পৃষ্ঠা:দদাইৰ পজা.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দদাইৰ পজা

 “হেলি,” (আন মানুহটোৰ নাম) “টম্ সঁচাসঁচিকৈয়ে বৰ অসাধাৰণ মানুহ। সি এটী ৰত্ন। সি সজ, কৰ্ম্মদক্ষ, ধীৰ আৰু গম্ভীৰ। এই টকাৰে টমক য’তে ত’তে বেচিব পাৰোঁ। সি মোৰ খাত পাম ঘৰ-বাৰি অতি যতনেৰে পৰিপাটীৰূপে চলায়।”

 হেলিয়ে উত্তৰ দিলে, “এৰা, ক’লা মানুহ যেনে সজ হয় তেনে সজৰ কথা কৈছে নহয় নে, বাৰু?”

 “নহয়, নহয়, টম্‌ সঁচাসঁচিকৈ ধৰ্মভীৰু, বিবেকী, সজ, ধীৰ আৰু গম্ভীৰ মানুহ। টমৰ দৰে মানুহক যে বেচিবলৈ ওলাইছোঁ ই কম দুখৰ কথা নহ। মই দুৰ্ভগীয়া দেখিহে তাক বেচিবলৈ ওলাইছোঁ। বাকিখিনি টকা যে তোমাক মোৰ দিব লগীয়া আছে, এই টমকে সেইখিনিৰ সলনি লৈ মোক মুক্তি দিয়া। আৰু সঁচাসঁচিকৈয়ে কবলৈ গলে তোমাৰ যদি অলপ ধৰ্ম্মজ্ঞান কি বিবেক বুলি এটা বস্তু আছে, তুমি এই এজন মানুহ লৈয়েই সন্তুষ্ট হৈ মোক মুক্তি দিব।”

 হেলিয়ে ক’ল, “আন আন ব্যৱসায়ী মানুহৰ যেনে ধৰ্ম্মাজ্ঞান আছে, মোৰো তেনে ধৰ্ম্মজ্ঞান আছে। কাৰবাৰ খন চলাব লাগিব তো।”

 “তনেহলে হেলি, কি লাগে তোমাক?”

 “আৰু এটা ল’ৰা কি এজনী ছোৱালী এই টমৰে লগত ‘ফাও' বুলি এৰি দিব নোৱাৰে নে?”

 “নাই, নাই, তেনেকৈ দিব পৰা মোৰ কোনো নাই।”