সমস্তে জগত প্ৰতিপাল কৰি
আত্মা-ৰূপে আছো ধৰি॥
ব্ৰহ্মা মহেশ্বৰ আদি কৰি যত
সমস্তে মোৰ স্ৰজনা।
মই নাজানিলো সিটো কাণ-খোৱা
স্ৰজিলেক কোনজনা॥
এইদৰে বিষ্ণুৰূপী নিজৰ যিমান অৱতাৰ হৈছিল, শিশুকৃষ্ণই সকলোবোৰকেই মনত সুঁৱৰিব ধৰিলে। তেওঁৰ নানান অৱতাৰত নানান দৈত্য দানৱ আদিৰ লগত সংঘৰ্ষ হৈছে কিন্তু কাণ-খোৱা বীৰৰ কথা কেতিয়াও শুনা নাই। সকলো অৱতাৰৰ বৃত্তান্তবোৰ এটি এটিকৈ আহি স্মৃতিৰ কৰুণ পটত পৰিল, কিন্তু কাণ-খোৱা বীৰৰ কথাতো মনত নপৰে! মায়াদেৱীয়ে আকৌ আশঙ্কা উদগাই দিলে।
হলিৰাম-ৰূপে লাঙ্গল ধৰিলো
সম কৰি খাল ৰাম।
সমস্তে পৃথিৱী বাই-বটি থৈলো
লৈলো হলধৰ নাম॥
সিওকালে মই লগ নাপাইলোহো
আৱে মনে মনে গুণো।
কাণ-খোৱা নামে বীৰগোট আছে
আজি তযু মুখে শুনো॥
ভাবি-চিন্তি শিশু-কৃষ্ণই একো থিৰ কৰিব নোৱাৰিলে। জানোচা কাণ-খোৱা ভুলে-চুকে ক’ৰবাত ৰৈ গ’ল। শিশুৰ মনত নৈৰাশ্য আহি দেখা দিলে। মায়াদেৱীৰেই খন্তেক জয় হ’ল। অতি কৰুণ সুৰে কৃষ্ণই মাকক সুধিব ধৰিলে,
আসিয়া ইবাৰ কৃষ্ণ অৱতাৰ
হুয়া আছো তযু ঘৰে।
কাণ-খোৱা নাম শুনি মোৰ গাৱ
তৰতৰি কম্পে ডৰে॥