পৃষ্ঠা:পৰিদৰ্শন.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পৰিদৰ্শন

থাকি কোনোমতে এমুঠি চাউল খাইছিলোঁ। তহঁতৰ উৎপাতত তাৰ মুদা মৰিল। গিৰিধৰ বাপা, যোৱা তুমি ঘৰলৈ যোৱা। কলথোকাৰ দাম যি হয় ময়েই দিম। আৰু আজিৰ পৰা মই পঢ়াশালি এৰিলোঁ। কিবাকিবি বহী-কাকত আছে; আজি ভাটী-পৰলৈ হৰকান্ত বাপুক মাতি আনিবা। তোমালোেক দুজনক চমজাই দি মই আজিয়েই যাম।

 (সকলোৱে ইটোৱে-সিটোৰ মুখলৈ চোৱা-চুই কৰে। অধ্যাপক উঠি বহালৈ যায়। বহাটো টোলৰ চৌহদৰ ভিতৰতে।)

 গিৰিধৰ— দেও, আপুনি যায় কিয়? বাৰু যি হ’ল হ’ল। আপুনি ইহঁতক সোধকচোন।

 ওজা— বাৰু ৰ’ব, মই দেওক মাতি লৈ আহোঁ। (ওজা ওলাই যায় আৰু অধ্যাপক মাতি আনে।)

 গিৰিধৰ— দেও, আপুনি মোক খং কৰে কিয়? বাৰু ছাত্ৰহঁতক একেবাৰ সোধক।

 অধ্যাপক— (অলপ পৰ নিমাত হৈ) হয়নে ওজা, কলথোক কি হ’ল?

 ওজা— দেও, কলথোকা কোনোবাই খালে। আমি হলে কল অনা নাই।

 অধ্যাপক— সঁচা কৈছানে?

 ওজা— দেও, কল অনা নাই, সঁচা কৈছোঁ। আপোনাৰ

আগতে মিছা কমনে?

[৮৬]