পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলো আৰু আগবাঢ়িব নোৱাৰিলে, কামৰূপীয়াইও ৰজা দুৱাৰ, উত্তৰ গুৱাহাটী, আমিন গাওঁ এৰি দীৰ্ঘেশ্বৰীৰ পাহাড়ত ছিলাৰ চকি আৰু পাহাড়ত সিফালে আজ্ঞাঠুৰি পাহাড়ত খোপনি পিতি ৰল। বৰফুকনে ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী আৰু আমিন গাওঁ এই তিনিউ ঠাইতে হিলৈ তিনটা পাতি থৈ দুশ দুশ ৰণুৱা সেই হিলৈ ৰক্ষা কৰি থাকিবলৈ আৰু কামৰূপীয়াৰ গতিৰোধ কৰি থাকিবলৈ এবি বাকী চাৰি পাঁচ শ ৰণুৱাৰে সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ উলটিল।

⸻—


ত্ৰয়োবিংশ অধ্যায়।
১৭৯১ শক।

 কামৰূপীয়া মানুহে এই গত তিনি বছৰে যদিও ৰণত বাৰে বাৰে জিকিছিল তথাপি এই বেলিৰ ৰণত ভালেমান মানুহ মৰা দেখি মনত বিষাদো লভিলে আৰু নিৰুৎসাহো হব ধৰিলে। আহোমৰ বৰ হিলৈ দেখি কামৰূপীয়া বৰুৱা চৌধাৰীসকলে অলপ-অচৰপ ইতস্ততঃ লগাব ধৰিলে! দৰদত্তেও বুজিলে যে এইদৰে বছৰি কামৰূপীয়া প্ৰজা লৈ