দন্দুৱা দ্ৰোহ/ত্ৰয়োবিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১১৩ ]

ত্ৰয়োবিংশ অধ্যায়।
১৭৯১ শক।

 কামৰূপীয়া মানুহে এই গত তিনি বছৰে যদিও ৰণত বাৰে বাৰে জিকিছিল তথাপি এই বেলিৰ ৰণত ভালেমান মানুহ মৰা দেখি মনত বিষাদো লভিলে আৰু নিৰুৎসাহো হব ধৰিলে। আহোমৰ বৰ হিলৈ দেখি কামৰূপীয়া বৰুৱা চৌধাৰীসকলে অলপ-অচৰপ ইতস্ততঃ লগাব ধৰিলে! দৰদত্তেও বুজিলে যে এইদৰে বছৰি কামৰূপীয়া প্ৰজা লৈ [ ১১৪ ] ৰণ কৰি থকাটো বৰ সহজ কাম নহয়। মানুহদুনুহো মবে আৰু খেতি খামাৰো লোকচান হয়। সেই দেখি এইবাৰ বহাগৰ সাত বিহুৰ দিনাই কামৰূপীয়া বৰুৱা চৌধাৰীসকলক নিমন্ত্ৰণ কৰি জিকেৰিলৈ আনি বুধি পৰামৰ্শ হল। তেওঁবিলাকে কলে যে গত তিনি বছৰে ৰণত ঢেৰ মানুহ মৰিল; খেতি খামাৰো বছৰি লোকচান হৈছে। আহোমৰ বৰ হিলৈৰ সৈতে কেৱল ধেনু কাড় লই যুঁজা টান। সেই দেখি হৰদত্ত বৰুৱাই দৰং, কোচবেহাৰ আন কি পঞ্জাবৰ পৰাও সৈন্য অনাওক। তেওঁবিলাক সক- লোৱে মিলিজুলি এই সৈন্যক খৰচ পাতি ৰছদ পত্ৰ যোগাৰ দিব। সেইবিলাক ঠাইৰ পৰা সৈন্য আহি নাপাই মানে- কামৰূপীয়া প্ৰজা সৈন্যেৰেই কোনো ৰকমে দুৱাৰ তিনিখান ৰক্ষা কৰি থকা হওক। তেওবিলাকৰ এই দিয়া পৰামৰ্শত হৰদত যদিও সন্মত হল; তথাপি উভয়ে তেওঁবিলাকক দঢ়াই দঢ়াই কলে যে তেওঁবিলাকে যেন নিৰুৎসাহ নহয়; আৰু বিদেশী সৈন্য আহি পালে সেই সৈন্যৰ খৰচ ৰচদ পাতি দিয়াত যেন এফেৰাও ক্ৰটি নকৰে। বৰুৱা চৌধাৰী সকলে কলে—“বাৰু। আমাৰ দিহা মতে কাম কৰা, আমি সহায় কৰাত পিছ নোহোঁহকো” ইত্যাদি ৰূপে কই ঘৰা-ঘৰি গল। হৰদত্ত বৰুৱাই দৰঙ্গ আৰু বিজনী লৈ কটকি পঠালে। মহীৰামক লগত দি কটকি এযোৰা কোচ বেহাৰলৈকো পঠালে। এযোৰ মানুহক পাচশ শিখ চিপাহী [ ১১৫ ] আনিবলৈ পঞ্জাবলৈকো পঠালে। কোচবেহাৰলৈ দিয়া চিঠিত এইটোও ইঙ্গিত কৰিলে যে কামৰূপ দেখোন আগৰ তেওঁবিলাকৰ ৰাজ্য সেই দেখি আহোমক খেদি তেওঁ বিলাকেই আহি এই ৰাজ্য লওক। কামৰূপীয়া মানুহে তেওঁ বিলাকক যিমান দুৰ পাৰে ধনে জনে সহায় কৰিব।

 ইফালে ঘৰত হৰদত্তক তেওঁৰ গৃহিণীয়ে পদ্মকুমাৰীৰ বিয়াৰ বিষয়ে খেচ খেচাব ধৰিলে। হৰদত্তে ঘৈণীয়েকক বুজালে যে এনেকুৱা শঙ্কটৰ সময়ত তেও জীয়াৰীৰ বিয়াৰ বিষয়ে একো কৰিব নোৱাৰে। তাতে মহীৰামক কোচ বেহাৰলৈ পঠোৱা হৈছে। সি উলটি আহিলে দিন কালৰ সুবিধা চাই পিচে পৰেও যি হয় কৰা যাব।

⸻—