সন্ধিৰ বাঁহ
এতিয়া। ঘৰ মচিব পাৰ যদি আগৰ পৰা কি হৈছিল? বাহি ঘৰত মোৰ এইদৰে জাত-মান খালি কিয়? যাঃ।
সোমেশ্বৰ— (প্ৰবেশ কৰি আৰু অধ্যাপকৰ ভৰিত পৰি) দেও, ক্ষমা কৰক। মোৰহে জগৰ। মই মূৰ্খই এনেটো কৰিব নাপাওঁ। আপুনি ঘৰ মচো বোলাঁতে মোৰ পাপ লাগিল। আৰু নকব। মই এতিয়াই ঘৰ মচি দিম। কিবা অলপ কামতহে অলপ দেৰি হ’ল। (সোমেশ্বৰ ভৰিৰ পৰা উঠে) হেৰা হলধৰ, যোৱা, গোবৰ-মাটি আনাগৈ; মই এতিয়াই পানী আনি দিওঁ।
দ্বিতীয় দৃশ্য
[সোমেশ্বৰে আৰু হলধৰে টোলঘৰ মচি থাকে। ওজাই আৰু অধ্যাপকে মচাৰ ফালত বহি আনবিলাক ল’ৰাক পঢ়াই থাকে। ধপাত লগোৱা ল’ৰাটোৱে অধ্যাপক হোকা দিছে। আৰু অধ্যাপকেও হোকা খাই থাকে। এনেতে গিৰিধৰ নামেৰে গাৱঁৰে বামুণ এজন টোললৈ সোমাই আহে। তেওঁক অহা দেখি সোমেশ্বৰ ইফাল-সিফাল কৰি ওলাই যায়।]
গিৰিধৰ— (সোমাই আহি) দেও, প্ৰণাম!
অধ্যাপক— কুশল হওক। অ’, গিৰিধৰ বাপা। পুৱাই
দেখোন ওলালাহি। মুখখনো শুকান শুকান দেখিছোঁ।
[৮৩]