পৃষ্ঠা:অনিমা গুহ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাওঁতে বৰ্জন নকৰি উপায় নাই। ঠেংবোৰৰ খোলা ভাঙি ভিতৰৰ সুস্বাদু সাহখিনি খাবলৈ প্লেটৰ কাষত ৰাখে একোখনকৈ চেপেনা। দাঁত-মুখ নিকটাই ৰাক্ষসিনীৰ দৰে লৱষ্টাৰ ভক্ষণৰ দৃশ্য জয়ে ভিডিঅ’ কেমেৰাত বন্দী কৰি নিছিল। খাই উঠাৰ পাছত কাপোৰে-কানিয়ে, চকুৱে-মুখে লৱষ্টাৰ খোৱাৰ চিন থাকি যায়, মজিয়াখনো লেতেৰা হয়। তাৰ বাবে গাঁৱলীয়া ভাৰতবাসী বুলি কোনেও কোৱা নাছিল। লৱষ্টাৰ খোৱাৰ এইটোৱে ৰীতি।

 কেপকডৰ অনতিদূৰত মাৰ্থাজ ভাইন য়াৰ্ড এটা সৰু দ্বীপ। জহকালি ছুটীৰ দিনবোৰ কটাবলৈ ইয়াত বহুত মানুহৰ সমাগম হয়। প্ৰাক্তন প্ৰেছিডেণ্ট বিল ক্লিনটনে আমেৰিকাবাসীৰ আগত মনিকা লিউনিস্কি সম্পৰ্কীয় অপৰাধ টিভিৰ মাধ্যমেৰে স্বীকাৰ কৰি পিছদিনাই পৰিয়ালৰ সৈতে নিভৃতে কটাবলৈ মাৰ্থাছ ভাইন য়াৰ্ডলৈ আহিছিল। হিলাৰী ক্লিনটন এগৰাকী নাৰীবাদী মহিলা। অনেকে ভাবিছিল বিশ্বাসঘাতকতাৰ অপৰাধত হিলাৰীয়ে ক্লিনটনক ত্যাগ কৰিব। কিন্তু তেওঁ সতীসাধ্বী তিৰোতাৰ দৰে সেইজনাৰ লগতে থাকিল। মাজে মাজে ভাবো তেওঁ ক্ষমাশীলা নে কাৰণ আন কিবা। হিলাৰী এগৰাকী উচ্চাকাংক্ষী মহিলাও। তেওঁৰ ৰাজনৈতিক জীৱনৰ লক্ষ্য হোৱাইট হাউছ। আমেৰিকাৰ প্ৰথম মহিলা প্ৰেছিডেণ্ট। সেই লক্ষ্যত উপনীত হ’বলৈ ২০০৮ চনত প্ৰেছিডেণ্টৰ পদৰ বাবে তেওঁ বাৰাক ওবামাৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধত নামিছিল। তেওঁ নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে নিজৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ হ’লে বিল ক্লিনটনৰ দৰে এগৰাকী পৰিপক্ক আৰু কৰিৎকৰ্মা ৰাজনীতিকৰ সহায়ৰ প্ৰয়োজন। গতিকে এই দূৰদৰ্শী উচ্চাকাংক্ষী মহিলাগৰাকীয়ে মনিকা কাণ্ডক গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি মোৰ ধাৰণা।

 হিলাৰী ৰোধাম ক্লিনটন এগৰাকী সফল আইনজীৱীও। মোৰ সঠিককৈ মনত পৰা নাই এষাৰ বাক্য তেওঁৰ আত্মজীৱনী Living History তে পঢ়িলো নে আন ক’ৰবাত। তেওঁ ওকালতি কৰিবলৈ প্ৰস্তুত হোৱাৰ সময়ত এজন নামকৰা আইনজীৱীয়ে হেনো তেওঁক কৈছিল, ‘তুমি ওকালতি কৰিব নোৱাৰিবা, কাৰণ তোমাৰ পত্নী নাই!’ কথাষাৰ তেওঁ ঠিকেই কৈছিল কিয়নো ই এনে এক জীৱিকা যে চৌবিশ ঘণ্টাই সেই কামত ব্যস্ত থাকিবলগীয়া হয়। বিবাহিতা মহিলাৰ বাবে সম্পূৰ্ণ সময় তেনে কামত ব্যয় কৰা অসম্ভৱ। ঘৰখন চম্ভালিবলৈ আৰু সফল আইনজীৱী হ’ব খোজাজনৰ আলপৈচান ধৰিবলৈ ঘৰত পত্নী থাকিলেহে সংসাৰৰ পৰা পূৰাপূৰি মুকলি হৈ কোনোবাই সফল আইনজীৱী হ’ব পাৰে। হিলাৰীৰ কপালত ‘পত্নী’ পোৱা অসম্ভৱ, এতেকে

বাকীছোৱা জীৱন/১৭৩