সমললৈ যাওক

পৃষ্ঠা:তৰা ফুল.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাঙলী বেলিৰ  সেন্দুৰী আভাই
 প্ৰথম পৰশ
 যেতিয়া যাচে
তুমি অহাৰ  বাতৰি বিলাই
 মুকুতি পখীয়ে
 তেতিয়া নাচে
 কিহেৰে আদৰোঁ তোমাক।

তুমি আহিলে  মৰহা ফুলে
 ওলগ জনায়
তুমি আহিলে  শুকান ওঁঠত ফুটে
 গীতৰ শৰাই
তেজেৰে ঘামেৰে আদৰোঁ তোমাক।

অহাৰ বাটত  দলিচা পাৰিছোঁ
 তেজে তুমৰলি
 প্ৰণামী ফুল
সাগৰ তলিৰ  শঙ্খ ফুকিছোঁ
 জানো তুমি কৰা
 নাই বাট ভুল
সাহেৰে ত্যাগেৰে আদৰোঁ তোমাক।•

- ১০ -