পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনিবলৈ পঞ্জাবলৈকো পঠালে। কোচবেহাৰলৈ দিয়া চিঠিত এইটোও ইঙ্গিত কৰিলে যে কামৰূপ দেখোন আগৰ তেওঁবিলাকৰ ৰাজ্য সেই দেখি আহোমক খেদি তেওঁ বিলাকেই আহি এই ৰাজ্য লওক। কামৰূপীয়া মানুহে তেওঁ বিলাকক যিমান দুৰ পাৰে ধনে জনে সহায় কৰিব।

 ইফালে ঘৰত হৰদত্তক তেওঁৰ গৃহিণীয়ে পদ্মকুমাৰীৰ বিয়াৰ বিষয়ে খেচ খেচাব ধৰিলে। হৰদত্তে ঘৈণীয়েকক বুজালে যে এনেকুৱা শঙ্কটৰ সময়ত তেও জীয়াৰীৰ বিয়াৰ বিষয়ে একো কৰিব নোৱাৰে। তাতে মহীৰামক কোচ বেহাৰলৈ পঠোৱা হৈছে। সি উলটি আহিলে দিন কালৰ সুবিধা চাই পিচে পৰেও যি হয় কৰা যাব।

⸻—


চতুব্বিংশ অধ্যায়।
১৭৯১ শকৰ ৰণ।

 বহাগ গল। জেঠ গল। ঘোৰ বাৰিষা পৰিল। আহোম আৰু কামৰূপীয়াই এফালে খেতি- খালাত, আনফালে আকৌ মাঘ মহীয়া ৰণলৈ উদ্যোগ লগালে। এইবাৰ পুত্ৰ মাহত দৰঙ্গলৈ পঠোৱা কটকি যোৰাই দৰঙ্গৰ পৰা মুঠেই