পৃষ্ঠা:তৰা ফুল.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুখৰ কোলাতে
ওমলি আছিলোঁ
গোপনে ভাবিলোঁ
কিনো হেৰুৱালোঁ
আকাশৰ পিনে চাই।

ক’ৰ পৰা আহি
এজনী চৰাই
গান জুৰিলেহি
বতাহ কঁপাই
সুৱদি সুৰ বিলাই।

বুকুত লাগিল
উখল মাখল
কত হেঁপাহৰ
মিঠা কোলাহল
একোৱে হেৰুৱা নাই।

মনৰে পদূলি
উদুলি মুদুলি
আহিলা যে তুমি
উৰুৱাই ধূলি
গৰমীয়া পেঁপা বায়।

- ২২ -