পৃষ্ঠা:পৰিদৰ্শন.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

 ছাত্ৰবিলাক— (ইফালে-সিফালে চাই) সোমশ্বৰ দেখোন নাই, দেও। এতিয়াই ঘৰ মচি আছিল।

 অধ্যাপক— খালে, খালে, এই পাপীষ্ঠই! আজি কি কুক্ষণত ৰাতি পুৱাল। পুৱাতে বাহি ঘৰত পাঠ পঢ়ালোঁ। তাৰ পাচতে এই কাণ্ড। এই পাপীষ্ঠ কলৈ গ’ল?

 (এনেতে সোমেশ্বৰ আলিৰ ফালৰ পৰা লৰি আহি টোলত সোমাল। তেওঁৰ হাতত কিছুমান ফুল, এধাৰ মালা আৰু এখন ৰঙা কাপোৰ।)

 হেৰ সোমাই কলৈ গৈছিলি? গিৰিধৰ বাপাৰ কলথোকা চুৰি কৰি—

 সোমশ্বৰ— (অধ্যাপকৰ ভৰিত পৰি) হয় দেও, মই পাপীয়ে কলথোকা চুৰি কৰিছোঁ আৰু কল পুলি দুটাও কাটিছোঁ। কিন্তু এতিয়া সৌ ডিপুটি কমিছনাৰ চাহাব আহিছে। পালেহি বুলিয়েই। মই ঘৰৰ পৰা এইবোৰ লৈ আহিছোঁ। চাহাবক আমাৰ টোল দেখুৱাম! কল চুৰ কৰাৰ বাবে যি শাস্তি দিয়ে পাচত দিব। এতিয়া এইখিনি কৰিব লাগে।

 অধ্যাপক— কি কলি, জিলাৰ চাহাবক মই টোল কেনেকৈ দেখুৱাম! মই ইংৰাজী নাজানোঁ। কি—

 সোমশ্বৰ— দেও। আপুনি একো কৰিব নালাগে। বহি

থাকক। ওজা, আহাঁহে। হলধৰ আহাঁ। যাচোন তহঁত

[৮৮]