঘৰুৱা পৰিবেশত লালন-পালন কৰিছিল।
এইদৰেই সূত্ৰপাত হ’ল এছ অ’ এছ (Save our soul) আন্দোলন, যাৰ প্ৰতিষ্ঠাতা ডাঃ গ্মিনাৰ। ১৯৬৪ চনত ইন্দিৰা গান্ধীৰ আগ্ৰহত হাৰিয়ানাত ভাৰতৰ প্ৰথমখন এছ অ’ এছ গাঁও স্থাপিত হয়। যোৱা শতিকাৰ আশীৰ দশকত অসমত গোষ্ঠীগত সংঘৰ্ষৰ ফলত বহু ল’ৰা-ছোৱালী অনাথ আৰু গৃহহাৰা হৈছিল। এই অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হোৱাত ৰাজ্য চৰকাৰে এছ অ’ এছ প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাবোধ কৰে। ফলস্বৰূপে মঙলদৈৰ সমীপৱৰ্তী ভকতপাৰাত ১৯৮৪ চনৰ ফেব্ৰুৱাৰীত প্ৰথমখন গাঁও স্থাপিত হয়। সেই বছৰেই মাৰ্চত দ্বিতীয়খনৰ দ্বাৰোদ্ঘাটন হয় হোজাইত। ১৯৮৩ চনত কুখ্যাত নেলী আৰু অবিভক্ত দৰঙৰ ধুলা, চাউলখোৱা, খাৰুপেটীয়াকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহত নৰকৰ দুৱাৰখন মেলি দিয়া হৈছিল। মুহূৰ্ততে অনাথ তথা গৃহহীন হোৱা পাঁচশ ল’ৰা-ছোৱালীয়ে এই দুখন এছ অ’ এছ গাঁৱত নতুন ঘৰ আৰু নতুন মাতৃৰ সন্ধান পাইছে।
আমি যাওঁতে হোজাই এছ অ’ এছ গাঁৱৰ সহকাৰী সঞ্চালক আছিল জনাব নুৰুল [ ১৬১ ] ইছলাম। তেওঁ আছিল নেলী গণহত্যাৰ বলি এহাল পিতৃ-মাতৃৰ সন্তান। দুই-আঢ়ৈ ঘণ্টাৰ হত্যাকাণ্ডই কিশোৰ নুৰুলৰ জীৱনটোক ওলট-পালট কৰি দিছে। তেজৰ নৈৰ মাজত সিদিনা কিশোৰজনে আৱিষ্কাৰ কৰিছিল নিজ পৰিয়ালৰ তেৰজন সদস্যৰ ছিন্ন-ভিন্ন প্ৰাণহীন দেহ। খুড়ীয়েকৰ শিশু সন্তানটিক দেখিছিল মাকৰ নিষ্প্ৰাণ দেহত বহি পিয়াহ খাই থকা। এখন্তেক থমকি ৰৈ শিশুটিক তুলি লৈছিল কোলাত। এই মানসিক আঘাত কেনেকৈ সহ্য কৰিলে নুসুধিলো জানোচা পুৰণি স্মৃতিয়ে তেওঁক আঘাত দিয়ে। জাগীৰোড কলেজৰ গ্ৰেজুৱেট নুৰুলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সমাজসেৱা কৰি আছে।
কবি তোষপ্ৰভা কলিতাই তেওঁৰ ‘ছিন্নমূলৰ গান' কবিতাটো নুৰুল ইছলামক উদ্দেশ্য কৰি ৰচনা কৰিছে। কবিৰ ‘নিৰ্বাচিত কবিতা’ত প্ৰকাশিত কবিতাটোৰ প্ৰথম চাৰিটা শাৰী আছিল এনেধৰণৰ—
‘ৰুলে নে নুৰুলে তেজৰ বোকাত সুৱাগমণিৰ কঠীয়া
পালে নে ঘূৰাই সহোদৰ ভাই ভাঙি অথাউনি পানী
কোনে পঢ়ি দিব আখৰ নথকা কাগজৰ সেই বতৰা
দিলেনে ঘূৰাই জলকোঁৱৰে কমলা কুঁৱৰী জননী?...
এছ অ’ এছ গাঁৱত বিকল্প মাতৃৰ উমত লালিত-পালিত হৈ নেলী হত্যাকাণ্ডত অনাথ হোৱা কেইবাটাও শিশু আজি চিকিৎসক, অভিযন্তা, প্ৰবক্তা আদি বিভিন্ন বৃত্তি গ্ৰহণ কৰি জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। স্বাভাৱিকতে মনত প্ৰশ্ন জাগিছিল এওঁলোকে আৰ্থিক সাহায্য পায় ক’ৰ পৰা। নুৰুল ইছলামে মোৰ কৌতূহল নিবৃত্তি কৰিলে ইয়াকে কৈ যে এই পৃথিৱীত বহু দাতা আছে। তেওঁলোকে ঘাইকৈ আৰ্থিক সাহায্য লাভ কৰে ইউৰোপীয় দেশসমূহৰ পৰা। ভাৰত আৰু অসমৰো অনেক সহৃদয় ব্যক্তিয়ে নিয়মীয়াকৈ দান আগবঢ়ায়। হোজাইৰ স্থানীয় বিত্তশালীসকলেও মুক্ত হাতেৰে দান কৰে। এওঁলোকৰ অনেকে একো একোজন ল'ৰা-ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব লয়। জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত এছ অ’ এছ গাঁৱৰ কৰ্ম-কৰ্তাসকলে তেওঁলোকৰ বিয়াও পাতি দিয়ে। মাটি-বাৰী কিনি ঘৰ সাজিবলৈ আৰু পুৰণি আত্মীয়-স্বজনৰে সম্পৰ্ক স্থাপন কৰিবলৈ সহায় কৰা হয়।
আজিৰ আত্মকেন্দ্ৰিক, অৱক্ষয়প্ৰাপ্ত দুৰ্নীতিসৰ্বস্ব সমাজখনক দেখি মানুহৰ ওপৰত আস্থা হেৰুৱাইছিলো। হোজাইৰ এছ অ’ এছ গাঁওখন পৰিদৰ্শন কৰি উপলব্ধি কৰিছো সকলো মানুহে মনুষ্যত্ব হেৰুৱাই পেলোৱা নাই। পৃথিৱীক বাসযোগ্য কৰি ৰাখিছে [ ১৬২ ] আৰু ৰাখিব একাংশ মহামানৱে। মাজে-সময়ে মই ভাবো যিসকল নৰপিশাচে মানুহ কাটি-মাৰি হাতবোৰ তেজেৰে ৰাঙলী কৰিছে তেওঁলোকে বাৰু সেইখন হাত চাবোনেৰে ধোৱাৰ পাছতো তেজ লাগি থকা যেন নাপায়নে?
এই প্ৰসংগতে বহুবছৰ আগতে কলকাতাত লগ পোৱা পুলিচৰ এগৰাকী উচ্চ পদস্থ বিষয়ালৈ মনত পৰিল। নক্সাল আন্দোলন দমন কৰিবৰ উদ্দেশ্যে অনেক তৰুণৰ জীৱন নিমিষতে নিৰ্বাপিত কৰিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল। ছাত্ৰাৱস্থাত মেধাৱী ল’ৰা হিচাপে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ আৰক্ষী বিভাগৰ উচ্চ পদত নিযুক্তি পায় বিষয়াজনে। নক্সাল পৰ্বৰ পাছত তেওঁৰ সামান্যভাৱে হ'লেও মানসিক বিপৰ্যয় যে ঘটিছিল তাৰ উমান পাইছিলো তেওঁৰ লগত প্ৰথম দৰ্শনৰ সময়তে। প্ৰেছিডেন্সি কলেজত তেওঁ গৃহস্থৰ সহপাঠী আছিল। আমি পুনেৰ পৰা কলকাতালৈ অহাৰ পাছত এদিন তেওঁ গৃহস্থক লগ পাবলৈ আমাৰ ঘৰলৈ আহিছিল। মাজে মাজে জেপৰ পৰা হাত দুখন উলিয়াই তেওঁক কোৱা শুনিছিলো— ‘ক্ষমা কৰা ভগৱান, এই হাত দুখনক ক্ষমা কৰা। ক্ষমা কৰা প্ৰভু। এই চাকৰিৰ বাবে মইতো উপযুক্ত নাছিলো...।’
শুনিছিলো কলকাতাৰ ময়দানত হেনো নক্সাল দমনৰ নামত ডেকা ল’ৰাবোৰক শাৰীপাতি থিয় কৰাই এটা সময়ত দৌৰিবলৈ দি পাছফালৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। নক্সাল আন্দোলনৰ লগত সম্পৰ্কহীন ল’ৰাও আছিল এওঁলোকৰ মাজত। শিপাৰে সৈতে আন্দোলনটো উঘালিবৰ উদ্দেশ্যে তৰুণ প্ৰজাতিটোক এইদৰে নিশ্চিহ্ন কৰাৰ আঁচনি যুগুতাইছিল কৰ্তৃপক্ষই। এনে ঘৃণনীয় কাম সমাপ্ত কৰিছিল পৃথিৱী সাৰ পোৱাৰ আগতে কাহিলি পুৱাত।
আমি পুনেত থাকোতে তাত বাস কৰা কলকাতাৰ পৰিয়ালবোৰৰ মুখে শুনিছিলো তেওঁলোকৰ আতংকৰ কথা। এনে অৱস্থা হৈছিল যে ল’ৰা মানেই যেন নক্সাল। অনেকে হেনো পুতেকহঁতক কলকাতাৰ বাহিৰৰ আত্মীয়-স্বজনৰ ঘৰলৈ পঠাই দিছিল। শুনিছিলো চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা উত্তম কুমাৰে ময়দানত এদিন প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি শাৰী পাতি থিয় দি থকা ল’ৰাবোৰক দেখা পাই আচৰিত হৈছিল। একশ্যন আৰম্ভ হোৱাৰ আগত উত্তম কুমাৰক দেখা পাই ‘ঘাতক’সকলে তেওঁক তাৰ পৰা আঁতৰি যাবলৈ কৈছিল। কিছুমানৰ মতে উত্তম কুমাৰে ঘটনাটো দেখিছে। শিল্পী মানুহ, অন্তৰখন কোমল। ঘটনাটো দেখিয়ে হওক বা শুনিয়ে হওক সহ্য কৰিব নোৱাৰি অসুস্থবোধ কৰিছিল তেওঁ। তাৰ পাছৰে পৰা তেওঁৰ হৃদপিণ্ড দুৰ্বল হ’বলৈ [ ১৬৩ ] ধৰে আৰু অকালতে এদিন তেওঁৰ জীৱনদীপ নিৰ্বাপিত হয়।
উত্তম কুমাৰৰ মৃত্যুৰ সময়ত আমি কলকাতাত আছিলো। তেওঁৰ নশ্বৰ দেহ শ্মশানলৈ আনোতে বাটত সৃষ্টি হৈছিল জনসমুদ্ৰৰ। ঠেলাঠেলিত আহত হৈছিল অনেকে। মৃতদেহটো লৈ টনা-আঁজোৰা হৈছিল দুগৰাকী মহিলাৰ মাজত— এগৰাকী তেওঁৰ বিবাহিতা পত্নী, যাৰ লগত শেষ জীৱনত তেওঁ বাস কৰা নাছিল আৰু আনগৰাকীৰ লগত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভিত্তিত একেলগে থাকিছিল। বিবাহিতা পত্নী আৰু পুত্ৰই মৃতদেহটো অৱশেষত লাভ কৰে। জীৱন্ত অৱস্থাত যেয়ে পত্নীক ত্যাগ কৰি আনৰ লগত বাস কৰিছিল তেনে স্বামীৰ মৃতদেহটো অধিকাৰ কৰি মহিলাৰ যে কি লাভ হ'ল!
আলফা : আমি কলকাতাত থাকোতে জানিব পাৰিছিলো যে ১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে স্বাধীন অসম গঢ়িবৰ উদ্দেশ্যেৰে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত কেইজনমান স্বপ্নদ্ৰষ্টা যুৱকে প্ৰতিষ্ঠা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম বা United Liberation Front of Assam ( ULFA) নামৰ এটা সংগঠন। স্বাধীন অসমৰ ধাৰণাটো মোৰ অবাস্তৱ যেন লাগিছিল যদিও যুৱকসকলে কৰা কিছু সংস্কাৰমুখী কাম-কাজৰ প্ৰশংসা নকৰাকৈ থকা নাছিলো। ৰাইজৰ সমৰ্থন পাই থকা বুলিও শুনিছিলো। অৱশেষত সশস্ত্ৰ বিপ্লৱৰ নামত সংগঠনটোৱে ৰাজ্যজুৰি সন্ত্ৰাস চলাই যোৱাত ধীৰে ধীৰে যে জনবিচ্ছিন্ন হৈ পৰে সেই কথা সকলোৰে জ্ঞাত। আলফাৰ জন্মৰ এঘাৰ/বাৰ বছৰ পাছত আমি গুৱাহাটীলৈ স্থায়ীভাৱে আহিছো। অসমৰ ইতিহাসৰ সেই ৰক্তাক্ত অধ্যায়টো চকুৰ আগতে ৰচিত হোৱা দেখিলো। ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজিৰ ফুলকুমলীয়া অবোধ দহটি শিশুৰ অমানৱীয় হত্যাকাণ্ড সেই অধ্যায়ৰ এখিলা ঘোৰ কৃষ্ণবৰ্ণ পৃষ্ঠা। একেটা অধ্যায়ৰ পাতে পাতে খাজি থোৱা আছে ৰুছ অভিযন্তা গ্ৰেট চাংকো চাৰ্গেই, অধ্যাপক অনিল বৰুৱা, জননেতা নগেন নেওগ, সাংবাদিক কমলা শইকীয়া, মানৱসেৱী সঞ্জয় ঘোষকে ধৰি ছহেজাৰমান নিৰীহ ব্যক্তিৰ নাম। এওঁলোকৰ উপৰি সেইবোৰ পৃষ্ঠাত বিলীন হৈ আছে মৃত সামৰিক জোৱান আৰু নিৰাপত্তাৰক্ষীসকল। উগ্ৰবাদীসকলক দমন কৰাৰ নামত সৃষ্টি হ’ল ৰাষ্ট্ৰ সন্ত্ৰাসৰ। দুয়োটা সন্ত্ৰাসে মানুহৰ মাজত নমাই আনিলে বিভীষিকা। আলফাৰ বিৰুদ্ধে চৰকাৰে চলোৱা বিভিন্ন অপাৰেচনত অসংখ্য কেডাৰৰে সৈতে নিহত হৈছিল কেইবাগৰাকী শীৰ্ষনেতা। ভাৰত চৰকাৰে সংগঠনটো নিষিদ্ধ কৰাৰ পাছত নিজ ৰাজ্য [ ১৬৪ ] ত্যাগ কৰি এওঁলোকে চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈ তাৰ পৰাই দিছিল বিপ্লৱৰ নেতৃত্ব, বিশেষকৈ বাংলাদেশৰ পৰা।
ইতিমধ্যে শ্বেখ হাছিনা চৰকাৰ বাংলাদেশত প্ৰতিষ্ঠিত হোৱাৰ পাছত ৰাজনৈতিক দৃশ্যপটত পৰিবৰ্তন আহিল। আলফাৰ শীৰ্ষ নেতা কেইগৰাকীমানক বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰৰ হাতত তুলি দিয়াৰ পাছৰ পৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাত পৰিবৰ্তন আহিবলৈ ধৰে। বহুদিনৰ মূৰত নিজ ৰাজ্যলৈ আহি তেওঁলোকে হয়তো উপলব্ধি কৰিছে যে নিজ দেশৰ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীন অসম পোৱাটো সম্ভৱ নহয়। তদুপৰি আলফাৰ এই গোটটোৱে উপলব্ধি কৰিছে যে তিনিটা দশক জুৰি হত্যা-হিংসাত লাগি থকাৰ ফলত অসংখ্য নিৰীহৰ তেজেৰে ৰাঙলী হৈছে অসমৰ মাটি, কিন্তু সেই মাটিত উদয় হোৱা নাই স্বাধীনতাৰ সূৰ্য। অনুশোচনা কৰি ব্যক্ত কৰিছে যে সশস্ত্ৰ সংগ্ৰামেৰে নহয় গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধানতহে তেওঁলোক আগ্ৰহী। অসমৰ অধিকাংশ শান্তিপ্ৰিয় ৰাইজে এনে এটা সমাধানেই বিচাৰে।
পিছে শান্তিৰ পথ ইমান সহজ নহয়। আলফাৰ আন এটা গোটৰ যুদ্ধংদেহি মনোবৃত্তি। অসমক স্বাধীন কৰিহে এৰিব তেওঁলোকে। স্বাধীন অসমৰ চাৰিসীমা কি, এই প্ৰশ্ন কৰি কৰি হাইৰান হ’লো। উত্তৰ নাপালো। বৰ্তমান অসমৰ সকলো জনগোষ্ঠীয়ে সেই স্বাধীন অসমত যোগ দিব নে? একাংশ বড়োই বিচাৰিছে স্বাধীন বড়ো ৰাজ্য, কোচ ৰাজবংশীয়ে বিচাৰে কমতাপুৰ, অন্যান্য সকলৰো বেলেগ বেলেগ দাবী। বৰাক উপত্যকা সেই স্বাধীন অসমত চামিল নহয় নিশ্চয়। গতিকে স্বাধীন অসমৰ চাৰিসীমা কি হ’ব তেওঁলোকে ৰাইজক অৱগত কৰা উচিত।
আন এটা বিষয়ে মোক অনবৰতে আমনি কৰে। আলোচনাপন্থী দলটোৱে গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক সমাধান বিচাৰিছে। এই প্ৰস্তাৱে আশাৰ বতৰা কঢ়িয়াই আনিলেও সন্দেহ বাতিক মনটোত আন এটা কথাই খুন্দা মাৰে। ঐতিহাসিক অসম চুক্তিৰ পুনৰাবৃত্তি নহয়তো? বিদেশী বহিষ্কাৰ কৰি সোণৰ অসম গঢ়িব খোজা দলটোৱে অসমীয়া জাতিটোক চৰম প্ৰৱঞ্চনা কৰাৰ কথা ৰাইজে পাহৰা নাই। ধৰি ল'লো আলফা সমস্যাৰ সফল সমাধান হোৱাৰ পাছত অসমত ৰামৰাজ্য প্ৰতিষ্ঠাৰ ইংগিত পোৱা গ'ল। সেইক্ষেত্ৰত সঁচাকৈয়ে শান্তি প্ৰতিষ্ঠা হ’ব নে? এন ডি এফ বি, কে পি এল টি, কে এল অ’, ইউ পি ডি এফ, ডি এইচ ডি, আলনা ইত্যাদি দলবোৰে কি কয়? এন ডি এফ বিৰ তাণ্ডৱৰ কথা মানুহে পাহৰিব নোৱাৰে কোনদিনে। ২০০৮ চনৰ ৩০ অক্টোবৰত একেদিনাই অলপ সময়ৰ ব্যৱধানত দলটোৱে কোকৰাঝাৰ, [ ১৬৫ ] বঙাইগাঁও, বৰপেটা আৰু গুৱাহাটীৰ তিনিখন গুৰুত্বপূৰ্ণ ঠাইত নৰহত্যাৰ যি মৰ্মান্তিক ঘটনা সংঘটিত কৰিলে সেই কথা ভাবিলে মানুহৰ ওপৰত আস্থা হেৰুৱাওঁ। ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ৰাজনৈতিক সন্ত্ৰাসো অসমবাসীৰ অভিশাপ স্বৰূপ।
নিজকে বিপ্লৱী বুলি দাবী কৰিলেও অধিকাংশ দল সন্ত্ৰাসবাদীহে। প্ৰকৃত বিপ্লৱীসকলে এনে এটা সামাজিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খোজে য'ত সৰ্বহাৰাৰ আধিপত্যই স্বীকৃতি পায়। যুক্তিবাদী লেখক হৰেন্দ্ৰ নাথ শৰ্মাই কৈছে আমাৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ কোনোবাই বিচাৰিছে স্বাধীন ৰাষ্ট্ৰ, কোনোবাই স্বায়ত্তশাসন। সমাজ পৰিৱৰ্তন বিচৰা নাই কোনেও। বিপ্লৱত কিছু ৰক্তপাত হ’বই, কিন্তু নিৰীহৰ নহয়, হ’ব লাগে শোষক-শাসকৰ।
সন্ত্ৰাসবাদৰ সমস্যা কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই, ই বৰ্তমান বিশ্বত এক ডাঙৰ সমস্যাৰূপে দেখা দিছে। প্ৰকৃততে ই বিশ্বৰ সমাজ ব্যৱস্থাৰ এটা জটিল অৱস্থা। অসমকে লৈ উত্তৰ-পূৰ্বাঞ্চলত জংগী সমস্যাৰ ঘাই কাৰণ অনগ্ৰসৰতা আৰু অনুন্নয়ন। সাধাৰণ মানুহৰ চাহিদা বেছি নহয়, তেওঁলোকে বিচাৰে এটা নিৰাপদ জীৱন আৰু জীৱিকা। পিছে ন্যূনতম সা-সুবিধা কোনো মানুহে পোৱা নাই। সংস্থাপনহীনতা, অৰ্থনৈতিক সমস্যা, শিক্ষাহীনতা, স্বাস্থ্যজনিত সমস্যা আদি একাধিক সমস্যাই যুৱকসকলৰ মনত হতাশাৰ সৃষ্টি কৰে। হতাশাই গঠন কৰে উগ্ৰবাদী দল আৰু ইয়েই এটা সময়ত সন্ত্ৰাসবাদৰ ৰূপ লৈ সমাজ ব্যৱস্থাত আঘাত হানে।
যিহেতু বঞ্চনাই উগ্ৰবাদী সমস্যাৰ ঘাই কাৰণ, সেই হেতুকে সমস্যাসমূহৰ মোকাবিলা কৰি শান্তি স্থাপন কৰিবলৈ হ'লে অৰ্থনৈতিক উন্নয়ন আৰু সংস্থাপনৰ ওপৰত জোৰ দিব লাগিব। দৰাচলতে উন্নয়নৰ বিকল্প নাই। কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ'লে, বাট-পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হ’লে, শিক্ষা, স্বাস্থ্যৰক্ষাৰ সুব্যৱস্থা হ’লে আপোনা আপুনি শান্তি উভতি আহিব।
মাজে মাজে আমাৰ শান্তিপূৰ্ণ জীৱনৰ পুৰণি স্মৃতিয়ে মনত ভুমুকি মাৰে। হয়, আমি বিধ্বংসী দ্বিতীয় বিশ্বযুদ্ধ দেখিছো, কিন্তু সন্ত্ৰাসবাদ দেখা নাছিলো। বিভিন্ন জনগোষ্ঠীৰ মাজত অনৈক্য দেখা নাই। আজি কোনেও কাকো যেন সহিব নোৱৰা হৈছো। আজি ঘৰৰ পৰা ওলাবলৈ কিয় ভয় লগা হ'ল। কিয় আজি হত্যাকাৰীৰ ৰাজত্ব চলিছে দেশত। কিয় আজি নাৰী নিৰ্যাতন, বোৱাৰী হত্যা, ভ্ৰূণ হত্যা, শিশু কন্যা হত্যা, ডাইনী হত্যা আদি নানা ধৰণৰ হত্যাই কলুষিত কৰিছে সমাজখনক। আমাৰ জীৱনকালত বোধকৰো পৃথিৱীত শান্তি স্থাপন নহয়। দুখ লাগে এইখন বিশ্ব [ ১৬৬ ]
■ জৰ্জ লেকত নৌকা বিহাৰৰ সময়ত পুত্ৰ-সৰু নাতি আৰু লেখিকা |
আমাৰ চকুৰ আগতে সমাজখনক বৰ জটিল হৈ থকা দেখি আছো। কাণ্ডাৰীবিহীন নাৱৰ দৰে উটি-ভাহি গৈ থকা যেন লাগিছে ৰাজ্যখন। আশাকৰো এনে অৱস্থাৰ অৱসান ঘটিব অচিৰেই। নে ৰসাতললৈহে যাব। এনেবোৰ আবোল-তাবোল চিন্তাই মগজুত খুন্দা মাৰি থাকে।