পৃষ্ঠা:দদাইৰ পজা.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
টম্‌ দদাইৰ পজা।

 হেলিয়ে লৰাটোক লাগে বুলি বহুবাৰ কলে।

 শ্বেলবিয়ে কলে, “মই তাক বেচিব নোখোজোঁ। মাকৰ বুকুৰ পৰা তাক নো কেনেকৈ কাঢ়ি আনিম? মানুহৰ অলপ দয়া মৰম আছে নে নাই?”

 “তেনেহলে এটা কাম নকৰে কিয়? শুনক, কেদিন মানৰ নিমিত্তে মাকক আঁতৰাই আন ঠাইলৈ নপঠিয়াই কিয়? সেই খিনি সময়তে আমাৰ কাম উদ্ধাৰ কৰিম। যেতিয়া তাই উভতি আহিব আপোনাৰ ঘৈণীয়েকে তাইক কিবা অলপ গহনা, কি কাপোৰ কানি নহলে আন কোনো বস্তু দিব। তাই পাহৰি যাব। আমাৰ বগা মানুহৰ দৰে সিহঁত নহয়। যদি ভালকৈ কাম সিদ্ধি কৰিব পাৰা যায় সিহঁতে অলপতে পাহৰি যায়। আমাৰ দৰে নহয়।”

 শ্বেলবি বপুৰীয়ে অলপ পৰ ভাবি ক’লে—“বাৰু তুমি এতিয়া যোৱা গধূলিকৈ আহিবা। মোৰ গৃহিণীয়ে সৈতে পৰামৰ্শ কৰি ভাবি চিন্তি এটা কম।” এই কথা শুনি বেপাৰীয়ে অভিবাদন জনাই গুছি গ’ল।

 মিষ্টৰ শ্বেলবী মানুহটী ভাল। মৰমীয়াল আৰু আন আন গোলামৰ অধিকাৰীৰ দৰে হৃদয়হীন নাছিল। তেওঁৰ “জমিদাৰীত” গোলামবিলাকৰ কোনো কষ্টয়েই নাছিল। তেওঁ কাৰবাৰত অলপ হাত খোলা মানুহ আছিল। কোনো কোনো মানুহৰ পৰা টকা ধাৰ কৰাৰ বাবে তেওঁৰ প্ৰাপ্তিস্বীকাৰৰ কাকতবোৰ এই হেলিৰ হাতত পৰিছিল গৈ।