পৃষ্ঠা:তৰা ফুল.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কজলা মেঘৰ এই বৰষুণৰ ৰাতিৰ কথা
গোটেই জীৱন নেপাহৰোঁ
ৰূপোৱালী চুলি মেলি মায়া ছটিয়াই দিয়া
তুমি কোন কুহকিনী বাৰু।

ক’লা সাজ খুলি এখুজি দুখুজিকৈ
তৰাবোৰো আহিছিল
মোৰ কোঠালৈ সোমাই
পাহৰা গানবোৰে মিচিক্‌-মাচাক্‌কৈ
সোঁৱৰণি নাও বায়
উঠিছিল গুণগুণাই।

বৰষুণে নিচুকায় দুখৰ কেঁচুৱা মোৰ
মচি দিয়ে চকুলোৰ গাৰু
অমল প্ৰেমৰ কথা এই পৃথিৱীৰ
কেনেকৈ পাহৰিব পাৰোঁ।•

- ৪ -