দন্দুৱা দ্ৰোহ/চতুৰ্বিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১১৫ ]

চতুব্বিংশ অধ্যায়।
১৭৯১ শকৰ ৰণ।

 বহাগ গল। জেঠ গল। ঘোৰ বাৰিষা পৰিল। আহোম আৰু কামৰূপীয়াই এফালে খেতি- খালাত, আনফালে আকৌ মাঘ মহীয়া ৰণলৈ উদ্যোগ লগালে। এইবাৰ পুত্ৰ মাহত দৰঙ্গলৈ পঠোৱা কটকি যোৰাই দৰঙ্গৰ পৰা মুঠেই [ ১১৬ ] দুহেজাৰ সৈন্য লই পালেহি। কটকিৰ হাতত দৰঙ্গৰ ৰজাই হৰদত্তলৈ বাতৰি দিলে যে এইবাৰ তেওঁ সৰহ সৈন্য দিব নোৱাৰিলে যিহেতু উজনীৰ পৰা আহোম ৰজা গৌৰী নাথ সিংহই পাঁচশ শিক্ষিত আহোম ৰণুৱা লই নিজেই তেওঁৰ লগত যুঁজিবলৈ আহিব লাগিছে, এইবাৰ দৰঙ্গত তয়া ময়া ৰণ লাগিব। বিজনীৰ কটকী যোৰাই বিজনীৰ পৰা এহেজাৰ ৰণুৱা লই আহিল। সিফালে কোচবেহাৰৰ পৰা মহীৰামে এজন কোচ কুমাৰে সৈতে মুঠেই পাঁচ শ কোচ ৰণুৱা আনিলে। পঞ্চাবলৈ যোৱা কটকি যোৰাই দুশ তৰোৱাল ধাৰী ১০০এশ বন্দুকধাৰী শিখ ৰণুৱা লই পালেহি। কামৰূপৰ ছয় সাত হেজাৰ ৰণুৱাৰে সৈতে এইবাৰো হৰদত্তৰ প্ৰায় দহ হেজাৰ ৰণুৱা হল।
 ইফালে গুৱাহাটীত বৰফুকনেও দক্ষিণ-পাৰৰ-দাতি কাষৰীয়া ৰজা সকলৰ পৰা প্ৰায় ছয় হেজাৰ ৰণুৱা পালে। এনেতে উজনীৰ পৰা গৌৰীনাথ সিংহ ৰজাও পাচ শ আহোম ৰণুৱাৰে সৈতে গুৱাহাটী পালে।
 গুৱাহাটী পাই ৺গৌৰী নাথ সিংহ স্বৰ্গদেৱে বৰফুকনে সৈতে পৰামৰ্শ কৰি এইটো বঢ়িয়াকৈ বুজিলে যে আহোম ৰাজাক চাৰিউফালে শত্ৰুয়ে বেঢ়ি ধৰিছে। উজনীভ মোৱামৰীয়া হঁতে বিদ্ৰোহ তুলিছে। মাজ অসমত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ণে যুজ ধৰিছে। আৰু কামৰূপত কামৰূপীয়াইও দ্ৰোহ আচৰণ কৰিছে। এনেকুৱা অৱস্থাত [ ১১৭ ] তেওঁবিলাকে ওচৰৰ ৰংপুৰত থকা প্ৰচণ্ড প্ৰতাপী ইংৰাজৰ সহায় নললে শত্ৰু দমন কৰি আহোম ৰাজ্য ৰক্ষা কৰা টান হব। ইয়াকে থাৱৰ কৰি উভয়ে পৰামৰ্শ কৰি কলিকতাৰ লাট চাহাবলৈ অসম ৰাজ্যৰ বিদ্ৰোহ আৰু হুলস্থূল বিলাক থমাই শান্তি স্থাপন কৰিবলৈ সহায় খুজি কটকি এযোৰা পঠালে। পুহ মাহতে কটকি নাৱেৰে গই ৪ চাৰিমাহে কলিকতা পালেগৈ। লাটৰ ওচৰ চাপোঁতে চাপোঁতে এমাহ গল। লাটে অনেক বিবেচনাৰ ওপৰত ৰংপুৰত থকা কাপ্তান ওৱেল্‌ছক গৌৰীনাথ সিংহক সহায় কৰিবলৈ আদেশ দিলে। সেই আদেশ পাওঁতে পাওঁতে জেঠ পৰিল। কাপ্তান ওৱেলছে “বাৰিষাৰ অন্তে খৰালি হে সহায় কৰিবলৈ যাব পাৰিম” ৺গৌৰীনাথ সিংহ স্বৰ্গ দেৱলৈ জনাই পঠালে।
 ইফালে মাঘ মাহৰে পৰা দৰঙ্গৰ ৰজা আৰু কামৰূপী- য়াৰে সৈতে আকৌ আহোমৰ ৰণ লাগিল। দৰঙ্গৰ ৰজাই আহোমক একেবাৰে দৰঙ্গ আৰু খাগৰিজান জিলাৰ পৰা উলিয়াই পঠালে। কামৰূপৰ তিনিউদুৱাৰতে তয়া-ময়া ৰণ হল। পঞ্জাৱৰ শিখ, আৰু বিজনী দৰঙ্গ, কোচবেহাৰৰ কোচ, আৰু কামৰূপীয়াৰ প্ৰজা সৈন্যৰ আগত আহোম তিষ্ঠিব নোৱাৰি আকৌ গুৱাহাটীলৈ উলটি আহিল। আকৌ দত্ত বীৰদত্তৰে জয় হল।