সমললৈ যাওক

পৃষ্ঠা:পৰিদৰ্শন.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 ডিপুটী ইন্সপেক্টৰ— বুৰ্‌বক্! মুখে মুখে কথা কবলৈ শিকিছে। ট্ৰেইনিঙৰ সেই গাধা মাষ্টাৰকেইটাৰ পৰা আশয় পাই আমাৰ সকলো শিক্ষক গুচিল। Discipline নোহোৱা হ’ল।

 হেড্-পণ্ডিত— (জয়ৰামক) হে-হেৰি উঠক।

 জয়ৰাম— কেলেই তোমাৰ কি হ’ল?

 ডিপুটী ইন্সপেক্টৰ— কি হ’ল! গাধা মাষ্টাৰৰ গাধা ছাত্ৰ!

 জয়ৰাম— মোক গাধা বোলক! আমাৰ মাষ্টাৰক গাধা নুবুলিব। আপোনালোকৰ দৰে গাধাক ২০ বছৰ শিকাব পাৰে।

 ডিপুটী ইন্সপেক্টৰ— তোৰ ইমান সাহ! হেৰা তোমালোক সকলো সাক্ষী। আজিয়েই ইয়াক Dismiss কৰিবলৈ লিখিম। তোমালোকৰ আগতে মোক অপমান কৰিলে।

 জয়ৰাম— লিখিব নালাগে। ময়ে কাম এৰিছোঁ। এনে গাধাৰ দলত চাকৰী কৰিলে গাধাহে হব লাগিব। (যায়গৈ)


 
[১০৪]