পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাণ-খোৱা

 কাণ-খোৱা পুথি সকলোৰে মাজত জনাজাত। ওপৰে ওপৰে চালে ইয়াক সাধাৰণ ল’ৰা নিচুকোৱা গীত যেন লাগে আৰু বাস্তৱিকতে ইয়াক নিচুকনি গীতৰ ঠাঁচত লিখা হৈছে। কিন্তু ই বৈষ্ণৱ কবিৰ অন্তৰ্মুখী কল্পনাৰ মনোৰম ৰচনা। ই অতিশয় মনমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ। এপিনে ইয়াত শিশু-জীৱনৰ নিকপটীয়৷ প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তি-ভাব পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে।

 কাণ-খোৱা কবিতা বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলি-বিৰচিত। এওঁ শঙ্কৰদেৱ। সমসাময়িক আৰু তেওঁৰ প্ৰিয়পাত্ৰ আছিল। কীৰ্তন ঘোষাৰ অন্তৰ্গত “ঘুনুচা-যাত্ৰা” শ্ৰীধৰ কন্দলিৰ ৰচিত। শঙ্কৰদেৱৰ প্ৰিয়জনৰ ৰচন৷ বুলি “ঘুমুচা-যাত্ৰা”ক কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে। তাত বাজেও মহাভাৰতৰ অশ্বমেধ-পৰ্ব এওঁৰেই ভাঙনি।

 কাণ-খোৱা কবিতাটো শিশু-জীৱনৰ মনোৰম ঘটনা এটি লৈ লিখা। সকলো দেশতে সকলো সময়তে ল’ৰাক শুৱাবলৈ নিচুকনি গীত গোৱাৰ ৰীতি আছে। কান্দুৰা ল’ৰাক ভয় খুৱাবলৈ ঠাই আৰু সময়-বিশেষে বাস্তৱ বা কাল্পনিক ভয়াৱহ জীৱ-জন্তুৰ নাম লোৱা হয়। সেই অনুসাৰে যশোদাদেৱীয়ে এদিনাখন শিশু কৃষ্ণক টোপনি যোৱাবলৈ কাণ খোৱা আহিব লাগিছে বুলি গীত জুৰিলে—

ঘুমটি যায়োৰে  অৰে কানাই
 হুৰে কাণ-খোৱা আসে।
সকল শিশুৰে  কাণ খাই খাই
 আসয় তোমাৰ পাশে॥

বিষয়-বস্তু এইখিনিয়েই। ভাগৱত, হৰিবংশ আদি মূল গ্ৰন্থত অনুৰূপ কোনো ঘটনাৰ উল্লেখ নাই। সেই হিছাপে কবিতাটো নিতান্তই