পৰিদৰ্শন/সন্ধিৰ বাঁহ
সন্ধিৰ বাঁহ
প্ৰথম দৃশ্য
(টোল এখন। মাজতে অধ্যাপক বহি পঢ়াই আছে। চাৰিওফালে
আঠ-দহজনমান নানা বয়সৰ লৰাই নানা প্ৰকাৰ পুথি পঢ়িছে।
অলপ দূৰত দুজন ছাত্ৰই হোকা লগাইছে)
অধ্যাপক— ওজা, কি কৰিলা? ইহঁতৰ দিলানে পাঠখিনি পঢ়াই?
ওজা ছাত্ৰ— হয়, দেও, দিয়া হ’ল। পিছে, ই সোমেশ্বৰ বৰ দুষ্ট, সি আজি পঢ়াশালি ভালকৈ নমচিলে।
অধ্যাপক— হয়নে অ’ সোমেশ্বৰ, পঢ়াশালি—
কেইবাজনে— দেও, সোমেশ্বৰ ইয়াত নাই।
অধ্যাপক— নাই, ক’লৈ গ’ল, হেৰ সোমাই? ক’ত মৰিলি তই?
ওজা ছাত্ৰ— দেও, ই হলধৰে জানিব পায়। সি হাঁহিছে।
হলধৰ— মই নাজানো দেও। এতিয়াই আছিল; ওজাই আপোনাৰ আগত তাৰ নাম কোৱা মাত্ৰেই কোনোব ফালে গুচি গ’ল।
অধ্যাপক— উঃ! এই ল’ৰাটো কি দগাবাজ! তাক আজি এসেকা দিব লাগিব। ঘৰমচা অকল তাৰ পাল আছিলনে ওজা?
[ ৮২ ] ওজা ছাত্ৰ— নহয় দেও! ই হলধৰেও মচিব লাগিছিল। সিও একো নকৰিলে।
অধ্যাপক— হলধৰ, তই নমচিলি কিয়?
হলধৰ— মই অকলে মচিম কেনেকৈ, দেও। তাতে কালি খৰি ফালোঁতে হুল এডাল সোমাই হাতখন ফিকি আছে। (হাতলৈ চায় আৰু উঃ উঃ কৰে।)
অধ্যাপক— তহঁত বৰ বদ্মাইচ্! তহঁতে মোৰ পঢ়াশালিখন ভাঙিহে এৰিবি যেন দেখিছোঁ। চা-চোন বাৰু, বাহি ঘৰত বহিনো এই শুদ্ধ পবিত্ৰ পুথিবোৰ পঢ়াব পাৰিনে? সাত পুৰুষত নকৰা কাম হ’ল। ওজা!
ওজা ছাত্ৰ— দেও!
অধ্যাপক— দিয়া এই গৰুখনক এৰি; চুৱা-পাতত ঘাঁহ খকগৈ। এইদৰে ম্লেচ্ছৰ দৰে থাকিব পাৰিনে? ময়েই ঘৰ মচো। তুমি পানী আনি দিয়া। (সকলোবিলাক ছাত্ৰই ইয়াৰ-তাৰ মুখলৈ চোৱা-চুই কৰে) যোৱা, কি চাইছা?
ওজা ছাত্ৰ— এঃ দেও, আপুনিনো—
অধ্যাপক— মই নকৰিলে কোনে কৰিব। সোমাই আৰু হলধৰ এই দুইটাই ডাঙৰ ছাত্ৰ; পাঠতো উঠিছে; ইফালে ভাল মানুহৰ ঘৰৰ ল’ৰা। তাহঁতৰ ভাগৰ বননো কোনে কৰি দিব? (কেইবাজনো ছাত্ৰই মচিবলৈ ওলায়। হলথৰো আহি খুচমুচ কৰি অধ্যাপক আগত থিয় হয়) যাঃ, যাঃ, নালাগে [ ৮৩ ] এতিয়া। ঘৰ মচিব পাৰ যদি আগৰ পৰা কি হৈছিল? বাহি ঘৰত মোৰ এইদৰে জাত-মান খালি কিয়? যাঃ।
সোমেশ্বৰ— (প্ৰবেশ কৰি আৰু অধ্যাপকৰ ভৰিত পৰি) দেও, ক্ষমা কৰক। মোৰহে জগৰ। মই মূৰ্খই এনেটো কৰিব নাপাওঁ। আপুনি ঘৰ মচো বোলাঁতে মোৰ পাপ লাগিল। আৰু নকব। মই এতিয়াই ঘৰ মচি দিম। কিবা অলপ কামতহে অলপ দেৰি হ’ল। (সোমেশ্বৰ ভৰিৰ পৰা উঠে) হেৰা হলধৰ, যোৱা, গোবৰ-মাটি আনাগৈ; মই এতিয়াই পানী আনি দিওঁ।
দ্বিতীয় দৃশ্য
[সোমেশ্বৰে আৰু হলধৰে টোলঘৰ মচি থাকে। ওজাই আৰু অধ্যাপকে মচাৰ ফালত বহি আনবিলাক ল’ৰাক পঢ়াই থাকে। ধপাত লগোৱা ল’ৰাটোৱে অধ্যাপক হোকা দিছে। আৰু অধ্যাপকেও হোকা খাই থাকে। এনেতে গিৰিধৰ নামেৰে গাৱঁৰে বামুণ এজন টোললৈ সোমাই আহে। তেওঁক অহা দেখি সোমেশ্বৰ ইফাল-সিফাল কৰি ওলাই যায়।]
গিৰিধৰ— (সোমাই আহি) দেও, প্ৰণাম!
অধ্যাপক— কুশল হওক। অ’, গিৰিধৰ বাপা। পুৱাই
দেখোন ওলালাহি। মুখখনো শুকান শুকান দেখিছোঁ।
[ ৮৪ ] গিৰিধৰ— নকব দেও। আমি আৰু এই গাওঁ এৰিবলগীয়াহে হল।
অধ্যাপক— (আচৰিত হৈ) কিয়, কি হ’ল?
গিৰিধৰ— দেও, আপুনি শুনি থাকিবই পায়। আপোনাৰ ছাত্ৰহঁতৰ উৎপাতত আমাৰ শান্তি নোহোৱা হল। গছত এথোক কল লগাই খাবৰ উপায় নাই। বাৰীত শুকান বাঁহ এডাল নাথাকে। গছত আম-কঠাল পকিবলৈ নাপায়। আপোনাৰ ছাত্ৰহঁতে যাৰ বাৰীত যি পায়, তাকে চুৰ কৰি আনি খায়।
অধ্যাপক— (বিমোৰত পৰে। ইফালে-সিফালে চায়।)
ওজা ছাত্ৰ— হেৰি, পুৱাতেনো দেওৰ আগতে আমাক গালি-শপনি পাৰিছে কিয়? আমিনো আপোনাৰ কি অপকাৰ কৰিলোঁ? (ইবিলাক ছাত্ৰই পাঠ এৰি কৌতূহল দৃষ্টিৰে কিনে হয় চাই থাকে। হলধৰে ঘৰ মচি থাকে।)
গিৰিধৰ— কি হে অপকাৰ কৰিলা? চোৱা, বাৰীত মালভোগ কল এথোকা লাগিছিল। মই গোপাল গোসাঁইৰ ভোগ দিম বুলি কলথোকা বান্ধিছিলো। আজি পাৰো, কালি পাৰো বুলি থাকোঁতেই, আজি পুৱাই চাও কলথোকা নাই। পাচে—
ওজা ছাত্ৰ— চোৰ ধৰিবলৈ আহিছে কিয়?
গিৰিধৰ— কাৰণ, তোমালোকে খালা।
[ ৮৫ ] ওজা— আমি খালোঁ? কোনে কলে আপোনাক? কি
প্ৰমাণ দিব পাৰে? আপুনি মিছাতে আমাৰ টোলৰ এনে
বদ্নাম কৰি ফুৰে। এই কথা ভাল নহয়।
(ছাত্ৰবোৰৰ মাজত উত্তেজনাৰ সঞ্চাৰ হয়। সকলোৱে ‘হয় এনে কথা ভাল নহয়’, ‘আপুনি ডাঙৰ মানুহ হৈ আমাৰ এনে বদ্নাম কৰে’— ইত্যাদি কথা কয়।)
গিৰিধৰ— ভাল-বেয়া কি কথা আছে। ভাল কৰিলেহে ভাল কথা ওলায়। বেয়া কৰিলে বেয়া কথাহে ওলাব। টোলখন পাতোতে ভাবিলো বোলে গাৱঁৰ ছলি-পলি মুৰ্খ হৈ যায়, এখন টোলকে পাতে। এতিয়া মুৰ্খ নাই ছলি-পলিবোৰ ডকাইত হে হ’ল। দেও, কি কৰে কৰক।
ওজা ছাত্ৰ— দেৱে কি কৰিব? আপুনি আমাক মিছা বদ্নাম কিয় দিছে? আপোনাৰ কল আমি অনা নাই।
গিৰিধৰ— কোনে নিলে?
ওজা— জানো কোনে নিলে? আপুনিহে জানে। কি জানি আপুনিয়ে নি আমাক বদ্নাম দিবলৈ আহিছে।
গিৰিধৰ— দেও, দেখিছে আপোনাৰ ছাত্ৰৰ কথা। এই কি কৰোঁ কওক।
অধ্যাপক— ৰ’বা গিৰিধৰ। খং নাখাবাচোন। মই ইহঁতক সুধি-পুছি চাওঁ। (ছাত্ৰবিলাকৰ প্ৰতি) হেৰ তহঁতে মোক ইয়াৰ পৰা খেদাইহে এৰিবি। বামুণৰ গাওঁখনতে [ ৮৬ ] থাকি কোনোমতে এমুঠি চাউল খাইছিলোঁ। তহঁতৰ উৎপাতত তাৰ মুদা মৰিল। গিৰিধৰ বাপা, যোৱা তুমি ঘৰলৈ যোৱা। কলথোকাৰ দাম যি হয় ময়েই দিম। আৰু আজিৰ পৰা মই পঢ়াশালি এৰিলোঁ। কিবাকিবি বহী-কাকত আছে; আজি ভাটী-পৰলৈ হৰকান্ত বাপুক মাতি আনিবা। তোমালোক দুজনক চমজাই দি মই আজিয়েই যাম।
(সকলোৱে ইটোৱে-সিটোৰ মুখলৈ চোৱা-চুই কৰে। অধ্যাপক উঠি বহালৈ যায়। বহাটো টোলৰ চৌহদৰ ভিতৰতে।)
গিৰিধৰ— দেও, আপুনি যায় কিয়? বাৰু যি হ’ল হ’ল। আপুনি ইহঁতক সোধকচোন।
ওজা— বাৰু ৰ’ব, মই দেওক মাতি লৈ আহোঁ। (ওজা ওলাই যায় আৰু অধ্যাপকক মাতি আনে।)
গিৰিধৰ— দেও, আপুনি মোক খং কৰে কিয়? বাৰু ছাত্ৰহঁতক একোবাৰ সোধক।
অধ্যাপক— (অলপ পৰ নিমাত হৈ) হয়নে ওজা, কলথোক কি হ’ল?
ওজা— দেও, কলথোকা কোনোবাই খালে। আমি হলে কল অনা নাই।
অধ্যাপক— সঁচা কৈছানে?
ওজা— দেও, কল অনা নাই, সঁচা কৈছোঁ। আপোনাৰ
আগতে মিছা কমনে?
[ ৮৭ ] (অধ্যাপকে এটা এটাকৈ ল’ৰাবিলাকক সোধে। প্ৰতি টোৱে কয় কল অনা নাই বুলি।)
অধ্যাপক— চোৱা গিৰিধৰ। মই কি কৰিম। (এনেতে এজনী গৰুৱে মুখত পকা মালভোগ কলৰ বাকলি কিছুমান খাই আহি ছাত্ৰ-অধ্যাপক সকলোৰে আগে আগে যায়।)
গিৰিধৰ— দেও, চাওক। হাতে হাতে সাক্ষী। ইহঁতে কল অনাই নাই! এই গাইজনীয়ে মালভোগ কলৰ বাকলি ক’ৰ পৰা পালে? (এইবুলি তেওঁ গাই অহাৰ ফাললৈ যায়। আৰু তাৰ পৰা মাটিত অলপকৈ পুতি থোৱা এসোপা মালভোগ কলৰ বাকলি লৈ আহে।) এতিয়া চাওক দেও! আৰু কলপুলি দুটাও মোৰে বাৰীৰ পৰা কাটি আনিছে।
অধ্যাপক— (খঙতে) ওজা, এতিয়া আকা? এতিয়া কোনে এই কাম কৰিলে?
ওজা— দেও খং নকৰিব। আমি আচলতে কল অনা নাই। এই কল আমি খাইছোঁ হয়। সোমেশ্বৰে আনিছিল। কালি ৰাতি আমি খালোঁ। আপোনাৰ আখিটো গোসাঁই ঘৰতে থৈ দিছোঁ নহয়।
অধ্যাপক— ইঃ ইঃ ইঃ। সৰ্ব্বনাশ কৰিলি পাপীহঁত। চুৰ কৰি বামুণৰ বাহানি খাই নেৰিলি, মোকো এই পাপৰ ভাগী কৰিলি। হেৰ সোমশ্বৰ! সোমেশ্বৰ!!
[ ৮৮ ] ছাত্ৰবিলাক— (ইফালে-সিফালে চাই) সোমশ্বৰ দেখোন
নাই, দেও। এতিয়াই ঘৰ মচি আছিল।
অধ্যাপক— খালে, খালে, এই পাপীষ্ঠই! আজি কি কুক্ষণত ৰাতি পুৱাল। পুৱাতে বাহি ঘৰত পাঠ পঢ়ালোঁ। তাৰ পাচতে এই কাণ্ড। এই পাপীষ্ঠ কলৈ গ’ল?
(এনেতে সোমেশ্বৰ আলিৰ ফালৰ পৰা লৰি আহি টোলত সোমাল। তেওঁৰ হাতত কিছুমান ফুল, এধাৰ মালা আৰু এখন ৰঙা কাপোৰ।)
হেৰ সোমাই কলৈ গৈছিলি? গিৰিধৰ বাপাৰ কলথোকা চুৰি কৰি—
সোমশ্বৰ— (অধ্যাপকৰ ভৰিত পৰি) হয় দেও, মই পাপীয়ে কলথোকা চুৰি কৰিছোঁ আৰু কল পুলি দুটাও কাটিছোঁ। কিন্তু এতিয়া সৌ ডিপুটি কমিছনাৰ চাহাব আহিছে। পালেহি বুলিয়েই। মই ঘৰৰ পৰা এইবোৰ লৈ আহিছোঁ। চাহাবক আমাৰ টোল দেখুৱাম! কল চুৰ কৰাৰ বাবে যি শাস্তি দিয়ে পাচত দিব। এতিয়া এইখিনি কৰিব লাগে।
অধ্যাপক— কি কলি, জিলাৰ চাহাবক মই টোল কেনেকৈ দেখুৱাম! মই ইংৰাজী নাজানোঁ। কি—
সোমশ্বৰ— দেও। আপুনি একো কৰিব নালাগে। বহি থাকক। ওজা, আহাঁহে। হলধৰ আহাঁ। যাচোন তহঁত [ ৮৯ ] চাৰিজনমান গৈ ৰঙা কাপোৰখন বাটৰ গেটখনত আঁৰি দে আৰু দুজনে গৈ কালি ৰাতি কাটি অনা পুলি দুটা আনি তাত পোত। (গিৰিধৰৰ প্ৰতি) আপুনিও আহক।
তৃতীয় দৃশ্য
[ওপৰত কোৱা দৰে টোলৰ সমুখ সজোৱা হৈছে। টোলৰ গেটতে
অধ্যাপকে হাতত ফুলৰ মালা এডালি লৈ থিয় হৈ আছে। ছাত্ৰবিলাক
দুশাৰী হৈ তাৰ পাচত থিয় হৈ আছে। আৰু
এফালে গিৰিধৰে হাতত চন্দন আৰু প্ৰদীপ ধৰি থিয়
হৈছে। এনেতে ডিপুটী কমিছনাৰ চাহাব,
লগত ছব-ডিপুটী কলেক্টৰ, স্কুলৰ ছব-ইন্সপেক্টৰ,
মৌজাদাৰ আৰু কিছুমান
আন মানুহৰে সৈতে
গেট পালেহি।]
সোমেশ্বৰ— “জয় কৰ্ণেল মৰ্টনৰ জয়”!
(সকলোৱে তিনিবাৰ জয়ধ্বনি দিয়ে।)
ডিপুটী কমিছনাৰ— আপুনি Headmaster (অধ্যাপকৰ প্ৰতি)?
(অধ্যাপকে থতমত খায়। সোমশ্বৰে খুচিয়াই দিয়ে—
মালা হালি পিন্ধিলে।)
দেখি বৰ ভাল পালোঁ। আপোনাক কি লাগে?
S. I. Schools— They simply wanted to honour your honour, Sir, in the right oriental fashion.
S. D. C.— Yes, Sir, it is very good of them. They absolutely loyal. No Congress, no politics.
ডিঃ কঃ— কিমান ছাত্ৰ আছে?
ওজা— বাৰজন ছাত্ৰ হুজুৰ।
ডিঃ কঃ— কি দৰমহা পায়?
ওজা— একো দৰমহা নাই।
ডিঃ কঃ— একো দৰমহা নাই। কি কৰি খায়?
ওজা— খুজি-মাগি খায় হুজুৰ।
ডিঃ কঃ— ওঃ পঢ়ায়, খুজি খায়! Sub-Inspector, what does your department do?
S. I. S.— Sir, the Tols are not under our department; but under the Assam Sanskrit Board at Sylhet.
D. C.— Damn it! Why do not they pay [ ৯১ ] the teacher? (অধ্যাপকক) আপুনি দৰমহা নোখোজে কিয়? কিয় এনেকৈ পঢ়ায়?
সোমশ্বৰ— হুজুৰ, আমি খুজিলে কোনেও নুশুনে। হুজুৰে দয়া কৰিলে দৰমহা দিব পাৰে।
ডিঃ কঃ— অৱশ্যে দয়া কৰিব লাগে। মই আজিয়েই ডাইৰেক্টৰ চাহাবক লিখি মাহত দহ টকা কৰি grant দিয়াম। আৰু এই দহ টকা মোৰ পৰা দিলোঁ। নমস্কাৰ! (চাহাব ওলাই যায়।)
অধ্যাপক— উঃ ৰক্ষা! কি কলেহে চাহাবে?
সোমেশ্বৰ— দেও, দহ টকাকৈ আপোনাক দৰমহা দিবলৈ লিখিব। আৰু এই দহ টকা আপোনাক দি গ’ল।
অধ্যাপক— তইনো এইখন ক’ৰ পৰা সাজিলি?
সোমশ্বৰ— দেও, এইখিনি তেনেই দাদাৰ বুদ্ধি। তেওঁ নগৰত চাকৰি কৰে নহয়। আৰু কালি আহি সকলোখিনি মোক শিকাই দিলে। এইবোৰ সাজোতেহে ঘৰ মচাত পলম হ’ল। পাচে কালি কলপুলি আনিবলৈ গৈ লোভ সামৰিব নোৱাৰি কলথোকাও আনিলোঁ হয়। এখেতে সদায় কল পকাই পকাই খায় আৰু বেচে। খুজিলে গোসাঁইলৈ থোৱা বুলি কয়।
অধ্যাপক— ইহঁতে তেন্তে নাই অনা বুলি কয় কিয়?
ওজা— হয় দেও, আমি অনা নাই। আমিতো খোৱা
বুলি কৈছোঁ। আনিলে সোমেশ্বৰেহে।
[ ৯২ ] (অধ্যাপকে আৰু গিৰিধৰে হাঁহিব নে কান্দিব বুজি পোৱা নাই। ইফালে-সিফালে চাইছে।)
সোমেশ্বৰ— দেও মোৰ দোষ হৈছে, দণ্ড দিয়ক।
গিৰিধৰ— (হাঁহি) দেও, মোৰহে অপৰাধ। হয় ইমানখিনি ল’ৰা আগত থাকোঁতে মই কলবোৰ অকলে খাব নাপাওঁ। সোমাই বোপাই, তুমি মোক ভাল শিক্ষা দিলা। (এইবুলি কৈ লৰ মাৰি গোসাঁই ঘৰৰ পৰা এক আখি কল লৈ আহে।) দেও, এই আখি আপোনাৰ বাবে বাপাহঁতে থৈ দিছে। মই সেৱা কৰিছোঁ, গ্ৰহণ কৰক। (ভৰিত পৰে) মই গোপাল ভোগৰ কাৰণে কল থৈছিলোঁ। ভাল গোপালত লাগিল। আৰু এথুকি আছে। তাকে পঠিয়াওঁ গৈ।
অধ্যাপক— ওজা, যোৱা। আজি ৰাতিলৈ অলপমান নাম পাতা। চাহাবে টকা দহোটা দিলেই। গিৰিধৰ বাপা আহিবা। হৰকান্ত বাপু আৰু আন আনকো মাতিবা।