পৃষ্ঠা:তৰা ফুল.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত কেশৱ বৰাৰ নাম কিদৰে স্মৰণ কৰা হ’ব, তাৰ প্ৰতি আমি ওৱাকিবহাল নহয়— মাথোঁ লোকজীৱনৰ মেটমৰা পেৰাটোৰ ঐশ্বৰ্যশালী মণি-মুকুতাবোৰৰ থুন্‌পা‌কে তেওঁৰ গীতৰ ৰহণ চৰাইছে আৰু অসমীয়া গীতি-সাহিত্যৰ বাবে ইয়েই আটাইতকৈ উজ্জ্বলতম, চহকী উপাদান। সেয়াই আমাৰ পৰম প্ৰাপ্তি আৰু পৰিতৃপ্তি। এই কথা ন-দি ক’ব পাৰি যে গীতকেইটিয়ে প্ৰান্তীয় জীৱনৰ অনুপম আকৰ বুটলি অসমীয়া গীতি-সাহিত্যৰ ভঁৰালটো ঋদ্ধ কৰিছে।

 লক্ষ্মীনাথ বেজবৰুৱাতে সূচনা হৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জোনাকী বাটেৰে বাট বুলি পৰৱৰ্তী পৰ্যায়ত কেশৱ মহন্ত, নৱকান্ত বৰুৱালৈকে যি এক সংস্কৃত গীতিশৈলী গীতিকাৰসকলে অৱলম্বন কৰিছে, তাৰেই পৰম্পৰাৰ বাহক এই গীতকেইটি। কেশৱ বৰাৰ নিৰ্বাচিত গীতকেইটিৰ মাজত টল্‌বলাই থকা সুৰ কোনোবা সুৰ-সাধকে কণ্ঠেৰে তুলি ধৰিব বুলি আমি আশা কৰিলে আৰু তাৰেই হেঁপাহেৰে তৰা ফুল’ পাঠকৰ হাতত তুলি দিলো।

প্ৰকাশক