সমললৈ যাওক

তৰা ফুল

ৱিকিউৎসৰ পৰা
[  ]

তৰা
ফুল

এমুঠি নিৰ্বাচিত গীত

কেশৱ বৰা

[  ]
 

তৰা ফুল
এমুঠি নিৰ্বাচিত গীত

 

কেশৱ বৰা

 

আলিবাট
পাণবজাৰ, গুৱাহাটী

 

[  ]
 

তৰা ফুল

এমুঠি নিৰ্বাচিত গীতৰ সংকলন
গীতিকাৰ ⵓ কেশৱ বৰা
প্ৰকাশক ⵓ আলিবাট, পাণবজাৰ, গুৱাহাটী-১
প্ৰকাশ কাল ⵓ ২৪ জানুৱাৰী, ২০১০
গ্ৰন্থস্বত্ত্ব ⵓ কেশৱ বৰা, প্ৰচ্ছদ ⵓ ভাস্কৰজ্যোতি গগৈ
মূল্য ⵓ ৩৫.০০ টকা।
শব্দ গ্ৰন্থন ⵓ ৰামধেনু প্ৰকাশন
মুদ্ৰক ⵓ অৰিন্দম অফছেট এণ্ড ইমেইজিং চিষ্টেমচ্, ৰাজগড়, গুৱাহাটী


Tora Phul
A collection of selected lyrics in Assamese Composed by Keshab Bora and published by Aalibat, Panbazar, Guwahati-1.

[  ]
 

 অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত কেশৱ বৰাৰ নাম কিদৰে স্মৰণ কৰা হ’ব, তাৰ প্ৰতি আমি ওৱাকিবহাল নহয়— মাথোঁ লোকজীৱনৰ মেটমৰা পেৰাটোৰ ঐশ্বৰ্যশালী মণি-মুকুতাবোৰৰ থুন্‌পা‌কে তেওঁৰ গীতৰ ৰহণ চৰাইছে আৰু অসমীয়া গীতি-সাহিত্যৰ বাবে ইয়েই আটাইতকৈ উজ্জ্বলতম, চহকী উপাদান। সেয়াই আমাৰ পৰম প্ৰাপ্তি আৰু পৰিতৃপ্তি। এই কথা ন-দি ক’ব পাৰি যে গীতকেইটিয়ে প্ৰান্তীয় জীৱনৰ অনুপম আকৰ বুটলি অসমীয়া গীতি-সাহিত্যৰ ভঁৰালটো ঋদ্ধ কৰিছে।

 লক্ষ্মীনাথ বেজবৰুৱাতে সূচনা হৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জোনাকী বাটেৰে বাট বুলি পৰৱৰ্তী পৰ্যায়ত কেশৱ মহন্ত, নৱকান্ত বৰুৱালৈকে যি এক সংস্কৃত গীতিশৈলী গীতিকাৰসকলে অৱলম্বন কৰিছে, তাৰেই পৰম্পৰাৰ বাহক এই গীতকেইটি। কেশৱ বৰাৰ নিৰ্বাচিত গীতকেইটিৰ মাজত টল্‌বলাই থকা সুৰ কোনোবা সুৰ-সাধকে কণ্ঠেৰে তুলি ধৰিব বুলি আমি আশা কৰিলে আৰু তাৰেই হেঁপাহেৰে তৰা ফুল’ পাঠকৰ হাতত তুলি দিলো।

প্ৰকাশক

[  ] সূচী

অ’ তোৰ হিয়ালি-জিয়ালি হিয়া/১
নিয়ৰে ক’লেহি আহি/২
বহুতৰে থকাৰ দৰে/৩
কজলা মেঘৰ এই বৰষুণৰ/৪
গোপনে গান গাই গাই/৫
পলে পলে/৬
এই জীৱন মহিমাময়/৭
ইমান সুৰীয়া তোমাৰ মাত/৮
গধূলি আকাশৰ/৯
ৰাঙলী বেলিৰ সেন্দুৰী আভাই/১০
জীৱন এক মহোৎসৱ/১১
ভগা সপোন সাবটি/১২
তোৰ ঘৰ পোৰা দেখি/১৩
বৰষা মুখৰ এই আবেলি/১৪
এই বিহুৰে বতৰত/১৫
মোৰ চোতালৰ/১৬

   

কত কথা আছে/১৭
তিৰবিৰ দুচকুৰ মুকুতা মেলি/১৮
মায়াসনা সপোনৰ কুঁৱলীৰে ভৰা/১৯
বৰষুণ বৰষুণ বৰষুণ/২০
সুৰৰ কজলা নৈ/২১
দুখৰ কোলাতে/22
পৰ্বতৰ ঢেকীয়া/২৩
জীৱনেতো দিয়াৰ কথা/২৪
দুদিনীয়া আলহী/২৫
চৌদিশ সুশোভন/২৬
কওঁ কওঁ বুলি ভাবিহে থাকোঁ/২৭
শাৰদী সন্ধিয়া জোনাই আহি/২৮
ৰাতি চৰা চৰাই এটি/২৯
মোৰ দুখ কাক ক’ম/৩০
জাৰণিত ফুলিলে/৩১
কিযে তোমাৰ মিঠা সোঁৱৰণ/৩২

[  ] (জ্যোতি তৰ্পণ)

অ’ তোৰ হিয়ালি-জিয়ালি হিয়া
এটুপি তপত চকুলো পিয়া
আমাৰ তেজত উঠক বাজি
সপোনৰ মাত মৌপিয়া।

নিয়ৰৰ গান শুনি ৰুণুক-জনুক
নিমাতিৰ মাত ফুটে থানাক-থুনুক
চোতালৰ দূবৰিয়ে পোহৰলে’ মূৰ তোলে
সাতোৰঙী ৰামধেনুখনি দিয়া।

অ’ তোৰ কাৰেঙৰ বাটচ’ৰা
আকাশৰ তৰা আনি তাতে
সানি দিলি সোণ হালধীয়া
আজি নতুন বা লাগি
চকুত উঠিছে ভাহি
এচমকা ৰং সেউজীয়া॥•

[  ]

নিয়ৰে ক’লেহি আহি
গালে-মুখে সানি হাঁহি
শুনিছানে আহিনৰ বাঁহী
শুকুলা ৰথত উঠি
ডাকোৱালে আনে চিঠি
সেমেকাই শেৱালিৰ পাহি।

এখোজ দুখোজকৈ
তুমিও সোমাই আহি
মনৰ পোহৰ হ’লাহি
দূৰণিৰ চাপৰিৰ
কঁহুৱাত কঁপনি তুলি
গুপুত কথাটি ক’লাহি।

উলাহেও ঢৌ খেলি
বান্ধোন দিলেহি খুলি
নচুৱাই এটি বালিমাহী
পয়োভৰা বৰষাৰ
আভৰণ আঁতৰাই
হ’লা তুমি তেনেই লাহি॥

[  ]

বহুতৰে থকাৰ দৰে
মোৰো এটা গান আছে
জোনাকত জিলমিল কৰা
মাটিত খোপনি পুতি
আকাশলৈ হাত মেলি
হেঙুলীয়া পৰশিব পৰা।

মোৰ গানৰ আছে
ডেউকা দুখন
বাধা পাৰ হ’ব পৰা
জীপাল মনৰ
বৰণীয়া সুৰ তুলি
গাঁথা মালা মনোহৰা।

জুইৰ আঙনি দেখি
মোৰ গানৰ চৰাই
মন তোৰ কিয় মৰা
নতুনৰ সাজ পিন্ধি
কালিলৈ ফুলিব কলি
সপোনেৰে বুকুখন ভৰা॥•

[  ]

কজলা মেঘৰ এই বৰষুণৰ ৰাতিৰ কথা
গোটেই জীৱন নেপাহৰোঁ
ৰূপোৱালী চুলি মেলি মায়া ছটিয়াই দিয়া
তুমি কোন কুহকিনী বাৰু।

ক’লা সাজ খুলি এখুজি দুখুজিকৈ
তৰাবোৰো আহিছিল
মোৰ কোঠালৈ সোমাই
পাহৰা গানবোৰে মিচিক্‌-মাচাক্‌কৈ
সোঁৱৰণি নাও বায়
উঠিছিল গুণগুণাই।

বৰষুণে নিচুকায় দুখৰ কেঁচুৱা মোৰ
মচি দিয়ে চকুলোৰ গাৰু
অমল প্ৰেমৰ কথা এই পৃথিৱীৰ
কেনেকৈ পাহৰিব পাৰোঁ।•

[ ১০ ]

গোপনে গান গাই গাই
কোমল সৰব মলয়াই
নিবিড় কৰিলে নিশাটি মোৰ
উদং দুখৰ কোলাত
জোনাক জিলিকি আছে
বজায় মাটিৰ সুৱদি সুৰ।

তেজাল তেজৰ চাকিটি জ্বলে
মাটিৰ চাকিটি হৈ
হেঁপাহ ফুলৰ পাহিবোৰ ফুলে
এপাহ দুপাহকৈ।

নিজান পথাৰেও
বুকুখন মেলি
সাবটে শিয়াবোৰ
তুমি গান গালে
জুৰ বা বলে
আন্ধাৰো হয় দূৰ।•

[ ১১ ]

পলে পলে
অকলে
ঘনে ঘনে
গোপনে
সাজিছে সাঁকো
সপোনে।
কুঁৱলীয়ে
মেলি দিয়ে
ধূসৰ দুহাত
মায়া লাগি
ছয়া-ময়া
আকাশৰ  জীৱনৰ বাট।
সাঁথৰে
আমাকো আবৰে
অসীমৰ
সীমনাই
সবাকো সামৰে।
উজাগৰ
অভিসাৰ
সময়ৰ আছেনে
কেতিয়াবা
কোনোবাই
সোঁৱৰাই দিবনে?•

[ ১২ ]

এই জীৱন মহিমাময়
নিছিগা ধাৰেৰে বয়
নিৰৱধি আকুল তৃষাৰ
নিৰাশাত নাযায় নুমি
জ্বলি উঠে সাহ চুমি
পৰশত হেঙুলী উষাৰ।

যদিও ইয়াত আছে
ধুঁৱলি–কুঁৱলি বিম্ব
নিঃশেষ হোৱা গৰিমাৰ
জানো তাত আছে মাথোঁ
ভগ্ন অলেখ প্ৰতিবিম্ব
কম্পিত এটি লহমাৰ।

তোমাৰ প্ৰেমত অন্ধ
আমি হয়তো কবন্ধ
পুৰাতন অজলা আশাৰ
তথাপিও তুমি কিয়
আমাৰ অতিকে প্ৰিয়
ক্ষণিকৰ জীৱন দশাৰ।•

[ ১৩ ]

ইমান সুৰীয়া  তোমাৰ মাত
 প্ৰভাতী পখীৰ দৰে
ইমান আপোন  তুমি মোৰ কোন
 বুকুৱে সাবটি ধৰে।

হেঙুলী ঊষাৰ  প্ৰথম কিৰণ
 তোমাৰ শিৰত পৰে।
তোমাৰ চৰণ পখালি নদীয়ে
 জীৱন ধন্য কৰে।

শ্যামলী তুমি  আই অনুপমা
 বিৰিখে ঋতু আদৰে
ৰূপালী চাদৰ   তোমাক পিন্ধাই
 শৰীৰত সুধাকৰে।

মাটিৰ সৰগ  তুমি মোৰ আই
 এনুৱা তীৰ্থ ক’তো যে নাই
কত শতজনে  তেজৰ ফুলেৰে
 তোমাক প্ৰণাম কৰে।•

[ ১৪ ]

গধূলি আকাশৰ
পদুলিত সৰিছে
সপোনবুলীয়া ফুল
হেঙুলী ধূলি
দেহাতে সাবটি
কিয়নো কৰিছা ভুল।

ৰামধেনু কিয়
আঁকিব খুজিছা
পালতৰা নাও নাই
আকাশ হ’ব
খুজিছা কিয়
বুকুত হ’বনে ঠাই?

তৰাৰ পোহৰ
বহুত দূৰৰ
অচিনা দেশৰে গান
এটি দুটিকে
জোনাকী পৰুৱা
পাৰিলে ভাঙিলৈ মান।•

[ ১৫ ]

ৰাঙলী বেলিৰ  সেন্দুৰী আভাই
 প্ৰথম পৰশ
 যেতিয়া যাচে
তুমি অহাৰ  বাতৰি বিলাই
 মুকুতি পখীয়ে
 তেতিয়া নাচে
 কিহেৰে আদৰোঁ তোমাক।

তুমি আহিলে  মৰহা ফুলে
 ওলগ জনায়
তুমি আহিলে  শুকান ওঁঠত ফুটে
 গীতৰ শৰাই
তেজেৰে ঘামেৰে আদৰোঁ তোমাক।

অহাৰ বাটত  দলিচা পাৰিছোঁ
 তেজে তুমৰলি
 প্ৰণামী ফুল
সাগৰ তলিৰ  শঙ্খ ফুকিছোঁ
 জানো তুমি কৰা
 নাই বাট ভুল
সাহেৰে ত্যাগেৰে আদৰোঁ তোমাক।•

[ ১৬ ]

জীৱন এক মহোৎসৱ
বহু প্ৰতীক্ষাৰ শেষত
কাল সংক্ৰান্তিত হোৱা

জীৱন এক ৰক্তাভ মণি
আত্মত্যাগেৰে গঢ়া
প্ৰবাল দ্বীপত পোৱা।

জীৱন এক উচ্ছল নদী
মধুছন্দা নিৰৱধি
মহাসাগৰলৈ বোৱা
জীৱন এক মহাসঙ্গীত
মৰণ আলিঙ্গন নেওচি
সময় বাঁহীত গোৱা।

জীৱন এক অমল প্ৰতিজ্ঞা
কেঁচা ঘামেৰে জীপাল
মানুহক ভালপোৱা

জীৱন বুটাবচা ৰেচমি চাদৰ
পোৱা আৰু নোপোৱাৰ।
দীঘ আৰু বাণিৰে বোৱা।•

[ ১৭ ]

ভগা সপোন সাবটি
বিষাদৰ বিছনাত
অকলে আছিলোঁ মই শুই
নিয়ৰে ক’লেহি আহি
শেষ নিশা বায় বাঁহী
উঠা, চোতালত জোনাকৰ জুই।

সেমেকা দূবৰিডৰা
দেখিলোঁ তৰাৰে ভৰা
আশাভৰা আহিনৰ ভূঁই
মায়াবী কুঁৱলী হাতে
পোহৰৰ মেলা পাতে
শেৱালীৰে কঠীয়া ৰুই।

কোমল জোনাকে আহি
ক’লেহি গোপনে হাঁহি
দিয়াচোন বুকু মেলি
সকলো বেদনা নিও ধুই।

[ ১৮ ]

তোৰ ঘৰ পোৰা দেখি
জ্বলে মোৰ শুকান বুকু
মোৰ দুখ দেখা পায়
তিতে তোৰ কৰুণ চকু
ভনীটি অ’ ককাই
নুবুজিলে মোক তই
বুজোঁতা কেও যে নাই।

সাৰুৱা পথাৰ তোৰ
যদি থাকে চনে পৰি
হতাশাৰ কেঞাবন
গজে মোৰ চোতাল ভৰি
ভনীটি অ’ ককাই
নুবুজিলে মোক তই
বুজোঁতা কেও যে নাই।

তাঁতখন বওঁতে তোৰ
যদি কেণা লাগে তাত
কি সতে পিন্ধোঁ সাজ
ৰ’দে পোৰা মোৰ গাত
ভনীটি অ’ ককাই
নুবুজিলে মোক তই
বুজোঁতা কেও যে নাই।•

[ ১৯ ]

বৰষা মুখৰ এই আবেলি
বন্ধন তুমি কিয় দিলা খুলি
চপল মেঘে আদৰিলে আহি
মায়াবিনী পাখি মেলি।

কোমল সেউজ শইচ ভূমি
বলয় ৰেখাই আছে চুমি
এবাটি তাৰে সতেজ ৰং
দুচকুত দিলে ঢালি।

পথাৰে আকাশে গগণা বাজি
জিলিকি উঠিছে কোমল হাঁহি
কদম ফুলৰ সঁফুৰা খুলি
মেলি দিলা কিয় সুগন্ধি চুলি।•

[ ২০ ]

এই বিহুৰে বতৰত
তোৰ ছবিখন বেজাৰত
নাচি নাচি ভাহে মোৰ
দুচকুৰ দাপোণত
চেনাই মোৰ ঐ
কুশলে আছনে তই।

এইবাৰ বিহুতে তই
নিম বুলিছিলি মোক
ৰিঙা ৰিঙা বিহুতলী
নেদেখিলে তাত তোক
দুৰু দুৰু কঁপে মন
তোৰ কিজানি আহৰি নাই।

মিলন শতৰু ভোকে
নিলগালে তোকে মোকে
পুৰণি সেইখন ৰণ
জিনাৰ কৰিছিলি পণ
চেনাই মোৰে ঐ
তোৰ একো যে বতৰা নাই।•

[ ২১ ]

মোৰ চোতালৰ
সৰাপাত সাৰিলে
কোনে
পলাশ বনত
জুই ফুলাই
এই ফাগুনে
এই ফাগুনে।
পাটগাভৰুৰ
চিত্ উৰুৱাই
জোকাই সঘনে।
পেঁপাৰ মাতে
কেঁচা শৰীৰ
কঁপাই গোপনে।
শুকান দেহা
চিকুণ কৰে
সেউজ বৰণে
চেনাইৰ খোপা
শোভন কৰে
ফুলৰ মৰমে
পলাশ বনত
জুই ফুলাই
এই ফাগুনে
এই ফাগুনে।

[ ২২ ]

কত কথা আছে
তোমাক ক’বলে’
এতিয়া আহৰি নাই
পুৱাৰ নিয়ৰে
জুনুকা বজালে
লগন উকলি যায়।

জোনালী নিশাই
বেথাভৰা সুৰে
যেতিয়া ৰিঙিয়াই
বাট বহুদূৰ
আছে বুলি কয়
ঊষাৰ উমাল চুমাই।

পৃথিৱী তোমাৰ
নিশাৰ মমতাত
পাষাণেও প্ৰাণ পায়।
কত সপোনক
পোখা মেলোঁতেই
জনোৱা দেখোঁ বিদায়।

[ ২৩ ]

তিৰ্‌বিৰ্‌ দুচকুৰ মুকুতা মেলি
বকুলৰ সুৰভিকে দিওঁ বুলি
তোমাৰ শিথিল কবৰী খুলি
মেলি দিলা কিয় মেঘালী চুলি
নিৰিবিলি এই গধূলি।

ৰিবৰিব্‌ কোমল মলয়াই
কজলা আঁচল উৰুৱাই
জিল্‌মিল্‌ পাখি মেলি
ফুলৰ পাখিতে আছা দুলি
নিৰিবিলি এই গধূলি।

জিৰ্‌ জিৰ্‌ জিৰ্‌ সুৰ সৰি
মোৰ চোতাল পৰিছে ভৰি
উলাহতে হালিজালি
হিয়ায়ো পাতিছে আঁজলি
নিৰিবিলি এই গধূলি।

[ ২৪ ]

মায়াসনা সপোনৰ কুঁৱলীৰে ভৰা
সুদূৰত জ্বলি থকা অচিনাকি তৰা
জোনাকত আকুল প্ৰিয়া ৰজনীগন্ধা
সপোন সাঁকোৰে কাৰ ভীৰু খোজকঢ়া
নোখুলিবা হেৰা সখী সুবাসী সঁফুৰা।

দুৱাৰত শুনি কাৰ মৃদু কৰাঘাত
আকাশ চুবলে মেলোঁ দুখৰ দুহাত
আঙুলি ফাঁকেৰে দেখোঁ পাৰ হৈ যায়
শীৰ্ণ ৰূপালী নৈ আকাশী গঙ্গা
উষৰ প্ৰাণত ঢালি প্ৰেমৰ বতৰা।

তুমি জানা, ময়ো জানো, সকলোৱে জানে
তথাপিও ঠুনুকা প্ৰতিমা সাজি
আধৰুৱা সপোনৰ কত ৰং সানে
ৰাগিলগা ব’ৰাগীৰ ভীৰু খোজকঢ়া
বাসনাৰ বোজা বৈ আপোন পাহৰা।

[ ২৫ ]

বৰষুণ বৰষুণ বৰষুণ
ডাৱৰৰ চকুপানী বৰষুণ
সাগৰৰ হুমুনিয়াহ বৰষুণ
আকাশ উথলি উঠা বৰষুণ
তই কাৰ হিয়াভৰা কান্দোন।
বৰষুণ বৰষুণ বৰষুণ
পথাৰৰ প্ৰাণপ্ৰিয়া বৰষুণ
মৰুভূৰ প্ৰহৰী বৰষুণ
শইচ সেউজ কৰা বৰষুণ
তই মোৰ ইমান আপোন।

বৰষুণ বৰষুণ বৰষুণ
নিশা মাতাল কৰা বৰষুণ
ময়ূৰীৰ হিয়া মথা বৰষুণ
ৰূপোৱালী ৰহঘৰা বৰষুণ
ধাৰাসাৰে আকৌ আহচোন।

[ ২৬ ]

সুৰৰ কজলা নৈ
যায় বৈ অজানা লৈ
পিচলি পৰিলে নাচোনৰ ঢৌ
জীৱনৰ সুৰ আলাপ বিভোৰ
বুকুতে জিলিকে ফুলৰ পানচৈ।

নিৰ্জনতা থাকে সাৰে তাত
জাগৰ বিহ্বল জল
তৃষ্ণা মোৰ হোৱা নাই পূৰ
কথকতা প্ৰাচীন কালৰ
যা বৈ থৌকি বাথৌকৈ।

দিক্চৌ‌ কালতে নিজান বনত
কুঁহিয়ে মেলিলে চিকুণ পাহি
আঙুলি পাবত কাল গণি গণি
আদিম আন্ধাৰে উঠিল হাঁহি
সপোন সদায় শিতানত নেথাকে ৰৈ।

[ ২৭ ]

দুখৰ কোলাতে
ওমলি আছিলোঁ
গোপনে ভাবিলোঁ
কিনো হেৰুৱালোঁ
আকাশৰ পিনে চাই।

ক’ৰ পৰা আহি
এজনী চৰাই
গান জুৰিলেহি
বতাহ কঁপাই
সুৱদি সুৰ বিলাই।

বুকুত লাগিল
উখল মাখল
কত হেঁপাহৰ
মিঠা কোলাহল
একোৱে হেৰুৱা নাই।

মনৰে পদূলি
উদুলি মুদুলি
আহিলা যে তুমি
উৰুৱাই ধূলি
গৰমীয়া পেঁপা বায়।

[ ৩৯ ]

তৰা
ফুল

এমুঠি নিৰ্বাচিত গীত

মূল্য: ৩৫.০০ টকা

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।