পৃষ্ঠা:দদাইৰ পজা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টম্‌ দদাইৰ পজা।

সেই গুণেই হেলিয়ে শ্বেলবিৰে সৈতে এনেবোৰ কথা কবলৈ সুযোগ পাইছিল।

 ইলাইজাই যেতিয়া হেৰিক বিচাৰি গৈছিল দেউতাকৰ সৈতে কথা পতা মানুহজন যে বেপাৰী তাই গম পাইছিল আৰু কোনোবা গোলামকো যে বেচিবৰ কথা বতৰা হৈছিল তাই তাকো গম পাইছিল। সেই দেখি তাইৰ লৰাৰে বিষয়ে কথা হৈছিল বুলি তাইৰ মনত কিবা এটা আশঙ্কা হল।

 তাই দুৱাৰৰ ওচৰত থিয় হৈ অলপ পৰ থাকি সকলো কথা শুনিলেহেতেন কিন্তু ঠিক সেই খিনি সময়তে তাইৰ আইয়েকে মতাৰ নিমিত্তে তাই সেই ঠাই এৰি যাব লগীয়া হ’ল। মাকৰ মন। ল’ৰাৰ বিষয়ে ভয়, সন্দেহ যায় কত?

 সেই দিনা ইলাইজাৰ কামত মন নাই। এখন কাপোৰ দিওঁতে আন এখন কাপোৰ দিয়ে, মুখ ধুবৰ লোটা দিবলৈ যোৱাত লোটা পৰি যায়। সি দিনা কামত তাইৰ মন নাই।

 মিসেস্ শ্বেলবিয়ে তাইক ক’লে, “ইলাইজা, তোৰ আজি কি হ’ল? কামত মন নাই কিয়?”

 “আই, আই, আজি দেউতাৰ লগত বেপাৰী এটাই কথা কোৱা দেখিলোঁ।”

 “ছোৱালী জনীয়ে কি কয়, বেপাৰীৰ সৈতে কথা দেউতাৰে ক’লেই বা”।

 “আই, দেউতাই মোৰ হেৰিক বেচিব নে?” এই বুলি