সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২/দন্দুৱা দ্ৰোহ
 

ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া প্ৰজাৰ মাজত দেৱী পূজাৰ কথা ওলালেই ফকৰা ওলায় “এঃ! দেৱীক পূজিলেনো হ’ব কি? দেখা নাইনে, মাক বলি দিলে মায়ে সেই বলিও খায় অথচ ছলিও (সন্তান) মাৰে”। পাঠক! আমি হৰদত্ত বৰুৱাৰ শোকলগা আচল বুৰঞ্জী মূলক কাহিনী শেষ কৰিলোঁ। আমাৰ বঢ়া-টুটা সমস্ত দোষ যেন ক্ষমা কৰে।

৹৹৹