পৃষ্ঠা:পৰিদৰ্শন.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পণ্ডিত বাবু

 ইন্সপেক্টৰ— পণ্ডিত, এইফালে আহিব লাগে।

 (পণ্ডিত সন্ত্ৰস্তভাৱে আহিল।) এই ক আখৰটো দেখিছানে?

 পণ্ডিত— হয় ধৰ্ম্মাৱতাৰ।

 ইন্সপেক্টৰ— এই চোৱা, এই আখৰটোৰ এইটো আঁচ পোন হৈছেনে?

 পণ্ডিত— নাই হোৱা, হুজুৰ।

 ইন্সপেক্ট— কিয় হোৱা নাই?

 পণ্ডিত— নজনা কছাৰী ল’ৰা হুজুৰ, একো নুবুজে, অসভ্য!

 ইন্সপেক্টৰ— নজনা কছাৰী ল’ৰা, হুজুৰ! তোমাক ইয়াত দৰহমা খুৱাই বোৰ্ডে পুহিছে কিয়— হুজুৰ!

(পণ্ডিতে ভয়ে থক্ থক্‌কৈ কঁপিবলৈ ধৰে।)

 ইন্সপেক্টৰ— এইটো কাৰ চাৰ্কেল?

 ছব-ইন্সপেক্টৰ— মোৰ চাৰ্কেল Sir।

(মুখখন অলপ বিবৰ্ণ হয় আৰু সেপ ঢুকে।)

 ইন্সপেক্টৰ— I see, I cannot congratulate you on your work. See this line. This is not perfectly horizontal. চোৱা পণ্ডিত এই লাইন, এইদৰে ঠিক পোন হব লাগে। Horizontal, থিয়। আৰু এই লাইন এইদৰে ঠিক চিধা হব লাগে, vertical বুজিছা?

 পণ্ডিত— হুজুৰ, বৰ টান কাম; প্ৰথমতে ল’ৰাবিলাকে পোন কৰিবলৈ বৰ টান পায়।


[৯৯]